বকোত শিংৰা বনাঞ্চলিক বিষয়াৰ অভিযানত অবৈধ গছ কটা মেচিন সহ চোৰাং ব্যৱসায়ী আটক
বকোঃ ৰাজ্য চৰকাৰৰ বন বিভাগৰ কামৰূপ জিলাৰ বকোস্থিত শিংৰা বনাঞ্চলিক বিষয়া ভাৰ্গৱ হাজৰিকাৰ সফল অভিযানত অলপতে আটক কৰে দুজন অবৈধ কাঠ সৰবৰাহকাৰীক।প্ৰাপ্ত তথ্য অনুসৰি দুদিন পূৰ্বে শিংৰা বনাঞ্চলৰ বগাইখাচ অঞ্চলত বন কৰ্মী সহ বিষয়া জনে তহল দি থকা অৱস্থাত গছ কটা মেচিনৰ শব্দ শুনা পায় আৰু গোপনে খেদি গৈ সেই গাওঁৰ কুমাৰ চেত্ৰী আৰু মিলন বড়ো নামৰ দুজন চোৰাং কাঠ বেপাৰীক আটক কৰে। লগতে সিহঁতে ব্যৱহাৰ কৰা অবৈধ গছ কটা মেচিন এটা জব্দ কৰে। এই ঘটনাই এনে কাৰ্য্যৰ লগত জড়িত থকা সকলোক শংকিত কৰি তুলিছে।