ashomiyapatrika.com

ষষ্ঠদশ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্র মহোৎসৱৰ চতুৰ্থ দিন

0 26

গুৱাহাটীঃ গুৱাহাটী চিনে ক্লাবে আয়োজন কৰা ষষ্ঠদশ আন্তঃৰাষ্ট্রীয় গুৱাহাটী চলচ্চিত্র মহোৎসৱৰ চতুর্থ দিনা দিনৰ ১২ বজাত ৰেট্র’স্পেকটিভ শিতানত হাংগেৰীৰ চলচ্চিত্ৰ পৰিচালক নিকলচ্ যোনস্কোৰ ‘ইলেকট্রা মাই লাভ’। ১৯৭৪/৭০ মিনিট, গ্রেট মাষ্টাৰ শিতানত কিয়েচলস্কিৰ স্ত্রী কালাব ট্রিলজীৰ দ্বিতীয়খন ‘হোবাইট’ /১৯৯৪/৯২মিনিট, ১.১৫ বজাত চিৰসেউজ অভিনেতা দেব আনন্দৰ শতবর্ষ জয়ন্তী উপলক্ষে তেওঁ অভিনয় কৰা উল্লেখযোগ্য চলচ্চিত্র ‘গাইড’, বিয়লি ৩ বজাত আৰু ৬.৩০ বজাত পর্তুগালৰ চলচ্চিত্র ‘জাষ্ট লেট মি গ’/লুইচ ডিয়েগ’/২০২২/৯৩ মিনিট প্রদর্শন কৰা হয়। মহোৎসৱৰ শেষৰ দিনা অর্থাৎ ১০ ডিচেম্বৰৰ পূর্ব প্রকাশিত নির্ধাৰিত

কাৰ্যসূচীৰ সামান্য সালসলনি হ’ব। দুপৰীয়া ১২ বজাত থ্রী কালার্চ ট্রিলজীৰ শেষৰখন চলচ্চিত্র ‘বেড’/১৯৯৪/৯৯ মিনিট, দুপৰীয়া ২ বজাত ‘হান্টাৰ ভাৰ্চেচ হাল্টাৰ’ শ্রীলংকাৰ চলচ্চিত্র প্রদর্শিত হ’ব। ৩.৩০বজাত প্রাঞ্জল কুমাৰ শইকীয়াৰ ‘অকমান’/২০২১/৭৭ মিনিট প্রদর্শন কৰা হ’ব। সামৰণি অনুষ্ঠান বিয়লি ৫ বজাৰ পৰা আৰম্ভ হ’ব। চুটি চলচ্চিত্র প্রতিযোগিতাৰ বঁটাপ্ৰাপকসকলক সামৰণি অনুষ্ঠানত পুৰস্কাৰ প্ৰদান কৰা হ’ব। উল্লেখযোগ্য যে সন্ধিয়া ৫.৪৫ বজাত সামৰণিৰ চলচ্চিত্র হিচাবে প্রদর্শিত হ’ব ভাৰতবৰ্ষ আৰু বাংলাদেশ চৰকাৰৰ যৌথ প্রযোজনাত বিশিষ্ট চলচ্চিত্ৰ পৰিচালক শ্যাম বেনেগলৰ দ্বাৰা নির্দেশিত, বাংলাদেশৰ স্বাধীনতাৰ পঞ্চাশ বছৰ

উপলক্ষে নির্মিত বংগবন্ধু মুজিবৰ ৰহমানৰ জীৱনৰ ওপৰত আধাৰিত ‘মুজিব: দা মেকিং অব এ নেচন’ প্রদর্শিত হ’ব। গুৱাহাটীস্থ বাংলাদেশৰ এচিচষ্টেন্ট হাই কমিছনাৰ তথা চিফ অব দা মিছন মিঃ ৰাহুল আমিনৰ প্রত্যক্ষ সহযোগত এই চলচ্চিত্রখন গুৱাহাটী চিনে ক্লাবে ষষ্ঠদশ আন্তঃৰাষ্ট্রীয় গুরাহাটী চলচ্চিত্র মহোৎসৱৰ সামৰণিৰ চলচ্চিত্র হিচাবে প্রদর্শন কৰিব। সেইদিনাৰ প্ৰদৰ্শনলৈ চলচ্চিত্রপ্রেমী ৰাইজৰ উপস্থিতি তথা সহযোগিতা কামনা কৰা হ’ল।

Leave A Reply

Your email address will not be published.