এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ অভিযান, সীমান্তত ৪.৬৬ লাখ টকা মূল্যৰ ৬৪৬৭কেজি চেনী আৰু দুখন ইঞ্জিনযুক্ত নাওঁ জব্দ
গুৱাহাটীঃ ভাৰত – বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পহৰা আৰু নিৰাপত্তাৰ নিৰীক্ষণ কৰাৰ দায়িত্বত থকা সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বি এছ এফৰ আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্রণ্টিয়াৰৰ ফালৰ পৰা তেওঁলোকক অৰ্পণ কৰা সীমান্তত যাতে কোনো ধৰণৰ অবৈধ কাৰ্যকলাপ সংঘটিত হব নোৱাৰে তাৰ ওপৰত সদা – সতৰ্ক দৃষ্টি ৰাখি আহিছে। ইয়াৰ অংশ হিচাপে আজি পুৱাৰ ভাগত বি এছ এফৰ ৪৯ বেটেলিয়ানৰ দল এটাই নিদিষ্ট তথ্যৰ ভিত্তিত ধুবুৰীৰ পৰা কিছু নিলগৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত ব্ৰহ্মপুত্ৰ নদীৰে বাংলাদেশলৈ নিবলৈ চেষ্টা কৰা অৱস্থাত সীমান্তত অভিযান চলাই দুখন ইঞ্জিনযুক্ত নাওঁৰ পৰা ৬৪৬৮কেজি ওজনৰ চেনীৰ বেগ
জব্দ কৰা হয়। জব্দ কৰা চেনী আৰু নাওঁৰ মূল্য আছিল প্ৰায় ৪.৬৬লাখ টকা। বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ৰ জনসম্পৰ্কৰক্ষী বিষয়াই সদৰি কৰা অনুসৰি চেনীৰ বেগ সমুহ কেন্দ্ৰীয় আবকাৰী শুল্ক বিভাগৰ নিকটবৰ্তি কাৰ্যালয়ক গতাই দিয়া হয়৷ উল্লেখযোগ্য যে বি এছ এফে আন্তঃৰাষ্ট্ৰীয় সীমান্তত মানুহৰ লগতে কোনো ধৰণে নিষিদ্ধ আৰু চোৰাং সামগ্ৰী যাতে সৰবৰাহ হব নোৱাৰে তাৰ বাবে অহৰহ হে পহৰা দি অহাৰ লগতে এই ক্ষেত্ৰত অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰিছে৷