কোচ ৰাজবংশী উন্নয়ণ পৰিষদৰ অনুদানেৰে উপৰহালীত নিৰ্মিয়মান ‘চিলাৰায় ভৱনৰ’ ভূমি পূজন আৰু আধাৰশিলা স্থাপন
বকোঃ কোচ ৰাজবংশী উন্নয়ণ পৰিষদৰ অনুদানেৰে কামৰূপ জিলাৰ উপৰহালীত নিৰ্মিয়মান ‘চিলাৰায় ভৱন’ৰ আজি ভূমি পূজন আৰু আধাৰশিলা স্থাপন কাৰ্য্যসুচী ৰূপায়ণ কৰা হয়। সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ মুখ্য কাৰ্য্যালয় তথা কোচ ৰাজবংশী জনগোষ্ঠীৰ চানেকি চিলাৰায় ভৱন। নিৰ্মাণৰ বাবে প্ৰস্তূতি কৰি আয়োজন কৰে ভূমি পূজন আৰু আধাৰশিলা স্থাপন। ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰে কোচ ৰাজবংশী উন্নয়ণ পৰিষদৰ অধ্যক্ষ তথা কোচ ৰাজবংশী সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কুমাৰ প্ৰণৱ নাৰায়ণ দেৱ আৰু পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। জাতীয় সংগঠনটোৰ জিলা
সমিতিৰ সাধাৰণ সম্পাদক দীপক কুমাৰ ৰয়ে আত ধৰা অনুস্থান সঞ্চালনা কৰে সভাপতি অশোক কুমাৰ দাসে। কোচ ৰাজবংশী সকলোৰ শৌৰ্য্য বিৰ্য্যৰ প্ৰতিক চিলাৰায় ভৱনৰ আধাৰশিলা স্থাপন অনুস্থানত অসম চৰকাৰৰ বন মন্ত্ৰী তথা জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, বিধায়ক হেমাংগ ঠাকুৰীয়া, কোচ ৰাজবংশী উন্নয়ণ পৰিষদৰ সদস্য দুলাল মেধি, দক্ষিণ কামৰূপ জিলা বি জে পিৰ সভাপতি অঞ্জন গোস্বামী, উপৰহালী ৰাইজ গয়ৰহৰ সভাপতি অজিত চন্দ্ৰ ঠাকুৰীয়া, সম্পাদক পবিত্ৰ তালুকদাৰ, কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কাৰ্য্যকৰী সভাপতি অনুপম দাস, মহিলা সন্মিলনীৰ
সম্পাদিকা জয়া দাসকে ধৰি জিলা খনৰ প্ৰতিখন প্ৰাথমিক গোটৰ বিষয় ববীয়া সকলে অংশগ্ৰহণ কৰে। আধাৰশিলা স্থাপন অনুস্থানত দক্ষিণ কামৰূপ জিলা সমিতি সন্মিলনীৰ এলেকাৰ কেৱাজনো জ্যেষ্ঠ্য জ্ঞাতীক সম্বোৰ্ধনা জনোৱা হয়।