চিৰাং জিলা ক্ৰিকেট সন্থাৰ উদ্যোগঃ সন্তোষ ব্ৰহ্ম সোঁৱৰণী চিৰাং ক্ৰিকেট লীগ আৰম্ভ
কাজলগাঁওঃ চিৰাং জিলা ক্ৰিকেট সন্থাৰ উদ্যোগত আজিৰে পৰা আৰম্ভ হৈছে সন্তোষ ব্ৰহ্ম সোঁৱৰণী তৃতীয় বাৰ্ষিক আন্তঃক্লাব ক্ৰিকেট লীগ। আজি পুৱা এক আকৰ্ষণীয় অনুষ্ঠানৰ মাজত জিলাখনৰ মংলাগাঁৱত অনুষ্ঠিত প্ৰতিযোগিতাখন উদ্বোধন কৰে মুখ্য অতিথি বঙাইগাঁও শোধনাগাৰৰ উপ- মহাপ্ৰবন্ধক ( সুৰক্ষা) মুছুখা বড়ো, চিদলীৰ বিধায়ক তথা জিলা ক্ৰিকেট সন্থাৰ সভাপতি জয়ন্ত বসুমতাৰী, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায় আৰু বি টি চিৰ পাৰিষদ পানীৰাম ব্ৰহ্মই । অনুষ্ঠানত জিলা আৰক্ষী অধীক্ষক প্ৰাণজিৎ বৰা, অতিৰিক্ত আৰক্ষী অধীক্ষক শেখৰ জ্যোতি ৰয়কে ধৰি ভালেমান আমন্ত্ৰিত অতিথি উপস্থিত থাকে। উদ্বোধনী
খেল হিচাপে চিৰাং আৰক্ষী আৰু চি আই এছ এফৰ বঙাইগাঁও শোধনাগাৰ গোটৰ মাজত অনুষ্ঠিত কৰা বন্ধুত্বমূলক খেলখনত চিৰাং আৰক্ষীয়ে ৪২ ৰানত জয়ী হয়। প্ৰথমে বেটিং কৰি চিৰাং আৰক্ষীয়ে নিৰ্ধাৰিত ২০ অভাৰত চন্দন কলিতাৰ ২৬, বিবেক ৰাভাৰ ২৩, বিপ্লৱ কোঁৱৰৰ ২১ ৰানৰ সহায়ত ৯ উইকেট হেৰুৱাই ১৫৫ ৰান কৰে। প্ৰত্যুত্তৰত চি আই এছ এফ দলে ১৬ অভাৰত ১১৩ ৰানত ইনিংছ সামৰে। চিৰাং আৰক্ষীৰ নিকুমণি বড়োই প্লেয়াৰ অব দ্য মেচ বিবেচিত হয়।