ashomiyapatrika.com

সদ্য অৱসৰী শিক্ষকক পেঞ্চনৰ আনুস্থানিক মঞ্জুৰী পত্ৰ প্ৰদান জিলা শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াৰ

0 30

বকোঃ মানৱ সম্পদ গঢ়াৰ দায়িত্ব সামৰি আনুস্থানিক অৱসৰ গ্ৰহণ কৰা কামৰূপ জিলাৰ ২১ গৰাকী শিক্ষকক পেঞ্চনৰ সা – সুবিধাকে ধৰি অন্যান্য সুবিধাৰ মঞ্জুৰী পত্ৰ প্ৰদান কৰে জিলা শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াই। আজি এই কথা এক প্ৰেছ বিবৃতি যোগে প্ৰকাশ কৰে সদ্য অৱসৰী শিক্ষক নিশি কান্ত দাসে। উল্লেখ্য যে বকোৰ হাহিম হাইস্কুলৰ বিষয় শিক্ষক নিশি কান্ত দাসে এক বিবৃতি যোগে জানিব দিয়ে যে নৱ বৰ্ষৰ প্ৰথম দিনা তথা জানুৱাৰী মাহৰ পহিলা দিনটোত অৱসৰ গ্ৰহণ কৰা শিক্ষক নিশি কান্ত দাস, শুৱালকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ধৃতিশ্ৰী দেৱী আৰু বিভা বৰ্মণ মৰল, গৰৈমাৰী আঞ্চলিক ছোৱালী হাইস্কুলৰ ৰফিকুল ইছলাম,

ডুমমণীচকী হাইস্কুলৰ হেৰম্ব প্ৰসাদ চৌধুৰী, অৰ্জুনদেৱ হাইস্কুলৰ মীৰা ডেকা আৰু বক্কৰ আলী, ৰাংগাপানী হাইস্কুলৰ চাইদুৰ ৰহমান মজুমদাৰ, মালাৰা ইচলাম পুৰ হাইস্কুলৰ ৰীণা বৰুৱা ; ৰৌমাৰী কিছমৎ আঞ্চলিক হাইস্কুলৰ ইছলাম আলী ; ননৰা হাইস্কুলৰ গজেন্দ্ৰ নাথ কলিতা ; কৃষ্ণদেৱ হাইস্কুল দিহিনাৰ বিশ্ব গোস্বামী ; সত্ৰাপাৰা আইডিয়েল হাইস্কুলৰ ধৰণীধৰ নাথ ; ৰামদিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নীলাক্ষী বৰা ; সমাজ কল্যাণ মধ্য ইংৰাজী বিদ্যালয়ৰ মুনীন্দ্ৰ কলিতা ; উদিয়ানা এম ই স্কুলৰ উত্তৰা ডেকা ; দহাজটিয়া আঞ্চলিক এম ই স্কুলৰ ৰত্নেশ্বৰ মজুমদাৰ ; গুইমাৰা মজলীয়া বিদ্যালয়ৰ সুৰেণ চন্দ্ৰ কলিতা ; বঙৰা পচনীয়াপাৰা

মজলীয়া বিদ্যালয়ৰ মহাদেৱ শৰ্মা আৰু ইৰাৱতী কলিতাই অৱসৰ গ্ৰহণ কৰে। উল্লেখ্য যে ; দুদিন পূৰ্বে কামৰূপ জিলাৰ সংহত জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সভা কক্ষত জিলা শিক্ষা বিষয়া তথা জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই আত ধৰা এক মনোজ্ঞ অনুস্থানত অৱসৰী শিক্ষক সকলোক সন্মান প্ৰদান কৰে। লগতে সদ্য অৱসৰ গ্ৰহণ কৰা শিক্ষক সকলোক সমাজ জীৱনৰ প্ৰতি দায়বদ্ধতা ৰক্ষা কৰি নতুন প্ৰজন্মৰ জীৱন আলোকিত কৰা কামত ব্ৰতী হৈ থকাৰ আহ্বান জনায়। অৱসৰী শিক্ষক সকলোক চৰকাৰী সা – সুবিধা প্ৰদান কৰা সভাত অৱসৰপ্ৰাপ্ত বেংক বিষয়া ৰবীন পাঠকে ‘ভেছপা’ আচঁনিৰ বিষয়ে অৱগত কৰে আৰু আঁচনি খন

সফল কৰাত সকলোৰে সহায় সহযোগ কামনা কৰে। অনুস্থানত বিশিষ্ট শিক্ষাবিদ দয়ানন্দ পাঠক ; খগেন্দ্ৰ নাথ তালুকদাৰ ; জ্যোতি খাটনিয়াৰকে ধৰি বহু কেইজন বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰি শিক্ষক সকলোক ভৱিষ্যতে শিক্ষা দানৰ দৰে পবিত্ৰ বৃত্তিত জড়িত হৈ থকাৰ আহ্বান জনায়।

Leave A Reply

Your email address will not be published.