বকোৰ সমাজ সংগঠক – ধৰ্মপ্ৰাণ জনাৰ্দ্দন অধিকাৰীৰ আদ্যশ্ৰাদ্ধত স্মৰণিকা ‘জনাৰ্দ্দন’ উন্মোচনঃ স্মৃতি চাৰণ সভা
বকোঃ কামৰূপ জিলাৰ বৃহত্তৰ বকো অঞ্চলৰ সৰবৰহী ব্যক্তি, জ্যেষ্ঠ্য সমাজ সংগঠক তথা ধৰ্মপ্ৰাণ ব্যক্তি জনাৰ্দ্দন অধিকাৰীৰ যোৱা ১৭ ডিচেম্বৰত পৰলোক গমন হয়। সেয়ে আজি প্ৰয়াত অধিকাৰীৰ আদ্যশ্ৰাদ্ধৰ দিন। ইফালে সুদীৰ্ঘ জীৱন সমাজ আৰু সামাজিক দায়িত্ববোধ পালন কৰি অহা বাবে আত্মীয় স্বজন আৰু শুভাকাংশীয়ে তেওঁৰ সামাজিক কৰ্মৰাজিক শলাগ লৈ লেখনিৰ ৰূপত প্ৰকাশ কৰে এখন স্মৰণিকা। আজি পৰিয়ালৰ গৃহত আনুষ্ঠানিক ভাৱে বহু সংখ্যক শুভাকাংশীৰ উপস্থিতিত যুৱ কৰ্মী ৰঞ্জিত দলৈয়ে আত ধৰা অনুস্থানত স্মৰণিকা খন উন্মোচন কৰে জ্যেষ্ঠ্য বাপ যতীন পাঠকে। ‘জনাৰ্দ্দন’ নামৰ স্মৰণিকা উন্মোচন কৰাৰ প্ৰাকক্ষণত অধিকাৰীৰ
প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পূস্পাঞ্জলী অৰ্পন কৰে নাতিয়েক জয়দেৱ অধিকাৰীয়ে। অধিকাৰীৰ মৃত্যুত বকো অঞ্চলৰ অভাৱনীয় ক্ষতি হৈছে বুলি ভাষণ প্ৰদান কৰি তেওঁৰ জীৱন দৰ্শনৰ লগতে সামাজিক কৰ্মৰাজী ওপৰত আলোকপাত কৰে। অনুস্থানত বকোৰ প্ৰাক্তন বিধায়ক তথা স্মৰণিকা প্ৰকাশক সমিতিৰ সভাপতি জ্যোতিপ্ৰসাদ দাস, সম্পাদক ড° নগেন চন্দ্ৰ দাস, শুভাকাংশী ড° গণেশ্বৰ চহৰীয়াক, লক্ষ্মীকান্ত শৰ্মা, সুৰেণ চন্দ্ৰ কলিতা, খগেন ঠাকুৰীয়া, অচ্যুত সাহা, ৰমেশ চন্দ্ৰ ডেকা, ৰমেন বৰাকে ধৰি বহু সংখ্যক বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰে।