ashomiyapatrika.com

ৰাম মন্দিৰ নিৰ্মাণৰ বাবে কামাখ্যাৰ ভূমি আৰু পানী সংগ্ৰহ

0 38

গুৱাহাটীঃ অযোধ্যাত ভগৱান শ্ৰীৰামৰ ভব্য ৰাম মন্দিৰৰ ২০২৪ চনৰ ২২ জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব। ইয়াকে লৈ দেশৰ ধৰ্ম প্ৰাণ জনগণৰ মাজত ৰাম মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত প্ৰৱল উৎসাহ পৰিলক্ষিত হৈছে। ৰাম মন্দিৰ প্ৰতিষ্ঠা মহোৎসৱৰ লগত সংগতি ৰাখি সমগ্ৰ পবিত্ৰ দেশৰ নদ-নদীৰ পানী আৰু তীৰ্থ স্হান সমূহৰ ভূমি সমগ্ৰ অভিযান চলি আছে। গুৱাহাটী মহানগৰীতো বৃহস্পতিবাৰে বিশ্ব হিন্দু পৰিষদৰ নেতৃত্বত গুৱাহাটীৰ পবিত্ৰ কামাখ্যা ধামৰ পৰা জল আৰু ভূমি সংগ্ৰহ কৰা হয়। বিশ্ব হিন্দু পৰিষদ কামৰূপ মহানগৰ জিলাৰ প্ৰচাৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিছে৷ কামাখ্যা মন্দিৰত আজি অনুষ্ঠিত কাৰ্য্যক্ৰমত মন্দিৰৰ বৰ দলৈ

কবিন্দ্ৰ শৰ্মাই বিশ্ব হিন্দু পৰিষদৰ নেতৃবৃন্দৰ হাতত কামাখ্যাৰ পবিত্ৰ জল আৰু ভূমি অৰ্পন কৰে। এই অনুষ্ঠানটিত বিশ্ব হিন্দু পৰিষদৰ কেন্দ্ৰীয় সংগঠন মন্ত্ৰী ড° দিনেশ তিৱাৰী, অখিল ভাৰতীয় পূৰ্ণ কালীন প্ৰমুখ ৱাই ৰাঘবল্ল, কেন্দ্ৰীয় গো-ৰক্ষা প্ৰমুখ উমেশ পাড়োৱাল, গুৱাহাটী বিভাগ প্ৰমুখ চন্দন ৰাভা, সেৱা প্ৰমুখ ৰাকেশ জৈন প্ৰমুখ্যে বিষয় ববীয়াসকল উপস্থিত থাকে। এই অনুষ্ঠানটিতে কামাখ্যা মন্দিৰৰ বৰ দলৈ কবিন্দ্ৰ শৰ্মাক দেশ-বিদেশৰ নিমন্ত্ৰণত অযোধ্যাৰ ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা উৎসৱলৈ আমন্ত্ৰণ জনায় অখিল ভাৰতীয় প্ৰমুখ ৱাই ৰাঘুবল্লুই। ইয়াৰ আগেয়ে বশিষ্ঠ মন্দিৰৰ পৰাও আনুষ্ঠানিক ভাৱে মাটি আৰু পবিত্ৰ জল সংগ্ৰহ কৰা হয়।

Leave A Reply

Your email address will not be published.