অসমসহ উত্তৰ-পূবত ২৭ ডিচেম্বৰলৈকে বন্ধ থাকিব ২৬খনকৈ যাত্রীবাহী ৰেলঃ হাজাৰ হাজাৰ যাত্ৰীৰ মাজত হাহাকাৰ
গুৱাহাটীঃ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰঙিয়া সংমণ্ডলৰ অন্তৰ্গত চাংসাৰী আৰু আগিয়াঠুৰি ৰে’ল ষ্টেচনৰ মাজত নিৰ্মাণৰত অৱস্থাত থকা দ্বৈত ৰে’ল লাইনৰ কমিছনিং কাম-কাজৰ পৰিপ্ৰেক্ষিতত ১৭ ডিচেম্বৰৰ পৰা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ লগতে দক্ষিণ পাৰেৰে ৰঙিয়া আৰু আজাৰা ৰে’ল ষ্টেচন হৈ অসমসহ উত্তৰ-পূবৰ কেবাখনো ৰাজ্যলৈ চলাচল কৰা ২৬ খনকৈ যাত্রীবাহী ৰে’লৰ চলাচল বন্ধ কৰাৰ ফলত দৈনিক ৰেলেৰে অহা যোৱা কৰা হাজাৰ হাজাৰ যাত্ৰীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ আনকি ৮ খনকৈ ৰে’লৰ চলাচল আংশিকভাৱে বাতিল কৰাৰ লগতে ৩১খনকৈ ৰে’লৰ গতিপথ বা যাত্রাপথ সলনি কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ
মালিগাঁওস্থিত সদৰ কাৰ্যালয়ৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দে’ই জানিবলৈ দিয়া মতে ২৭ ডিচেম্বৰ পৰ্যন্ত ৰে’লৰ স্বাভাবিক চলাচল বন্ধ হৈ থাকিব। বাতিল কৰা ২৬ খনকৈ ৰে’লৰ ভিতৰত গুৱাহাটীৰ পৰা বঙাইগাঁৱলৈ চলাচল বন্ধ কৰা আটাইকেইজন ৰে’ল, আলিপুৰ দুৱাৰ-গুৱাহাটী আলিপুৰ দুৱাৰ, আলিপুৰ দুৱাৰ-লামডিং-আলিপুৰ দুৱাৰ, গুৱাহাটী-ধুবুৰী, গুৱাহাটী-মেণ্ডিপথৰ, শিলঘাটৰ পৰা আলিপুৰ দুৱাৰলৈ চলাচল কৰা ৰাজধানী এক্সপ্ৰেছখনো আছে। তেনেদৰে গুৱাহাটী-বদৰপুৰ-গুৱাহাটী, মুৰ্কংচেলেক-গুৱাহাটী মুর্কচেলেক এক্সপ্ৰেছ, নিউ জলপাইগুৰি-গুৱাহাটী-নিউ জলপাইগুৰি, নাহৰলণ্ডন-গুৱাহাটী শতাব্দী
এক্সপ্ৰেছখনৰো যাত্রা বাতিল কৰা হৈছে। ইফালে অসমৰ বাহিৰলৈ চলাচল কৰা দূৰণিবটীয়া ৩১খনকৈ ৰে’লৰ যাত্রাপথ পৰিৱৰ্তন কৰি ব্ৰহ্মপুত্ৰৰ দক্ষিণ-পাৰেৰে কামাখ্যা-গোৱালপাৰা টাউন-নিউ বঙাইগাঁও হৈ চলাচল ব্যৱস্থা কৰা হৈছে। ইফালে ২৬ খনকৈ ৰে’লৰ চলাচল বাতিল, ৮ খনকৈ ৰে’লৰ চলাচল আংশিকভাৱে বাতলি আৰু ৩১ খনকৈ ৰে’লৰ চলাচলৰ যাত্রাপথ সলনি কৰাত যাত্রীসকল ভীষণ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে। আনকি বহু যাত্রীয়ে ৰে’ল ষ্টেচনত ৰে’লত উঠিবলৈ অহাৰ পাছতহে এই বাতিলকৰণ সন্দৰ্ভত অৱগত হোৱাৰ পাছত হাহাকাৰ অৱস্থাৰ দৃষ্টি হয়। অৱশ্যে ২৬ বা ২৭ ডিচেম্বৰৰ পাছত সকলো বাতলি হোৱা ৰে’ল, আংশিকভাবে বাতিল
হোৱা ৰে’ল আৰু গতিপথ সলনি কৰা সকলো ৰে’লৰে স্বাভাৱিক চলাচল পুনৰ আৰম্ভ হ’ব বুলি ৰে’লৱে কর্তৃপক্ষই সদৰি কৰিছে। শেহতীয়া ভাৱে ৰেলৱে কৰ্তৃপক্ষই ২০ ডিচেম্বৰৰ পৰা ২৬ ডিচেম্বৰলৈ যাত্ৰীৰ সুবিধাৰ বাবে দৈনিক ৰঙিয়া আৰু নিউ বঙাইগাঁও ৰেল ষ্টেচনৰ মাজত তিনিখনকৈ শ্বাটল ৰেলৰ চলাচল আৰম্ভ কৰিব বুলি সদৰি কৰিছে।