ashomiyapatrika.com

বৰঝাৰ বিমানবন্দৰৰ আকাশত ঘন কুঁৱলীঃ এঘণ্টাৰ পৰা তিনি ঘণ্টা পর্যন্ত পলম হৈছে বিমানৰ উৰণ-অৱতৰণত

0 37

গুৱাহাটীঃ ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বিভিন্ন অঞ্চলত শীতৰ লগতে কুঁৱলীৰ বাবে স্বাভাবিক জনজীৱন কিছু ব্যাহত হোৱা পৰিলক্ষিত হৈছে। আনকি বিগত পাঁচ-ছয়দিন ধৰি ঘন কুঁৱলীৰ বাবে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰত পুৱাৰ ভাগত বিমানৰ স্বাভাৱিক উৰণ- অৱতৰণত এঘণ্টাৰ পৰা তিনিঘণ্টা পর্যন্ত একেৰাহে পাঁচদিন ধৰি পুৱাৰ ভাগত বৰঝাৰৰ আকাশত দৃশ্যমানতা হ্ৰাস পোৱা বাবে বিমানৰ উৰণ-অৱতৰণত ব্যাঘ্যাটৰ সৃষ্টি হৈছে। পুৱা ৮.৩০ বজাৰ পাছতহে বৰঝাৰ বিমানবন্দৰত উৰণ-অৱতৰণ কৰিব লগা হৈছে। কিয়নো ঘন কুঁৱলীৰ বাবে ৰাণৱে’ত

দৃশ্যমানতা বহুখিনি হ্রাস পোৱাত বিমানবন্দৰ নিয়ন্ত্রক কক্ষই পুৱা ৮.৩০ বজাৰ পৰা বজাৰ পাছতহে বিমানৰ উৰণ-অৱতৰণৰ অনুমতি প্রদান কৰিছে বিমানৰ পাইলটক। যাৰ বাবে পুৱা ৫.৩০ বজাত বৰঝাৰ বিমানবন্দৰৰ পৰা উৰা মাৰিবলগীয়া বিমান তিনিঘণ্টা পলমকৈ ৮.৩০ বজাতহে উৰা মাৰিবলগীয়া হৈছে। তেনেদৰে পুৱা ৫.৩০ বজাত বৰঝাৰত অৱতৰণ কৰিবলগীয়া বিমান ৩ ঘণ্টা পলমকৈ ৮ ৩০ বজাতহে অৱতৰণ কৰিবলগীয়া হৈছে। ফলত বিমানযাত্রী আৰু বিমানবন্দৰত যাত্ৰীক থ’বলৈ বা নিবলৈ অহা আত্মীয়- স্বজনসকল ভীষণ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে। আনকি গুৱাহাটীক সংযোগ কৰা ডিব্ৰুগড়, আইজল,

হোলোংগী, ইম্ফল, পাছিঘাট, ডিমাপুৰকে ধৰি উত্তৰ-পূবৰ কেইবাটাও বিমানবন্দৰলৈ যাবলগীয়া যাত্ৰীৰ বিমানযাত্রা ৩ ৰ পৰা ৫ ঘণ্টা পর্যন্ত অস্বাভাৱিক বিলম্ব হৈছে। ইফালে, বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা ২২ ডিচেম্বৰ পৰ্যন্ত পুৱাৰ ভাগত ঘন কুঁৱলী অব্যাহত থাকিব বুলি সদৰী কৰিছে সমান্তৰালভাৱে বিমানবন্দৰকে ধৰি আকাশত দৃশ্যমানতাও কমি যাব বুলি সতর্কতা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। উল্লেখ্য যে প্ৰতি বছৰে এনেকুৱা সময়ত ঘন কুঁৱলীৰ বাবে বৰঝাৰ বিমানবন্দৰত পুৱাৰ ভাগত বিমানৰ স্বাভাবিক উৰণ – অবতৰণত পলম হোৱাটো তেনেই স্বাভাবিক ঘটনাত পৰিণত হৈছে।

Leave A Reply

Your email address will not be published.