নিখিল ৰাভা ছাত্ৰ সন্থাৰ বকো আঞ্চলিক সমিতিৰ কাৰ্য্যালয় প্ৰাংগনত শ্বহীদ বেদী উন্মোচন টংকেশ্বৰ ৰাভাৰ
বকোঃ নিখিল ৰাভা ছাত্ৰ সন্থাৰ জাতীয় শ্বহীদ সকলৰ পুণ্য আত্মাক স্মৰণ কৰিবলৈ স্মৃতি সৌধ হিচাপে নিৰ্মাণ কৰা শ্বহীদ বেদী এটা আজি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী পাৰিষদ টংকেশ্বৰ ৰাভাই। বকো আঞ্চলিক সমিতি ৰাভা ছাত্ৰ সন্থাৰ সভাপতি সুজিত ৰাভা আৰু সাধাৰণ সম্পাদক দিব্য ৰাভাৰ তৎপৰতাত আয়োজন কৰা এক জনবহুল আৰু মনোজ্ঞ কাৰ্য্যসুচীৰ জৰিয়তে টংকেশ্বৰ ৰাভাই শ্বহীদ বেদীটো উদ্ধোধন কৰে। শ্বহীদ বেদী উদ্ধোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে পৰিষদ খনৰ ২৭ নং বকো পৰিষদীয় সমষ্টিৰ পাৰিষদ সুমিত ৰাভা, পৰিষদৰ সমষ্টিৰ মণিটৰিং সমিতিৰ বিষয় ববীয়া সকল, নিখিল
ৰাভা ছাত্ৰ সন্থাৰ জিলা সমিতিৰ বিষয় ববীয়া, আঞ্চলিক সমিতিৰ বিষয় ববীয়া সকল, ৰাভা জনগোষ্ঠীৰ অন্যান্য সংগঠনৰ বিষয় ববীয়া সকল, মহিলা পৰিষদৰ ভিন্ন পদবীধাৰী নেত্ৰীবৃন্দ, নালাঘাটৰ ৰাইজ গয়ৰহকে ধৰি বহু সংখ্যক বহু ৰাইজে। উল্লেখ্য যে প্ৰখ্যাত স্থপতিবিদ ভাস্কৰ ৰাভাৰ জৰিয়তে প্ৰস্তূত কৰা প্ৰকল্পৰ আৰ্হিত নিৰ্মাণ কৰা শ্বহীদ বেদীটো উদ্ধোধন কৰি মুখ্য কাৰ্য্যবাহী টংকেশ্বৰ ৰাভাই কয় যে ৰাভা জনগোষ্ঠীৰ সামগ্ৰীক বিকাশ আৰু উত্তোৰণৰ লক্ষ্যৰে চলোৱা সংগ্ৰাম আৰু অন্যান্য কাৰ্য্য ব্যৱস্থাত আকস্মিক মৃত্যু ঘটা কাৰণে মৃতকক আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা আৰু সোঁৱৰণ কৰাৰ ষ্মাৰক শ্বহীদ বেদীটো আজি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয়। শ্বহীদ বেদী উন্মোচন কৰি ৰাইজক সম্বোধন কৰি আয়োজন কৰে এখন ৰাজহুৱা সভা।