বকোৰ আন্ধেৰিটাৰী বালিকা প্রাথমিক বিদ্যালয়ত গুণোৎসৱ সম্পন্নঃ ছাত্ৰ – ছাত্ৰীৰ মাজত বৌদ্ধিক জ্ঞানৰ পৰীক্ষা
বকোঃ কামৰূপ জিলাৰ বকো শিক্ষা খণ্ডৰ অধীনস্থ উত্তৰ বনগাঁও সমল কেন্দ্রৰ অন্তর্গত আন্ধেৰিটাৰী বালিকা প্রাথমিক বিদ্যালয়ত চলিছে গুণোৎসৱ। এই বেলি পঞ্চম পৰ্বৰ গুণোৎসৱৰ প্রথম পর্যায়ৰ আজি দ্বিতীয় দিনাৰ বহিঃমূল্যায়ন সুকলমে সম্পন্ন হয়। উল্লেখ্য যে আন্ধেৰিটাৰী বালিকা প্ৰাথমিক বিদ্যালয়ত গুণোৎসৱ উপলক্ষে কলেজ অব এডুকেশ্বন, বকোৰ প্রবক্তা ডিম্পী দাসে বহিঃমূল্যায়ক হিচাপে আজি পুৱা ৮.৩০ বজাত বিদ্যালয় প্রাংগনত উপস্থিত হয়। প্ৰাথমিক বিদ্যালয় খনৰ প্রধান শিক্ষক পৱিত্র কৈৱর্ত্তই জনোৱা মতে বহিঃমূল্যায়ক গৰাকীক বিদ্যালয় খনৰ সহকাৰী শিক্ষয়িত্রীবৃন্দ ক্রমে বিজুমণি পাঠক, নমিতা দাস, মামণি কলিতা, জুতিকা
কুমাৰী আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আজিত আলী তথা অন্যান্য সদস্যবৃন্দ, ৰান্ধনীত্রয় চালেহা বিবি, জয়মা বিবি, উচিৰা বিবি তথা ছাত্র-ছাত্রীবৃন্দই স্বাগতম জনায়। ইফালে বিদ্যালয়ৰ গেটত ফিটা কটাৰ পিছতে বিহুৱান, কিতাপ-কলমেৰে অনুষ্ঠানখনলৈ আদৰণি জনায়। প্রাতঃসভাৰ পিছত প্রশ্ন-কাকত আৰু অ এম আৰৰ টোপোলা খুলি প্ৰতিটো শ্রেণী কক্ষত দিয়াৰ পিছতে ৩ জানুৱাৰী, ২০২৪ ইং চন তাৰিখে বিদ্যালয়ে অনুষ্ঠিত কৰা স্ব-মূল্যায়নৰ পঠনৰো খতিয়ান পুংখানুপুংখকৈ চাই নম্বৰ প্ৰদান কৰে। লগতে সাংখ্যিক আৰু লিখন দক্ষতাও পৰীক্ষা কৰে। গুণোৎসৱ উপলক্ষে বিদ্যালয়ৰ আজিৰ এই অনুষ্ঠানত অভিভাৱক সমন্বিতে
অৱসৰপ্ৰাপ্ত শিক্ষক গিয়াছউদ্দিন আহমেদ আৰু চফিকুৰ ৰহমান, এইখন বিদ্যালয়ৰ পৰা অৱসৰ লোৱা শিক্ষক জাভেদ আলী, পৰিচালনা সমিতিৰ উপ-সভানেত্রী হাজিৰা বিবি, সদস্য ক্ৰমে নুৰুদ্দিন আলী, মজিনা বিবি, জাহানাৰা বিবি, মমতা বিবি, নুৰ জাহান বিবি, ৰহিমা বেগম, অভিভাৱক মজিবৰ ৰহমান, উমেদ আলী আদিয়ে সহযোগ কৰে।