ashomiyapatrika.com

বীৰ শ্বহীদক স্মৰণ ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ

0 36

অটল বিহাৰী বাজপেয়ীয়ে অসম আন্দোলনৰ সপক্ষত সংসদৰ মজিয়াত ভাষণ প্ৰদান কৰিছিল

সৰুপথাৰঃ ঐতিহাসিক অসম আন্দোলনত অসমী আইৰ অস্তিত্ব ৰক্ষাৰ হেতু প্ৰাণ আহুতি দিয়া শ্বহীদ সকলৰ ত্যাগ আৰু আত্ম বলিদানক সুঁৱৰি আজি ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত সৰুপথাৰৰ ৰামধেনু মুকলি প্ৰেক্ষাগৃহত শ্বহীদ দিৱস উদযাপন কৰা হয়। উক্ত অনুষ্ঠানত যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱা,অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিপু ৰঞ্জন শৰ্মা, বিধায়ক বিশ্বজিৎ ফুকন, গোলাঘাট জিলাৰ সভাপতি দেৱপ্ৰতিম বৰা উপস্থিত থাকি শ্বহীদ সকলক স্মৰণ কৰি বক্তব্য প্ৰদান কৰে৷ উল্লেখ্য যে যোৰহাট আৰু গোলাঘাট জিলাৰ ৩৪ টা শ্বহীদ পৰিয়ালক উক্ত অনুষ্ঠানত সম্বৰ্ধনা জনোৱা

হয়। অনুষ্ঠানত ভাষণ প্ৰদান কৰি যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাই শ্বহীদ সকলৰ প্ৰতি শ্ৰদ্ধা জনাই কয়, তাহানিৰ পৃথু ৰজা, বীৰ সেনাপতি লাচিত বৰফুকন দিনৰে পৰা অসমীয়া ডেকাই মোগল, মান আদি সকলো শক্তিক প্ৰত্যাহ্বান জনাই বীৰত্বৰে জিলিকি আছিল। কিন্তু স্বাধীনতাৰ পিছতেই অসমত প্ৰব্ৰজনে চূড়ান্ত ৰূপ ধাৰণ কৰিলে। ইয়াৰ পিছতেই অসমীয়াৰ মাটি ভেঁটিত পমুৱাই বেদখল আৰম্ভ কৰিলে। ১৯৭৯ চনৰ ২৮ মাৰ্চ তাৰিখে মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ হীৰালাল পাটোৱাৰীৰ মৃত্যুৰ পিছত উপ নিৰ্বাচনৰ প্ৰয়োজন হৈছিল। তেতিয়া লুকাই থকা ভয়ংকৰ সত্য পোহৰলৈ আহিছিল যে কেৱল মঙলদৈ লোকসভা সমষ্টিত ৪৫

হাজাৰ অধিক বিদেশীক ভোটাৰ তালিকাত নাম সন্নিবিষ্ট হৈ আছে। এই তথ্য পোহৰলৈ অহাৰ পিছতেই পাহুৱাল অসমীয়া ডেকা ৰৈ নাথাকিল। জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত অসমীয়া ডেকা তীব্ৰভাৱে জপিয়াই পৰিল। তেতিয়াই অসমৰ আকাশে বতাহে অসম আন্দোলন সিঁচৰিত হৈ পৰিছিল। অসমৰ জাতি ৰক্ষাৰ সংগ্ৰামক কংগ্ৰেছ দলে ভৰিৰে মোহাৰি নৰমেধ যজ্ঞ কৰিছিল। সেই সময়ত বাওপন্থী দল সমূহে মৌনতা অৱলম্বন কৰি কংগ্ৰেছ সমৰ্থন জনাইছিল। অসমীয়া জাতিৰ এনে সংগ্ৰামৰ সময়তে ভাৰতীয় জনতা পাৰ্টিৰ অন্যতম প্ৰতিষ্ঠাপক অটল বিহাৰী বাজপেয়ী, এল কে আদৱানিকে প্ৰমুখ্যে কৰি বহুকেইজন নেতাই অসম আন্দোলনক

সমৰ্থন জনাইছিল। প্ৰত্যেকজন অসমীয়া যুৱকে এই কথা জনাৰ খুবেই প্ৰয়োজন। অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ভাষণ প্ৰদান কৰি কয়, ৮৫৫ জন শ্বহীদৰ ত্যাগ আৰু বলিদানক অসমীয়াই চিৰদিনলৈ মনত ৰাখিব। তেওঁ লগতে কয় বহুতেই ভাৱে অসমৰ অস্তিত্ব ৰক্ষাৰ কাৰণে কেৱল আঞ্চলিক চিন্তাধাৰাৰ ব্যক্তি সকলেই যেন মুখ্য কাৰ্য পালন কৰিছিল। কিন্তু ভাৰতীয় জনতা পাৰ্টি একমাত্ৰ ৰাষ্ট্ৰীয় ৰাজনৈতিক দল যিয়েই অসম আন্দোলনক পূৰ্ণ সমৰ্থন আগবঢ়াইছিল। আমাৰ পূৰ্বপুৰুষ অটল বিহাৰী বাজপেয়ীয়ে সংসদৰ মজিয়াতো অসম আন্দোলনৰ সপক্ষে বক্তব্য প্ৰদান কৰিছিল।সেই সময়ত আন কোনো ৰাজনৈতিক দলে এই অসম

আন্দোলনক স্বীকৃতি দিয়া নাছিল। ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ সাধাৰণ সম্পাদকদ্বয় ত্ৰিদিব জ্যোতি মৰাণ, তাপশ কলিতাই আঁত ধৰা আজিৰ অনুষ্ঠানত ৰাজ্যিক যুৱ মৰ্চাৰ বিষয়ববীয়াৰ লগতে ৩৯ খন সাংগঠনিক জিলাৰ সভাপতি আৰু দলীয় কাৰ্যকৰ্তা সকল উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.