ashomiyapatrika.com

অসম – মেঘালয় সীমান্তত উত্তপ্ত পৰিস্থিতি, বকোৰ গাৰোজানত প্ৰচণ্ড মাৰপিটঃ জল জীৱন আচঁনি নিৰ্মাণত বাধা

0 29

বকোঃ অসম – মেঘালয় সীমান্তৰ কামৰূপ জিলাৰ বকো ৰাজহ চক্ৰৰ অন্তৰ্গত গাৰোজানত ভয়াৱহ পৰিস্থিতি। অসম চৰকাৰৰ জল জীৱন আচঁনি নিৰ্মাণৰ ঘটনাক লৈ দুই পক্ষৰ তয়াময় ৰণ। উল্লেখ্য যে অসম – মেঘালয় সীমান্তত অসমৰ সমৰ্থক আৰু মেঘালয়ৰ সমৰ্থকৰ মাজত শীতল যুদ্ধ দীৰ্ঘদিনীয়া। প্ৰায়েই অসমৰ সমৰ্থকক মাৰধৰ কৰে একেই গাৰো সম্প্ৰদায়ৰ মেঘালয়ৰ সমৰ্থকে। ইফালে অসম চৰকাৰৰ নিৰ্লুপ্ত ভূমিকাৰ বাবে অসমৰ আঁচনি ৰূপায়ণত বাধা প্ৰদান কৰি আহিছে অসমতে বসতি স্থান থকা মেঘালয়ৰ সমৰ্থকে। ইফালে অসমৰ মাটিত গাৰোজানত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জল জীৱন মিছনৰ আঁচনি এখন নিৰ্মাণ কৰাৰ

কাম চলি আছে। এই ক্ষেত্ৰত অসমৰে একাংশ মেঘালয়ৰ সমৰ্থকে আঁচনি খন নিৰ্মানত বাধা প্ৰদান কৰি আহিছে। এই লৈ আজি দিনৰ ভাগত দুয়ো পক্ষৰ মাজত তীব্ৰ মাৰপিটৰ ঘটনা সংঘটিত হয়। ঘটনা সন্দৰ্ভত জানিব পৰা মতে পুনৰ বকোৰ গাৰোজানত ভাতৃঘাটী সংঘৰ্ষ সংঘটিত হয়।একাংশ মেঘালয়ৰ সমৰ্থনকাৰীয়ে তাণ্ডৱ সৃষ্টি কৰে বকোৰ গাৰোজানত।চৰকাৰৰ জল জীৱন মিছনৰ আচঁনি নিৰ্মাণ কাৰ্য্যত বাধা মেঘালয় সমৰ্থনকাৰীৰ। অসমৰ সমৰ্থনকাৰী আৰু মেঘালয়ৰ সমৰ্থকাৰীৰ মাজত মাৰপিট সংঘটিত হয়।মাৰপিটৰ ঘটনাত আহত দুয়োপক্ষৰ প্ৰায় ষোল্ল জনৰ অধিক লোক। ইফালে চুবুৰীয়া লোকে জনোৱা মতে মেঘালয়ৰ কুচক্ৰান্তত ভাতৃঘাটী সংঘৰ্ষ

অব্যাহত আছে গাৰোজানত। একাংশ অসম বিদ্বেষীয়ে গাঁওখনত দুটা ফৈদৰ সৃষ্টি কৰাৰ কু – অভিসন্ধি অব্যাহত ৰাখিছে। গাঁও খনত সম্প্ৰতি তীব্ৰ উত্তেজনাই বিৰাজ কৰি আছে। নিদ্ৰা হৰণ হৈছে অসমৰ সমৰ্থনত থকা গাঁও বাসীৰ। বকো আৰক্ষীয়ে ঘটনাস্থলীত তীব্ৰ নজৰ ৰাখিছে বুলি জানিব পৰা গৈছে।

Leave A Reply

Your email address will not be published.