বকো বিধানসভা পৰ্য্যায়ত অসম সাংস্কৃতিক মহাসংগ্ৰামৰ প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানঃ গীত আৰু লোকনৃত্যৰ সমাহাৰ
বকোঃ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত বকো বিধানসভা সমষ্টি পৰ্য্যায়ত শুভাৰম্ভ কৰা হৈছিল সাংস্কৃতিক মহাসংগ্ৰামৰ প্ৰতিযোগিতা। বকো বিধানসভা সমষ্টিৰ বিধায়িকা নন্দিতা দাসৰ তৎপৰতাত আৰু বকো উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গোঙ্গেত্ৰী নেওগৰ তত্বাৱধানত বকো গান্ধী মৈদানত আয়োজন কৰা হৈছিল অসম সাংস্কৃতিক মহাসংগ্ৰামৰ প্ৰতিযোগিতা সমুহ। অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ বকোস্থিত সাংস্কৃতিক কেন্দ্ৰৰ বিষয়া অনুজ বৰুৱাৰ সহযোগত আয়োজন কৰা সাংস্কৃতিক মহাসংগ্ৰাম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা বহু কেইজন শিল্পীক সন্মান প্ৰদান কৰা হয়। প্ৰতিযোগিতাত অসমৰ লোকনৃত্যৰ দ’ল, বিহুনৃত্যৰ
দ’ল, ভূপেন্দ্ৰ সংগীত, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সংগীত, জ্যোতি সংগীত, ৰবীন্দ্ৰ সংগীতৰ শিল্পীয়ে অংশগ্ৰহণ কৰে। সাংস্কৃতিক মহাসংগ্ৰাম প্ৰতিযোগিতাত বকো বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাস, অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ ভিন্ন পৰ্য্যায়ৰ বহু কেইজন বিষয়া, বকো সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ নগেন কলিতা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গিৰীন্দ্ৰ কুমাৰ চৌধুৰী, জ্যোষ্ঠ্য শিল্পী জয়দেৱ অধিকাৰী, শিল্পী মনোজ (মন) দাস, বকো আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী মঞ্জু বড়ো, এঘাৰটা পঞ্চায়তৰ সভাপতি আৰু বিষয়া কৰ্মচাৰী সকল লগতে বকো অঞ্চলৰ বহু সাংস্কৃতিক কৰ্মীয়ে সহযোগ আগবঢ়াই। অনুস্থানত কোচ ৰাজবংশী
লোকনৃত্যৰ দ’ল, বড়ো আৰু ৰাভা কৃষ্টিৰ দ’ল, সত্ৰীয়া নৃত্যৰ দ’ল, ৰাঙ্গাপানীৰ শিল্পী সকলোৰ দ্বাৰা গোৱালপৰীয়া লোকনৃত্য, শৰণীয়া কছাৰী জনগোষ্ঠীৰ নৃত্যকে ধৰি ভিন্ন জাতি জনগোষ্ঠীৰ লোকনৃত্যৰ দলে অংশগ্ৰহণ কৰি নৃত্য প্ৰদৰ্শন কৰে আৰু প্ৰতিযোগিতাত ভাগ লয়। ইফালে জানিব পৰা মতে গীত আৰু নৃত্য সমুহক ক, খ, গ শাখাত তিনিটা ভাগত ভাগ কৰি প্ৰতিযোগিতাৰ কাৰ্য্যসুচী ৰূপায়ণ কৰে। অনুস্থানত অভিজ্ঞ বিচাৰকৰ দ্বাৰা প্ৰতিযোগী নিৰ্বাচিত কৰা হয়। ইফালে আজি আবেলি পৰত আয়োজন কৰে প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠান। এক মনোজ্ঞ পৰিবেশত আয়োজন কৰা সামৰণি অনুষ্ঠানৰ অতিথি বকোৰ
বিধায়িকা নন্দিতা দাসে গীত নৃত্যৰ প্ৰতিযোগী সকলোক শলাগ লয় আৰু আগলৈ বকোৰ মান বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।অসম সাংস্কৃতিক মহাসংগ্ৰাম প্ৰতিযোগিতাৰ কাৰ্য্যসুচীত সহযোগ কৰা বাবে বকোৰ যুৱ কৰ্মী নাৰায়ণ মেধি, পবিত্ৰ কুমাৰ দাস, ৰাম কৃষ্ণ ডেকা, ধীৰাজ বড়ো আৰু কামাখ্যা চেত্ৰীক শলাগ লয় বিধায়িকাই।