চাপৰত বিশাল জনসভা, শোভাযাত্ৰাৰে লোকসভা নিৰ্বাচনৰ ৰণদুন্দুভি বজালে বিৰোধী ঐক্যমঞ্চই
বিৰোধীয়ে উমৈহতীয়া প্রার্থী থিয় কৰালে বিজেপি পৰাজয় হোৱাটো নিশ্চিতঃ ডাঃ ভবেন চৌধুৰী
চাপৰঃ আগন্তুক লোক সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি বিৰোধী ঐক্যমঞ্চই জননেতা শৰৎ চন্দ্ৰ সিংহৰ ওপজা ঠাই চাপৰৰ পৰা ৰণডংকা বজালে। এই উপলক্ষে চাপৰস্থিত ‘অঞ্জলি কমপ্লেক্সত এখন প্রতিনিধিত্ব মূলক সভাৰ লগতে গান্ধী ময়দানত বিশাল ৰাজহুৱা সভা, শোভাযাত্রা অনুষ্ঠিত হয়। সভাত ১৫ টা ৰাজনৈতিক দলৰ লগতে ‘আম আদমি পার্টী’ ৰ অসম ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী উপস্থিত থাকি আগন্তুক নিৰ্বাচনত বিৰোধীয়ে উমৈহতীয়া প্রার্থী থিয় কৰালে বিজেপি পৰাজয় হোৱাটো নিশ্চিত বুলি উল্লেখ কৰে। সভাত ‘আপ’ৰ সভাপতি গৰাকীয়ে ৰাজ্যখনৰ ১৪খন লোকসভা আসনৰ কোন
সমষ্টিৰ পৰা বিৰোধী ঐক্যমঞ্চৰ কোনটো দলে ঐক্যবদ্ধভাবে প্রার্থী থিয় কৰাব তাৰ প্ৰাৰম্ভিক আলোচনাও অনুষ্ঠিত হয় লগতে বিৰোধী ঐক্যশক্তিক আৰু অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত আজিৰ এই সভাই পদক্ষেপ গ্রহণ কৰে। ‘আপ’ দলৰ পৰা অসমত মুঠ পাঁচটা সমষ্টিত প্রতিদ্বন্দিতা কৰাৰ বাবে প্রার্থী তালিকা উর্দ্ধতন কমিটিলৈ প্ৰেৰণ কৰিছে বুলি জানিবলৈ দিয়ে। দলটোৱে বৰপেটা, ধুবুৰী, গুৱাহাটী, তেজপুৰ আৰু ডিব্ৰুগড় সমষ্টিকেইটাত প্রতিদ্বন্দিতা আগবঢ়াব বুলি উল্লেখ কৰে।