নেহৰু ষ্টেডিয়ামৰ ক্ৰীড়াক্ষেত্ৰত পথ-সুৰক্ষা সজাগতাৰ ব্যতিক্ৰমী কাৰ্যসূচী পৰিবহণ বিভাগৰ
গুৱাহাটীঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২০২৬ চনৰ ভিতৰত অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে জনোৱা আহ্বান আৰু পথ-সুৰক্ষাৰ লগত জড়িত বিভিন্ন বিভাগসমূহক দিয়া নিৰ্দেশনাৰ ভিত্তিত পৰিবহণ বিভাগে ইতিমধ্যে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে৷ পবিত্ৰ বৰদিন, ৩১ডিচেম্বৰ উদযাপন আৰু ইংৰাজী নৱবৰ্ষক আদৰাৰ সময়ত ৰাজপথত সকলোৰে বাবে পথ-সুৰক্ষা নিশ্চিত কৰাৰ আহ্বানৰে পৰিবহণ বিভাগৰ উদ্যোগত আজি মহানগৰীৰ নেহৰু ষ্টেডিয়ামৰ ক্ৰীড়াক্ষেত্ৰত এক পথ-সুৰক্ষা জনসচেতনতা সভা অনুষ্ঠিত হয়। ‘আহক আমি সকলোৱে মিলি এখন দুৰ্ঘটনামুক্ত অসম গঢ়োঁ’ আহ্বানেৰে সমাজৰ প্ৰায় সকলো
শ্ৰেণীৰ লোকৰ উপস্থিতিত অনুষ্ঠিত সজাগতা অনুষ্ঠানটিত কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত আয়ুক্ত অনুৰাগ ৰুদ্ৰ, বিশিষ্ট চিকিৎসক, কথাশিল্পী ডা° অঞ্জনজ্যোতি চৌধুৰী, আৰক্ষীৰ যানবাহন শাখাৰ সহকাৰী আয়ুক্ত দীপজ্যোতি দাধৰা, বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈ, প্ৰাণজিৎ শইকীয়া, ক্ৰীড়া বিষয়া ধ্ৰুৱ ডেকা, সাংস্কৃতিক কৰ্মী সংস্কৃতা মালাকাৰ আদি উপস্থিত থাকি অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে সকলোকে যানবাহন আইন মানি চলিবলৈ আহ্বান জনায়৷ কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ উদ্যোগত অনুষ্ঠিত ব্যতিক্ৰমী অনুষ্ঠানটোৰ আৰম্ভণিতে উদ্দেশ্য বাখ্যা কৰি ৰাজ্যৰ সহকাৰী পৰিবহণ
আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২০২৬ চনৰ ভিতৰত অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে জনোৱা আহ্বানৰ কথা উল্লেখ কৰি আগন্তুক দিনত অসমত দুৰ্ঘটনা হ্ৰাস আৰু নিহতৰ সংখ্যা প্ৰায় শূন্য কৰাৰ বাবে সকলো শ্ৰেণীৰ লোককে আন্তৰিক সহযোগিতাৰে ব্যাপক জনসচেতনতা গঢ়ি তুলিবলৈ আহ্বান জনায় ৷ তেওঁ কয় যে, আগন্তুক বৰদিন আৰু নতুন বছৰক সকলোৱে আনন্দ-স্ফূৰ্তিৰে পালন কৰক, বিষাদ আৰু চকুলোৰে নহয় ৷ সেয়ে নতুন বছৰৰ আনন্দ উপভোগৰ নামত কোনোৱে যাতে মদ্যপান কৰি তীব্ৰগতিত যানবাহন চলাই
নিজৰ লগতে আন কাৰোলৈকে বিপদ কঢ়িয়াই নানে তাৰবাবে তেওঁ সবিনয়ে আহ্বান জনায়। যানবাহন ব্যৱহাৰকাৰীয়ে নিজকে সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে দুচকীয়া বাহনত চালক-আৰোহী উভয়কে হেলমেট, চাৰিচকীয়া বাহনত সকলোকে ছীটবেল্ট ব্যৱহাৰ কৰিবলৈ আহ্বান জনোৱাৰ উপৰি গাড়ী চলাওঁতে কোনেও যাতে ম’বাইল ফোন ব্যৱহাৰ নকৰে তাৰ বাবেও সতৰ্ক কৰি দিয়ে সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে। অনুষ্ঠানত উপস্থিত থাকি জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাসে সকলোৰে সুৰক্ষাৰ কথা ভাবিয়ে পথ সুৰক্ষা বিষয়টোক অধিক মনোগ্ৰাহী কৰি তুলিবলৈ পৰিবহণ বিভাগে শিশুৰ পৰা আৰম্ভ কৰি সকলোৰে মাজত চলোৱা
অভিযানৰ কথা উল্লেখ কৰি কোনেও যাতে যাতে অকালতে নিজৰ জীৱন, যৌৱন হেৰুৱাবলগীয়া নহয় তাৰবাবে সদাসতৰ্ক হৈ থাকিবলৈ আহ্বান জনায়। বিশিষ্ট কথাশিল্পী ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে পথত চলাচলৰ সময়ত সকলোৱে সকলোকে সহযোগিতা আগবঢ়োৱাৰ আহ্বান জনায়। কিয়নো পথত একেসময়তে বহু লোকে যাতায়াত কৰে বুলি উল্লেখ কৰি সকলোৰে সহযোগতহে যাত্ৰা সুৰক্ষিত হোৱাটো সম্ভৱ বুলি মন্তব্য কৰে৷ উল্লেখ্য যে, সজাগতা সভাখনৰ পিছতে পথ-সুৰক্ষাৰ আহ্বানেৰে এক পদযাত্ৰা আৰু বাইক ৰেলী উলিওৱা হয়। ইয়াৰ সমান্তৰালভাৱে মহানগৰীৰ বিভিন্ন স্থানত আজিৰে পৰা তিনিদিনৰ কাৰণে যানবাহন চলাওঁতে মানি চলিবলগীয়া
নীতি-নিয়মৰ মাইকযোগে ঘোষণা আৰু বৰদিনৰ সময়ত সকলোৰে আকৰ্ষণ ছান্টাক্লজৰ জড়িয়তে প্ৰচাৰ পুস্তিকা বিতৰণৰ এক ব্যতিক্ৰম কাৰ্যসূচী মুকলি কৰা হয়। আজি মহানগৰীৰ নাৰেংগী, পানীখাইতিৰ চন্দ্ৰপুৰ, হাতীশিলা, তপোবল, বৰলুইত আদি উল্লেখযোগ্য বনভোজ স্থলীসমূহত পৰিবহণ বিভাগৰ বিশেষ দল উপস্থিত হৈ পথ সুৰক্ষা সজাগতা সৃষ্টিৰ বাবে মাইকযোগে ঘোষণা কৰাৰ লগতে ছান্টাক্ল’জে পথ সুৰক্ষাৰ বাণীসম্বলিত প্ৰচাৰ পুস্তিকা বিতৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰে৷