ashomiyapatrika.com

ভাৰত-ভূটান সীমান্তৱৰ্তী নিচিমাত ইউ পি পি এলৰ বিশাল জনসভাত প্ৰমোদ বড়ো

0 30

হাগ্ৰামা মহিলাৰীয়ে সমাজ গঠনৰ সলনি সমাজ ধ্বংসৰ নীতি গ্ৰহণ কৰিছেঃ বি টি আৰত বৰ্তমানে শান্তি, নিৰাপত্তা আৰু উন্নয়ন সুনিশ্চিত হোৱাৰ দাবী

কাজলগাঁওঃ আজি চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী নিচিমাত শাসনাধিষ্ট ইউ পি পি এলৰ এক বিশাল জনসভা আৰু যোগদান কাৰ্যসূচী ৰূপায়ন কৰা হয়।এই জনসভাত উপস্থিত থাকি বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে বি টি আৰত বৰ্তমানে শান্তি, নিৰাপত্তা আৰু উন্নয়ন সুনিশ্চিত হোৱা বুলি দাবী কৰি বি টি চিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামাৰ বিৰুদ্ধে সৰৱ হৈ পৰে। তেওঁ কয় যে হাগ্ৰামা মহিলাৰীয়ে যি দমনমূলক নীতিৰে বিগত ১৭ বছৰে অপশাসন চলাইছিল তাৰ পৰা তেওঁ কোনো শিক্ষা নহ’লে। তেওঁ স্বেচ্ছাচাৰী স্বভাৱৰ পৰা নিজকে সংশোধন নকৰিলে, যাৰ ফলত অতিষ্ঠ হৈ দলে দলে ৰাইজ আহি ইউ পি পি এলত যোগদান কৰিবলৈ

লৈছে।ৰাইজে বিচৰা ধৰণে পৰিৱৰ্তন, শান্তি, উন্নয়ন, নিৰাপত্তা বিগত তিনিটা বছৰত দেখিবলৈ পাইছে, যাৰ ফলত দলটিৰ প্ৰতি ৰাইজ আকৃষ্ট হৈছে। আনহাতে হাগ্ৰামাই ইউ পি পি এলে লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হোৱা বুলি কৰা অভিযোগৰ সম্পৰ্কত তেওঁ যে ইউ পি পি এলৰ লক্ষ্য সম্পৰ্কে বি পি এফ দলে একো নাজানে বুলি কটাক্ষ কৰি কয় যে দলটোৰ তিনিটা প্ৰধান লক্ষ্য বি টি আৰত শান্তি স্থাপন কৰা, নিৰাপত্তা সুনিশ্চিত কৰা আৰু সমন্বয় গঢ়ি তোলাৰ ক্ষেত্ৰত ইউ পি পি এল অতি কম সময়ৰ ভিতৰতে সফল হৈছে। তেওঁ লগতে কয় যে বি পি এফে আধৰুৱাকৈ নিৰ্মাণ কৰা ঘৰ ইউ পি পি এলে সম্পূৰ্ণ কৰিছে, নতুনকৈ গৃহ নিৰ্মাণ কৰিছে, ৪ হাজাৰৰো অধিক

নিবনুৱাক ১৮ পইছাও নোলোৱাকৈ চাকৰি দিছে, আত্মসহায়ক গোট, কৃষকক উৎসাহিত কৰিবলৈ বিভিন্ন আঁচনি গ্ৰহণ কৰিছে, ইঞ্জিনিয়াৰিং, মেডিকেলৰ নামভৰ্তি তথা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে বিনামূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। আনহাতে ২০২৪ চনলৈকে শিক্ষক নিযুক্তিকে ধৰি বিদ্যালয়সূহৰ আন্তঃগাথঁনিৰ সকলো সমস্যা সমাধান কৰা হ’ব বুলি তেওঁ মন্তব্য কৰে। ইপিনে হাগ্ৰামা মহিলাৰীয়ে সমাজ গঠনৰ সলনি সমাজ ধ্বংসৰ নীতি গ্ৰহণ কৰা বুলি উল্লেখ কৰি তেওঁ নিজৰ দলৰ সদস্যকে নতুনকৈ যোগদান কৰা দেখুৱাই নাটক কৰা বুলি মন্তব্য কৰি অচিৰেই বি টি আৰ বি পি এফ শূন্য হ’ব বুলি দাবী কৰে। আনহাতে চাৰি ৰাজ্যত মিত্ৰ দলৰ

সফলতা সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বড়োৱে কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এফালে যেনেকৈ ভাৰতক বিশ্বগুৰু হিচাপে গঢ়ি তোলাৰ লক্ষ্য কৰি লৈছে আৰু আনহাতে দেশৰ শেষৰজন দৰিদ্ৰ লোককো আগুৱাই নিবলৈ প্ৰয়াস কৰিছে।বিশ সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত এই জনসভাত ১৭৫০ জন লোকে ইউ পি পি এলত যোগদান কৰে। ইয়াৰ ভিতৰত বি পি এফ দলৰ সদস্যই অধিকাংশ বুলি উদ্যোক্তাসকলে দাবী কৰে। উল্লেখ্য যে বি টি আৰ আক্ৰাছুৰ সভাপতি সমীৰণ সিংহইও আজি আনুষ্ঠানিক ভাৱে ইউ পি পি এলত যোগদান কৰে। অনুষ্ঠানৰ পূৰ্বে প্ৰমোদ বড়োৱে নিচিমা অঞ্চলত এক কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এটা

ৰাস্তা মুকলি কৰাৰ লগতে কেবাটাও আঁচনিৰ আধাৰশিলাও স্থাপন কৰে। ভূটান সীমান্তৱৰ্তী অঞ্চলৰ মাউৰীয়াত আজি বড়োৱে ৩০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এটি জলসিঞ্চন আঁচনিৰো আধাৰশিলা স্থাপন কৰে, যাৰ জৰিয়তে ২৫ খন গাঁৱৰ ৫ হাজাৰ মানুহ উপকৃত হ’ব। চিৰাং জিলাৰ এই পিছ পৰা অঞ্চলটোত ৯০ কোটি টকাৰ আঁচনি ৰূপায়ন কৰা হ’ব বুলিও তেওঁ ঘোষণা কৰে।সভাত বক্তব্য ৰাখি বি টি চিৰ বনবিভাগৰ কাৰ্যকৰী সদস্য ৰঞ্জিত বসুমতাৰীয়ে বিগত তিনিটা বছৰত ৮৬ হাজাৰ লোকক ভূমি পট্টা দিয়া হৈছে বুলি দাবী কৰে।আজিৰ সভাত চিডলীৰ বিধায়ক জয়ন্ত বসুমতাৰী, বি টি চিৰ ই এম ধনঞ্জয় বসুমতাৰী, এম চি এল এ মাধৱ চন্দ্ৰ চেত্ৰী, ইউ পি পি এলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰী, চিৰাং জিলা ইউ পি পি এলৰ সভাপতি নিৰ্মল কুমাৰ ব্ৰহ্ম উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.