প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অধীনত কামৰূপ জিলাত ৮১,৬৮০ টা ঘৰ সম্পূৰ্ণ
গুৱাহাটীঃ প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অধীনত কামৰূপ জিলাত যোৱা ৩০ মাহৰ ভিতৰত অভিলেখ সংখ্যক ৬১, ৫৫০ টা ঘৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে। এই আঁচনি আৰম্ভ হোৱাৰে পৰা এতিয়ালৈকে জিলাখনৰ ৯৩, ১৯৯ টা পৰিয়ালে ঘৰৰ আৱন্টন লাভ কৰাৰ বিপৰীতে এতিয়ালৈকে ৮১,৬৮০ টা ঘৰ সম্পূৰ্ণ হৈছে। লক্ষ্যণীয়ভাবে ইয়াৰে ৭৫ শতাংশই যোৱা ৩০ মাহত সম্পূৰ্ণ হৈছে। আজি কামৰূপৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ কুমাৰ কাকতিয়ে এখন সংবাদ মেলত এই তথ্য প্ৰকাশ কৰে। নিজৰ কাৰ্যালয় কক্ষত আয়োজিত সংবাদ মেলখনত তেওঁ কয় যে, বাকী থকা ১১,৫১৯ জন হিতাধিকাৰীৰ নিৰ্মিয়মান ঘৰ সমূহ অহা ডিচেম্বৰ মাহৰ
ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। তেওঁ লগতে জনোৱা মতে, কামৰূপ জিলাৰ মুঠ ১৪ টা উন্নয়ন খণ্ডৰ ভিতৰত ছমৰীয়া উন্নয়ন খণ্ডতে সৰ্বাধিক ২১,২৬২ টা পৰিয়ালে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ বাবে মঞ্জুৰী লাভ কৰিছে আৰু ইয়াৰে ১৯,৫৮৪ টা ঘৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে। উল্লেখযোগ্য যে, নিজা পকী ঘৰ নথকা দৰিদ্ৰ লোক সকলক নিজাকৈ এটা উন্নত আৱাসৰ সুবিধা দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২০১৫ চনৰ পৰা বলবৎ কৰা প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্বাচিত হিতাধিকাৰী সকলে ঘৰ সজাৰ বাবে চৰকাৰৰ পৰা তিনিটা কিস্তিত মুঠ ১,৩০,০০০ টকা অনুদান হিচাপে লাভ কৰে। তদুপৰি এই কামত নিজে শ্ৰমদান কৰাৰ বাবে
মহাত্মা গান্ধী এনৰেগা আঁচনিৰ অধীনত ৯৫ দিনৰ মজুৰি হিচাপত মুঠ ২২,৬১০ টকা লাভ কৰে। ইয়াৰ উপৰিও এনে আৱাসৰ হিতাধিকাৰীয়ে বিনামূলীয়া বিদ্যুৎ যোগান, ৰন্ধন গেছৰ সংযোগ, জল জীৱনৰ পানী যোগান আৰু স্বচ্ছ ভাৰত অভিযানৰ অধীনত এটা শৌচাগাৰৰ সুবিধাও লাভ কৰে। দেশৰ ধনী-দুখীয়া নিৰ্বিশেষে সকলোকে এটা উন্নত আৱাসৰ অধিকাৰী কৰাৰ লক্ষ্যৰে হাতত লোৱা এই আচঁনিৰ কাম যোৱা আঢ়ৈ বছৰত অতি ক্ষীপ্ৰতাৰে সম্পন্ন কৰিবলৈ লোৱা হৈছে। সংবাদ মেলত জিলা গ্ৰামীণ বিকাশ অভিকৰণৰ কাৰ্যবাহী অভিযন্তা অপূৰ্ব বৰুৱা, উপ মুখ্য কাৰ্যবাহী বিষয়া বিপ্লৱ দেউৰী বৰুৱা আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাও উপস্থিত থাকে।