ashomiyapatrika.com

পুহমহীয়া শীতৰ সন্ধিয়াত অসম গ্ৰন্থমেলা, গুৱাহাটীলৈ পুথিপ্ৰেমীৰ বিপুল সঁহাৰিঃ মানৱ সভ্যতা থকালৈকে কিতাপ থাকিবঃ ডাঃ ৰণোজ পেগু

0 45

গ্ৰন্থক লৈ উদযাপিত উৎসৱ অভিনৱঃ ভিয়েটনামৰ কবি গুৱেন হাং

গুৱাহাটীঃ পুহমহীয়া শীতৰ সন্ধিয়াত আজি ষষ্ঠ দিনাও গ্ৰন্থপ্ৰেমীৰ ব্যাপক সমাৱেশ ঘটে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌভভাৱে চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলা, গুৱাহাটীত৷ সমান্তৰালভাৱে বৃদ্ধি পায় কিতাপ বিক্ৰীৰ পৰিমাণ৷ যোৱা ২৯ ডিচেম্বৰৰ পৰা আজি ৩ জানুৱাৰীলৈ ১কোটি ৩৫ লাখ টকাৰ কিতাপ বিক্ৰী হোৱা বুলি সদৰী কৰিছে অসম গ্ৰন্থমেলাৰ উদ্যোক্তাসকলে ৷ইপিনে আজি বিয়লি ৩ বজাত অসম প্ৰকাশন পৰিষদে গ্ৰন্থমেলাৰ অস্থায়ী প্ৰেক্ষাগৃহত আয়োজন কৰে যুৱ লেখকৰ সমাৰোহ “উন্মীলন” ৷ জ্যেষ্ঠ সাংবাদিক-লেখক

নৱ ঠাকুৰীয়াই আকৰ্ষণীয়ৰূপত সঞ্চালনা কৰা অনুষ্ঠানটিত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে ওড়িষাৰ বিশিষ্ট সংস্কৃত পণ্ডিত ড° সম্পদানন্দ মিশ্ৰই ৷ তেওঁ কয় যে যুৱ প্ৰজন্মক লৈ এনে অনুষ্ঠানৰ আয়োজন কৰাটো আদৰণীয় ৷ তৰুণ প্ৰজন্মৰ চিন্তা-চৰ্চাই দেশৰ সকলো ক্ষেত্ৰৰে ভৱিষ্যৎ নিৰ্ণয় কৰে ৷ গতিকে নতুন প্ৰজন্মৰ চিন্তাৰ গতিধাৰাৰ উমান লোৱাটো আৰু পাৰিলে সঠিক পথ নিৰ্দেশনা দিয়াটো অগ্ৰজসকলৰ এক সামাজিক দায়িত্ব ৷ এইক্ষেত্ৰত এনে অনুষ্ঠানবোৰৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ ৷ তেওঁ প্ৰসংগক্ৰমে সংস্কৃত ভাষাৰ বিষয়ে গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে ৷ তেওঁ কয়—“ভাৰতবৰ্ষত ১৮খন চৰকাৰী সংস্কৃত বিশ্ববিদ্যালয় আছে ৷ প্ৰত্যেক

ৰাজ্যতে চৰকাৰী সংস্কৃত মহাবিদ্যালয় আছে৷ দিব্যবাণী আন্তৰাষ্ট্ৰীয় সংস্কৃত ৰেডিঅ’ বিশ্বৰ কেবাখনো দেশত চলে৷ গতিকে সংস্কৃতক মৃতভাষা বুলি অভিহিত কৰাটো ভুল৷ সংস্কৃত এটা চিৰ প্ৰাণৱন্ত ভাষা৷ সংস্কৃত ভাষা পঠন-কথনৰ অনুশীলনে মানুহৰ মন-মগজু উন্নত কৰে৷ সু-স্বাস্থ্যৰ বাবেও সংস্কৃত ভাষা অতি প্ৰয়োজনীয়৷ সংস্কৃত এটি বিজ্ঞানসন্মত ভাষা৷’ অনুষ্ঠানটিত বিশেষ অতিথিৰূপে অংশগ্ৰহণ কৰে ভিয়েটনামৰ বিশিষ্ট কবি গুৱেন হাঙে ৷ তেওঁ কয়—“ গ্ৰন্থক কেন্দ্ৰ কৰি উদযাপিত হোৱা এই উৎসৱ অভিনৱ ৷ এনে এক বিশাল অনুষ্ঠানত নতুন লেখকসকলক এনেদৰে গুৰুত্ব প্ৰদান কৰি উৎসাহিত কৰাটো আনন্দৰ কথা ৷ নতুন প্ৰজন্মৰ চিন্তা

সদায় নতুন ৷ সেয়েহে নতুনত্বক আদৰণী জনোৱাটো এক ইতিবাচক সামাজিক বাৰ্তা৷’ প্ৰসংগক্ৰমে তেওঁ নিজৰ দেশ ভিয়েটনামৰ বিষয়ে কয় যে আমেৰিকাৰে হোৱা যুদ্ধৰ পাছত ভাঙি পৰা দেশখনে বৰ কষ্টকৈ মূৰ দাঙি উঠিছে ৷ গতিকে যুদ্ধোত্তৰ ভিয়েটনামৰ শিল্প-কলা-সাহিত্যত স্বাভাৱিকতে ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হয়৷ কলা-সাহিত্যক ভিয়েটনামৰ মানুহে বৰ সন্মান কৰে৷ ইয়াতো শিল্প-সাহিত্য-সংস্কৃতিৰ প্ৰতি মানুহৰ সমাদৰ দেখি মুগ্ধ হৈছোঁ। ‘উন্মীলন’ত অংশগ্ৰহণ কৰা যুৱ লেখকসকল হৈছে ডাঃ নয়নজ্যোতি শৰ্মা, অসীম কুমাৰ হাজৰিকা, অন্বেষা ফুকন, বিকাশ দিহিঙীয়া, সৃঞ্জনা শৰ্মা, অনিন্দিতা বাৎস্যায়ন, উৎপল ডেকা, হৰ্ষিতা হিয়া, হিমাৰাণী বৰা,

ৰাংজালী বসুমতাৰী, ৰ’দালি চেতিয়া, অন্তৰীপ কাকতি, দেৱাশ্ৰী বৰা, বৰ্ষাৰাণী বৰা,বিৰিঞ্চি মহন্ত, কৌশিকী গোস্বামী, হেমন্ত বৰা, অবিনাশ কিশোৰ মহন্ত, ছেল্‌ফমেড ৰাণী বড়ো, দ্বীপৰাজ ৷ সন্ধিয়া মূল মঞ্চত অনুষ্ঠিত হয় এলানি মনপৰশা সাংস্কৃতিক প্ৰতিযোগিতা৷
মানৱ সভ্যতা থকালৈকে কিতাপ থাকিব – ডাঃ ৰণোজ পেগুঃ অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা আৰু মাণিক আহমেদ, ড° সঞ্জীৱ কুমাৰ শৰ্মাই সম্পাদনা কৰা “মঞ্চ বিৱৰ্ত্তন” আৰু আনন্দৰাম বৰুৱা ভাষা, কলা আৰু সংস্কৃতি গৱেষণা প্ৰতিষ্ঠান”-এ প্ৰকাশ কৰা সুপ্ৰীতি ফুকন, শৰৎ কুমাৰ ফুকনৰ “দ্য হিষ্ট’ৰিকেল এটলাছ অৱ আছাম” উন্মোচন কৰে শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে ৷ তেওঁ কয় যে নাট্য ইতিহাস

আৰু শিল্প-কলাৰ বুৰঞ্জী অধ্যয়নৰ ক্ষেত্ৰত এই গ্ৰন্থ দুখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ৷ অসম গ্ৰন্থমেলা, গুৱাহাটী সাফল্যমণ্ডিত হোৱাৰ আশা প্ৰকাশ কৰি মন্ত্ৰী পেগুৱে কয়—“ ৰাজ্যখনৰ বিভিন্ন জিলাত অসম গ্ৰন্থমেলা অনুষ্ঠিত হৈছে ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ এই পদক্ষেপে ৰাজ্যখনত অধ্যয়ন সংস্কৃতি তৰান্বিত কৰিব বুলি আশা কৰিব পাৰি ৷ শৰীৰক সুস্থ-সবল কৰি ৰাখিবলৈ যিদৰে ব্যায়ামৰ প্ৰয়োজন সেইদৰে মন ভালে ৰাখিবলৈ কিতাপ পঢ়াৰ প্ৰয়োজন ৷ গ্ৰন্থ পঠনে মানুহক মানসিকভাৱে শক্তিশালী কৰি ৰাখে ৷ মানৱ সভ্যতাক গ্ৰন্থই সমৃদ্ধ কৰি ৰাখিছে ৷ গ্ৰন্থমেলাৰ বিপুল জনসমাগমে প্ৰমাণ কৰিছে

কিতাপৰ জনপ্ৰিয়তা হ্ৰাস পোৱা নাই ৷ মানৱ সভ্যতা থকালৈকে কিতাপ থাকিব৷’ উন্মোচনী অনুষ্ঠানত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা আৰু গ্ৰন্থকাৰসকলে অংশগ্ৰহণ কৰে৷
সাগৰ তলিৰ মুকুতা উন্মোচনঃ অসম গ্ৰন্থমেলাৰ নীলমণি ফুকন সভাগৃহত আজি উন্মোচিত হয় জনপ্ৰিয় লেখিকা বেবী ভূঞাৰ শেহতীয়া গল্প গ্ৰন্থ ‘সাগৰ তলিৰ মুকুতা’৷ ‘অসম বুক হাইভ’-এ প্ৰকাশ কৰা গ্ৰন্থখন উন্মোচন কৰে তিনিগৰাকী প্ৰসিদ্ধ সাহিত্যিক ক্ৰমে হৰেকৃষ্ণ ডেকা, গঙ্গাপদ চৌধুৰী আৰু কনক চন্দ্ৰ শৰ্মাই ৷ অনুষ্ঠানটিৰ আঁত ধৰে কবি-সাংবাদিক নৱজ্যোতি পাঠকে৷ ‘অসম বুক হাইভ’ৰ স্বত্বাধিকাৰী ধীৰাজ গোস্বামীয়ে গ্ৰন্থখনে পাঠক সমাজৰ সমাদৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰে৷

Leave A Reply

Your email address will not be published.