ashomiyapatrika.com

ভাৰতীয় জনতা পাৰ্টীৰ বকো মণ্ডলৰ বিশেষ সাংগঠনিক সভাঃ চৰকাৰৰ অভিলাষী আচঁনিৰ ঢল বোৱাইছে

0 37

বকোঃ ভাৰতীয় জনতা পাৰ্টীৰ দক্ষিণ কামৰূপ জিলাৰ অন্তৰ্গত বকো মণ্ডলৰ আজি বিশেষ সাংগঠনিক সভা এখন অনুষ্ঠিত হয়। বকোস্থিত চিলাৰায় ভৱনত দলৰ কাৰ্য্যকৰ্তা সকলোৰ উপস্থিতিত আয়োজন কৰা সাংগঠনিক সভাত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অভিলাষী আচঁনিৰ ওপৰত বিশেষ আলোকপাত কৰে। বকো মণ্ডল সমিতি বি জে পিৰ সভাপতি বুদ্ধেশ্বৰ ৰাভাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সাংগঠনিক সভাত মুখ্য বক্তাৰ ভাষণ ৰাখে দক্ষিণ কামৰূপ জিলা বি জে পিৰ সভাপতি অঞ্জন গোস্বামীয়ে। সভাত অতিথি হিচাপে উপস্থিত থাকি জিলা প্ৰভাৰী অনিৰ্বাণ গোস্বামীয়ে দলৰ সাংগঠনিক দিশৰ ওপৰত আলোকপাত কৰে। বকো মণ্ডল সমিতিৰ

সাধাৰণ সম্পাদক লক্ষ্মীকান্ত বড়ো আৰু লাচিত কলিতা সহ দলৰ কৰ্মী সকলোৰ তৎপৰতাত আয়োজন কৰা সভাত দল আৰু চৰকাৰৰ সাংগঠনিক দিশ, প্ৰশাসনিক দিশ আৰু আঁচনি ৰূপায়ণৰ ওপৰত আলোচনা কৰা হয়। সভাত দক্ষিণ কামৰূপ জিলা বি জে পিৰ সাধাৰণ সম্পাদক দ্বয় প্ৰফুল্ল ৰাভা আৰু বিকাশ বড়ো, জ্যেষ্ঠ্য নেতা বিনোদ দত্ত শৰ্মা, এছ টি মৰ্চাৰ জিলা সভাপতি মৃন্ময় বড়ো, মণ্ডলৰ সভাপতি তথা জ্যেষ্ঠ্য সমাজ কৰ্মী তৰুণ বড়ো, প্ৰবীণ তালুকদাৰ, নিপুন ৰাভা, জ্যোতিষ লহকৰ, নাৰায়ণ ঠাকুৰীয়া, বিক্ৰম কলিতাকে ধৰি শতাধিক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.