ashomiyapatrika.com

১৯২৩ নং পশ্চিম ডিমাপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীক প্ৰহাৰ উদণ্ড যুৱকৰঃ দৃষ্টান্ত মূলক শাস্তিৰ দাবী শিক্ষক সন্থাৰ

0 25

গুৱাহাটীঃ ৰাজ্যত গুণোৎসৱ চলি থকা সময়ত যোৱা কালি বৰপেটা জিলাৰ ৰূপশী শিক্ষাখণ্ডৰ অন্তৰ্গত ১৯২৩ নং পশ্চিম ডিমাপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী নিতুমণি নাথক এজন উদণ্ড যুৱকে শাৰীৰিক ভাৱে আক্ৰমণ কৰা ঘটনাই শিক্ষক সমাজৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঘৰৰ পৰা দূৰ-দুৰণিত থাকি শিক্ষকতা কৰা শিক্ষক- শিক্ষয়িত্ৰী সকলৰ এতিয়া নিৰাপত্তা নোহোৱা হৈছে৷ বিশেষকৈ বৰপেটা, ধুবুৰী, মানকাচাৰ, হোজাই, নগাওঁ আদি জিলাৰ সখ্যালঘু প্ৰধান এলেকাত যি সকল প্ৰধান শিক্ষকৰ দ্বায়িত্বত আছে তেওঁলোক প্ৰায়ে মাজে সময়ে স্থানীয় একাংশ ভণ্ড লোকৰ ভয় ভাবুকিৰ সন্মুখীন হৈ আহিব লগা হৈছে৷ বিদ্যালয়ত

কৰ্মৰত অৱস্থাত প্ৰধান শিক্ষয়িত্ৰী গৰাকীক নিজ বিদ্যালয়ৰ চৌহদতে বিদ্যালয় খনৰ কাষৰে চৰহাব আলিৰ পুত্ৰ আতিকুৰ ৰহমান নামৰ উদণ্ড যুৱকজনে যাবৰ পলোৱাক লৈ সামন্য কথাতে বেয়াকৈ মাৰধৰ কৰা কাৰ্যক সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাই তীব্ৰ গৰিহণা দিছে। সমাজৰ বাবে অতি লজ্জাজনক ঘটনা সংঘটিত কৰা আতিকুৰ ৰহমান নামৰ ভণ্ড যুৱক জনক অতি সোনকালে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি বিহিবলৈ সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ মুখপাত্ৰ নিৰ্ম্মল কুমাৰ গোৱালা আৰু সভাপতি মহন সিং ক্ৰ’ই দাবী জনাইছে। আনহাতে দোষীক একসপ্তাহৰ ভিতৰত কৰায়ত্ব কৰি জেল

হাজোতলৈ প্ৰেৰণ নকৰিলে বৰপেটা জিলা প্ৰাথমিক শিক্ষক সন্থাৰ সহযোগত তীব্ৰ অন্দোলন গঢ়ি তোলা হ’ব বুলি সন্থাৰ কেন্দ্ৰীয় সদস্য ভাস্কৰ ভাগৱতীয়ে স্পষ্ট কৰি দিছে৷ লগতে বহিঃজিলাত কৰ্মৰত প্ৰতিগৰাকী শিক্ষয়িত্ৰীক পোনপটীয়াভাৱে স্ব -জিলালৈ বদলিকৰণ কৰাৰো দাবী কৰে সন্থাৰ নেতা গৰাকীয়ে৷

Leave A Reply

Your email address will not be published.