জননেতা সব্যসাচী ৰাভা সোঁৱৰণী ফুটবলৰ চূড়ান্ত খেলত ৰাভা হাছং ফুটবল দল জয়ী
বকোঃ কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ বিত্তীয় সাহাৰ্য্যত প্ৰতি বছৰৰ দৰে এই বৰ্ষও আয়োজন কৰা হৈছে জননেতা সব্যসাচী ৰাভা সোঁৱৰণী ফুটবল প্ৰতিযোগিতা। এই বেলি জননেতা গৰাকীৰ একাদশ সংখ্যক বৰ্ষৰ বাবে আয়োজন কৰা হৈছে ফুটবল প্ৰতিযোগিতা। আজি প্ৰতিযোগিতাৰ চূড়ান্ত খেল। খেল খনত প্ৰতিদ্বন্দিতা কৰে ৰাভা হাছং ফুটবল দল বনাম মাজাখালী ফুটবল দলে। ইফালে কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি আনন্দ ৰাভা আৰু সাধাৰণ সম্পাদক অশোক নংবাগ তথা ফুটবল খেল পৰিচালনা সমিতিৰ সভাপতি সুমিত ৰাভা আৰু সম্পাদক জগন্নাথ ৰাভাই জনোৱা মতে জননেতা গৰাকীক সোঁৱৰণ
কৰি অনুষ্ঠিত কৰা খেল খনৰ আজিৰ চূড়ান্ত খেলখন আনুস্থানিক ভাৱে উদ্ধোধন কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ চাৰু মোহন ৰাভাই। চূড়ান্ত খেলৰ অতিথি হিচাপে উপস্থিত থাকে নিখিল ৰাভা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয়, জিলা আৰু আঞ্চলিক সমিতিৰ বিষয় ববীয়া সকল, ৰাভা মহিলা পৰিষদ, ৰাভা জাতীয় পৰিষদ, ষষ্ঠ অনুসুচী দাবী সমিতিৰ বিষয় ববীয়া, ভিন্ন জাতি জনগোষ্ঠীৰ জিলা সমিতিৰ নেতৃবৃন্দৰ উপৰিও বিশিষ্ট শিক্ষাবিদ ডঃ গণেশ্বৰ চহৰীয়া, জ্যেষ্ঠ্য সমাজ কৰ্মী ৰমেশ চন্দ্ৰ ডেকা, নেপালী কল্যাণ পৰিষদৰ দূৰ্গা প্ৰসাদ শৰ্মা, দক্ষিণ পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ সভাপতি মানস প্ৰতীম শৰ্মা, ট্ৰাইবেল সংঘৰ দীপৰ বড়ো, নিখিল বড়ো ছাত্ৰ
সন্থাৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ সম্পাদক জীতেন বড়ো, ক্ৰীড়া সংগঠক তৰুণ বড়ো, মনোৰঞ্জন কলিতাকে ধৰি বহু সংখ্যক অতিথি। আজিৰ খেলত দুয়ো দলৰ গল শূণ্য ভাৱে সামৰণি পৰে যদিও ট্ৰাইবেকাৰৰ জৰিয়তে ৰাভা হাছং ফুটবল চেম্পিয়ন হয়। খেল শেষত বঁটা বিতৰণী সভা অনুষ্ঠিত হয়।