ashomiyapatrika.com

কামৰূপ জিলা সাহিত্য সভাৰ বামুণীগাওঁ স্বৰ্ণ শাখা সাহিত্য সভাৰ উদ্যোগত আজিৰ পৰা গ্ৰন্থমেলা আৰম্ভ

0 28

বকোঃ কামৰূপ জিলা সাহিত্য সভাৰ অন্তৰ্গত বামুণীগাঁও স্বৰ্ণ শাখা সাহিত্য সভাৰ উদ্যোগত আজিৰ পৰা আৰম্ভ হৈছে গ্ৰন্থমেলা। বামুণীগাঁও স্বৰ্ণ শাখা সাহিত্য সভাৰ সভাপতি বিনয় চন্দ্ৰ বড়ো আৰু সম্পাদক ভাৰ্গৱ কলিতাই জনোৱা মতে আজি ১৫ ডিচেম্বৰৰ পৰা ১৭ ডিচেম্বৰলৈ আয়োজন কৰা হৈছে গ্ৰন্থমেলাৰ কাৰ্য্যসুচী। তিনিদিনীয়া বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্য্যসুচীৰে আয়োজন কৰা গ্ৰন্থমেলাৰ অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰি শুভাৰম্ভ কৰে সভাপতি বিনয় চন্দ্ৰ বড়োই। শ্বহীদ তৰ্পণ কৰে শ্বহীদ পৰিয়ালৰ ধ্ৰুৱজ্যোতি চৌধুৰী আৰু জিলা সাহিত্য সভাৰ কাৰ্য্যনিৰ্বাহক গিৰীন্দ্ৰ শৰ্মাই। অনুস্থানত গছ পুলি ৰোপন বামুণীগাঁও প্ৰদীপ সংঘৰ সভাপতি গোলাপ

মেধি আৰু বামুণীগাওঁ ব্যৱসায়ী সন্থাৰ সভাপতি বিপুল মালাকাৰকে ধৰি অন্যান্য সকলে। ইয়াৰ পিছতে গ্ৰন্থমেলাৰ দ্বাৰ আনুস্থানিক ভালে উদ্ধোধন কৰে আমাৰ অসম দৈনিক কাকতৰ কাৰ্য্যবাহী সম্পাদক তথা জ্যেষ্ঠ্য সাংবাদিক গৌতম শৰ্মাই। ইয়াৰ পিছতে আৰম্ভ হয় গ্ৰন্থমেলাৰ ভিন্ন কাৰ্য্যসুচী। গ্ৰন্থমেলাৰ কাৰ্য্যসুচীত কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি ড° নৃপেন্দ্ৰ নাথ তালুকদাৰ, বিশিষ্ট সাহিত্যিক তথা ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী পাৰিষদ ডা: শৰৎচন্দ্ৰ ৰাভা, ছয়গাঁও মহাবিদ্যালয়ৰ অধ্যাপক উপেন ডেকা, অৱসৰপ্ৰাপ্ত শিক্ষক তথা অসম সাহিত্য সভাৰ আজীৱন সভ্য বেণুধৰ ৰাভা, চিকিৎসক ডাঃ সঞ্জয় দাসকে ধৰি বহু সংখ্যক সাহিত্য সভাৰ বিষয় ববীয়াই অংশগ্ৰহণ কৰে। ইফালে কাইলৈ ভিন্ন বৌদ্ধিক জ্ঞানৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হ’ব।

Leave A Reply

Your email address will not be published.