ashomiyapatrika.com

বকোত জননেতা সব্যসাচী ৰাভাৰ ২২ সংখ্যক বাৰ্ষিক মৃত্যু দিৱস আৰু স্মৃতিচাৰণ সভাঃ ৰাভাৰ জীৱন সংগ্ৰামৰ ওপৰত আলোকপাত

0 46

বকোঃ কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা, জিলা ৰাভা মহিলা পৰিষদ, জিলা ষষ্ঠ অনুসূচী দাবী সমিতি, জিলা ৰাভা জাতীয় পৰিষদ, জিলা ৰাভা সাহিত্য সভা, জিলা ৰাভা কৃষ্টি সন্মিলন, জিলা ৰাভা কৰ্মচাৰী পৰিষদৰ যুটীয়া উদ্যোগত প্ৰতি বkছৰৰ দৰে এই বৰ্ষও আয়োজন কৰা হৈছে জননেতা সব্যসাচী ৰাভাৰ মৃত্যু দিৱস আৰু স্মৃতি চাৰণ সভা। কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ কাৰ্য্যালয় প্ৰাংগনত এক মনোজ্ঞ পৰিবেশত ৰাভা জাতীয় সংগঠন সমূহৰ সহযোগত আয়োজন কৰা হয় স্মৃতি চাৰণ সভা খন। জানিব পৰা মতে উদ্যোক্তা সংগঠন সমূহৰ সভাপতি আৰু কেৱা গৰাকী উপ সভাপতিৰ জৰিয়তে সংগঠনৰ পতাকা উত্তোলন, ষষ্ঠ অনুসূচী দাবী সমিতিৰ উপ

সভাপতি ননীগোপাল ৰাভাৰ জৰিয়তে শ্বহীদ তৰ্পণ আৰু ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি গংগাৰাজ ৰাভাৰ জৰিয়তে জননেতা সব্যসাচী ৰাভাৰ বৃহৎ প্ৰতিমূৰ্তিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰা হয়। ইয়াৰ পিছতে হাহিম শামুকাৰ জনতা হাইস্কুলৰ প্ৰধান শিক্ষক অমিয় কুমাৰ ৰাভাৰ সঞ্চালনাত আয়োজন কৰে স্মৃতি চাৰণ সভা। অনুস্থানত বহু গুণৰ অধিকাৰী তথা ৰাভা জাতীয় সংগঠনৰ পিতামহ জননেতা সন্মান আৰু উপাধি লাভ কৰা সব্যসাচী ৰাভাৰ জীৱনীভিত্তিক আলোকপাত কৰে। সভাত সব্যসাচী ৰাভাৰ শৈক্ষিক জীৱন আৰু ৰাভা সমাজৰ উত্তোৰণৰ বাবে জাতীয় সংগ্ৰাম শুভাৰম্ভ কৰাৰ পৰা বৰ্তমান পৰিবেশৰ ওপৰত আলোকপাত কৰে নিখিল

ৰাভা ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি ড° কান্ত ৰাভাই। সভাত আন গৰাকী বক্তা নিখিল ৰাভা জাতীয় পৰিষদৰ সভাপতি বাবুল ৰাভাই সব্যসাচী ৰাভাৰ লগত জাতীয় জীৱনৰ সংগ্ৰামৰ সহযোদ্ধাৰ স্মৃতি ৰোমন্থন কৰে। শিক্ষা গ্ৰহণ কৰাকে ধৰি ৰাভা জাতিৰ সামগ্ৰীক বিকাশ, উত্তোৰণ আৰু ভৱিষ্যত প্ৰজন্মৰ অধিকাৰৰ বাবে কৰা কাম আৰু সমাধানৰ ওপৰত বহল বাখ্যা দাঙি ধৰে বাবুল ৰাভাই। স্মৃতি চাৰণ সভাত ৰাভা ছাত্ৰ সন্থাৰ পত্ৰিকা সম্পাদক দেৱজিৎ নাফাৰ দ্বাৰা প্ৰকাশিত ‘তনয়গীৰ’ নামৰ স্মৰণিকা উন্মোচন কৰা হয়। ইফালে সন্ধিয়া পৰত ৰাভা সাহিত্য সভাৰ উপ সভাপতি সত্যজিৎ ৰাভাৰ জৰিয়তে বন্তি প্ৰজ্বলন কৰি অনুস্থানৰ সামৰণি ঘটায়। অনুস্থানত ৰাভা জাতীয় সংগঠনৰ আটাইকেইটা সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ বিষয় ববীয়া আৰু কৰ্মী সকলে অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.