ashomiyapatrika.com

মৰিগাঁৱত তৃণমূল পৰ্যায়ত জল জীৱন অভিযানৰ সৈতে জড়িত ২৭ গৰাকী কৰ্মী, গোট আৰু অনুষ্ঠানক জিলা জল সেৱা বঁটা প্ৰদান

0 34

জলমিত্ৰসকল দেশৰ একোগৰাকী সেনানীঃ দেৱাশীষ শৰ্মা

মৈৰাবাৰীঃ মৰিগাঁৱৰ পবিতৰা হাট প্ৰেক্ষাগৃহত আজি জল জীৱন অভিযান ৰূপায়ণত তৃণমূল পৰ্যায়ত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা জলমিত্ৰ আৰু অন্যান্যসকলক জিলা জল সেৱা বঁটা প্ৰদান কৰা হয়। এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই অংশগ্ৰহণ কৰি কয় যে জলমিত্ৰসকল দেশৰ একোগৰাকী সেনানী। তেওঁলোকক সন্মান জনোৱাটো আমাৰ কৰ্তব্য বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰতিগৰাকী জলমিত্ৰই সীমান্তত সেনানীসকলে পালন কৰা ভূমিকা পালন কৰিব লাগিব। অৰ্থাৎ জল জীৱন অভিযানৰ অধীনত তৃণমূল পৰ্যায়ত কাম কৰি থকা এইসকল জলনায়কৰ ওপৰতে এই আঁচনিৰ সাফল্য নিৰ্ভৰ কৰিব। তেওঁ জলমিত্ৰসকলক

মানুহৰ প্ৰতি সৌজন্যতাপূৰ্ণ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে প্ৰতিটো পৰিয়ালৰ বাবে নলযোগে পানী সুনিশ্চিত কৰাৰ গুৰুদায়িত্ব জলমিত্ৰ আৰু তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ কান্ধত অৰ্পণ কৰা হৈছে। এই দায়িত্ব সকলোকে দায়বদ্ধতাৰে পালন কৰিবলৈ তেওঁ আহ্বান জনায়। তেওঁ কয় যে আমি এটা দল হিচাপে কাম কৰিব লাগিব। দলৰ প্ৰতিজন ব্যক্তিয়ে ভালকৈ কাম কৰিলেহে আমি সফল হ’ব পাৰিম বুলি তেওঁ মন্তব্য কৰে। প্ৰসংগক্ৰমে তেওঁ কয় যে আজি মৰিগাঁও জিলাবাসীৰ বাবে এটা গৌৰৱৰ দিন যে বাৰপূজীয়াত অসম সাহিত্য সভাৰ অধিৱেশনৰ লাইখুঁটা স্থাপন কৰা হৈছে। তেওঁ আজিৰ দিনটোতে পুৰস্কৃত হোৱা জলমিত্ৰ আৰু অন্যান্য

কৰ্মীসকলক অভিনন্দন জ্ঞাপন কৰে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা শৰৎ কুমাৰ বৰাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি কয় যে জল জীৱন অভিযানৰ অধীনত তৃণমূল পৰ্যায়ত কাম কৰি থকা লোকসকলক উৎসাহিত কৰাৰ বাবে এই বঁটা প্ৰতিমাহে প্ৰদান কৰা হয়। তেওঁ বিশেষভাৱে তৃণমূল পৰ্যায়ত কাম কৰোঁতে মনত ৰাখিবলগীয়া কেতবোৰ কাৰিকৰী দিশৰ ওপৰত আলোকপাত কৰে। সভাত ছেপ্টেম্বৰ, অক্টোবৰ আৰু নৱেম্বৰ মাহৰ বাবে ৯ টা শাখাত ৩ গৰাকীকৈ জলমিত্ৰ, জলদূত আৰু শ্ৰেষ্ঠ সু-পৰিচালিত এফ এইচ টি চিৰ হিতাধিকাৰী, ৩ খনকৈ পানী ব্যৱহাৰকাৰী সমিতি, গাঁও পঞ্চায়ত, বিদ্যালয়,

আত্মসহায়ক গোট, অংগনৱাড়ী কেন্দ্ৰ আৰু মহিলা গোট, মুঠ ২৭ টা জল সেৱা বঁটা প্ৰদান কৰা হয়। সভাত অতিৰিক্ত জিলা আয়ুক্ত ডঃ সংগীতা বৰঠাকুৰ, জিলা পৰিষদৰ উপ-মুখ্য কাৰ্যবাহী বিষয়া মইনুদ্দিন আহমেদ, ভালেসংখ্যক বিশিষ্ট ব্যক্তি, জলমিত্ৰসকল, জল জীৱন অভিযানৰ অধীনত সেৱা আগবঢ়াই থকা আত্মসহায়ক গোট আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.