ashomiyapatrika.com

মহানগৰীৰ অটল উদ্যানত বাজপেয়ীৰ প্ৰতিমূর্তি নিৰ্মাণৰ আধাৰশিলা মুকলি

0 44

ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত জিলা-মণ্ডল-বুথত ‘সু-শাসন দিৱস’ উদযাপনঃ মণ্ডলৰ উদ্যোগত ৰোগী সকলৰ মাজত ফলমূল বিতৰণ

গুৱাহাটীঃ আধুনিক ভাৰতৰ নির্মাতা ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী সমগ্র বিশ্বৰে জনপ্রিয় ব্যক্তি সকলৰ ভিতৰত অন্যতম আছিল। ভাৰতীয় জনতা পার্টিৰ অন্যতম প্রতিষ্ঠাপক অটল বিহাৰী বাজপেয়ী ৰাজনীতি, সুদক্ষ সংগঠক, কবি, সাংবাদিক, প্রশাসক আদি একাধিক গুণেৰে বিভূষিতা আছিল। স্বাধীনতাৰ পৰৱৰ্তী পর্যায়ত অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বতেই ভাৰতবৰ্ষৰ অর্থনৈতিক, সামৰিক, আন্তঃগাঁথনি আদিৰ ক্ষেত্ৰত ব্যাপক উন্নয়ন ঘটিছিল। ‘অন্তোদয়া’ আদর্শক প্রাধান্যতা দি তেখেতে দেশৰ কৃষক, শ্রমিক, দৰিদ্ৰ জনসাধাৰণৰ প্ৰকৃত উন্নয়ন সম্ভব হোবাকৈ তেখেতে বহুতো কল্যাণকামী আঁচনি গ্রহণ কৰিছিল। ভাৰতীয় জনতা পার্টিযে যুগদ্রষ্টা

অটল বিহাৰী বাজপেয়ীৰ স্মৃতিত তেখেতৰ জন্ম ২৫ ডিচেম্বৰত ‘সু-শাসন দিবস’ হিচাপে পালন কৰি আহিছে। সমগ্র দেশৰ লগতে অসমতো আজি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকর্তা সকলে ৰাজ্যিক, জিলাৰ লগতে মণ্ডল আৰু বুথ পর্যায়ত এই দিৱস পালন কৰে। বিজেপি অসম প্ৰদেশৰ উদ্যোগত আজি আদাবাৰীস্থিত ‘অটল উদ্যানত’ ৰাজ্যিকভাবে অটল বিহাৰী বাজপেয়ীৰ ৯৯ সংখ্যক জন্মদিৱসৰ লগত সংগতি ৰাখি ‘সু-শাসন দিবস’ আয়োজিত হৈ যায়। উক্ত অনুষ্ঠানত অসম চৰকাৰৰ মুখ্যমন্ত্রী ৬০ হিমন্ত বিশ্ব শর্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মন্ত্রী জয়ন্ত মল্ল বৰুৱা, সাংসদদ্বয় পবিত্র মাৰ্ঘেৰিটা আৰু কুইন ওজা, গুৱাহাটীৰ মেয়ৰ মৃগেন

শৰণীয়া, দলৰ প্ৰাক্তন ৰাজ্যিক সভাপতিত্রয় নাৰায়ণ বৰকটকী, ৰাজেন গোহাঁই আৰু ৰমেন ডেকা, জ্যেষ্ঠ নেতা মহাবীৰ স্বামী, প্রদীপ ঠাকুৰীয়া, বিজয় কুমাৰ গুপ্তাৰ লগতে অন্যান্য কার্যকর্তা সকল উপস্থিত আছিল। মুখ্যমন্ত্রী ড° শর্মাই প্রয়াত প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীক স্মৰণ কৰি কয়, ভাৰতীয় জনতা পার্টিৰ প্রতিষ্ঠাপক বাজপেয়ীয়ে দেশৰ প্রধানমন্ত্রী হিচাপে নতুন ভাৰতবৰ্ষৰ ইতিহাস ৰচনা কৰিছিল। দেশৰ ইতিহাসত জন্মহোৱা ঋষিতুল্য মানৱদবদী ব্যক্তি সকলৰ ভিতৰত তেখেত অন্যতম প্রাতঃস্মৰণীয় ব্যক্তি। প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত আজি যি নতুন ভাৰত নিৰ্মাণৰ কাম চলি আছে তাৰ এক মহান ভেঁটি যুগদ্রষ্টা অটল বিহাৰী

বাজপেজীয়ে নিৰ্মাণ কৰি থৈ গৈছিল। পোখৰাণত পাৰমাণৱিক পৰীক্ষাৰ পৰা ফ’ৰলেন আৰু ছয়লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণৰ সপোন অটল বিহাৰী বাজপেয়ীয়ে দিঠকত পৰিণত কৰিছিল। কার্গিল যুদ্ধৰ বিজয় তেখেতৰ ৰাজনৈতিক জীবনৰ অন্যতম গুৰুত্বপূর্ণ মূর্ছত আছিল। বাজপেয়ী শাসনকালতেই উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে ড’নাৰ মন্ত্রালয় গঠন কৰিছিল। আনহাতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয়, অটল বিহাৰী বাজপেয়ীৰ মহান আদর্শ আৰু চিন্তাধাৰা প্রতিজন ভাৰতীয়ৰ বাবে স্মৰণীয় তথা অনুকৰণীয়। তেওঁ কয়, প্রয়াত প্রধানমন্ত্রী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ সু-শাসনৰ প্রতীক। তেখেতৰ শাসন কালছোৱাত

‘অন্তোদয়া’ আদৰ্শৰে ‘সু-শাসনৰ’ ভাৱধাৰাক প্রচলিত কৰি তুলিছিল। ‘সু-শাসন’ৰ জৰিয়তে সমাজ তথা দেশ পৰিচালনা কৰি তেখেতে এক নজিৰ সৃষ্টি কৰিছিল। বাজপেয়ীৰ উত্তৰ-পূব ভাৰত তথা অসম প্ৰীতিৰ কথা উল্লেখ কৰি ৰাজ্যিক সভাপতি গৰাকীয়ে কয়, ঐতিহাসিক অসম আন্দোলক বাষ্ট্রীয় প্রেক্ষাপটত দাঙি ধৰাত অটল বিহাৰী বাজপেয়ীয়ে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল। সংসদৰ মজিয়াতো অসম আন্দোলনক বলিষ্ঠ ৰূপত উপস্থাপন কৰি এই আন্দোলনক এক সুকীয়া স্থান দিবলৈ সক্ষম হৈছিল। উক্ত অনুষ্ঠানতে আজি মুখ্যমন্ত্রী শর্মাই প্রয়াত প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ প্রতিমূর্তি নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। উল্লেখযোগ্য যে আজি

পুৱাৰ ভাগতে দলীয় কার্যকর্তা সকলৰ উপস্থিতিত ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভবন’ত “সু-শাসন দিবস”ৰ কার্যক্রম আয়োজন কৰা হয়। দলীয় কার্যকর্তা সকলে বাজপেয়ীৰ প্ৰতিচ্ছবিত মাল্যপর্ণ কৰি তেখেতক স্মৰণ কৰে। আনহাতে ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া, জিলা বিষয়ববয়ী, মণ্ডল আৰু বুথৰ বিষয়ববীয়াৰ সকলৰ উপস্থিতিত তথা দলীয় কার্যকর্তা সকলৰ সহযোগত আজি সমগ্র অসমৰ ৩৯ খন সাংগঠনিক জিলা ৪১৭ টা সাংগঠনিক মণ্ডলৰ লগতে বুথ পর্যায়ত “সু-শাসন দিবস” আয়োজিত হৈ যায়। আনহাতে বি টি আৰৰ ৪০ টা পৰিষদীয় সমষ্টিত দলৰ একোজন জ্যেষ্ঠ নেতাৰ উপস্থিতিত প্রয়াত অটল বিহাৰী বাজপেয়ীৰ

জন্মদিবস পালন কৰা হয়। উক্ত দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যিক তথা জিলা পর্যায়ত কবিতা আবৃত্তি প্রতিযোগিতা আয়োজন কৰাৰ লগতে প্ৰতিটো মণ্ডলৰ উদ্যোগত চিকিৎসালয় তথা ৰোগী সকলৰ মাজত ফলমূল বিতৰণ কৰা হয়।

Leave A Reply

Your email address will not be published.