ashomiyapatrika.com

সূত্রধৰ উন্নয়ন পৰিষদ গঠনৰ দাবীৰে অহা ১৫ ডিচেম্বৰত সূত্রধৰ যুৱ-ছাত্ৰ সন্থাৰ উদ্যোগত ৰূপায়ণ কৰিব দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী

0 52

কাজলগাঁওঃ অতিকৈ পিছপৰা সূত্ৰধৰ জনগোষ্ঠীৰ লোকসকলৰ মৌলিক সমস্যা সমূহ বিগত চৰকাৰ আৰু বৰ্তমানৰ অসম চৰকাৰৰ লগতে বিটিআৰ চৰকাৰে গুৰুত্ব নিদিয়াত সম্প্ৰতি ক্ষুব্ধ হৈ পৰিছে সূত্রধৰ যুৱ ছাত্ৰ সন্থা। আজি কোকৰাঝাৰ স্থিত সূত্ৰধৰ ভৱনত অনুষ্টিত সূত্রধৰ যুৱ ছাত্ৰ সন্থা আৰু কোকৰাঝাৰ জিলা সূত্রধৰ সন্মিলনীৰ যৌথ সভাত সূত্রধৰ উন্নয়ন পৰিষদ গঠনৰ লগতে অন্যান্য জাতীয় সমস্যা সমূহ সমাধানৰ বাবে অহা ১৫ ডিচেম্বৰ,২০২৩ ইং তাৰিখে কোকৰাঝাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী, মন্ত্রী পিযুষ হাজৰিকা, বিটিআৰ প্ৰধান প্ৰমোদ বড়োক স্মাৰক পত্ৰ

প্ৰদান কৰিব বুলি এক স্মাৰকপত্ৰযোগে সন্থাৰ বিষয়ববীয়াই সংবাদমাধ্যমক সদৰি কৰে৷ লগতে ইয়াৰ পিছতো বৰ্তমানৰ অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰে সূত্রধৰ জনগোষ্ঠীৰ সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰিলে সমাগত লোকসভা নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিব বুলি সকয়নি প্ৰদান কৰে৷ উল্লেখ থাকে যে কোকৰাঝাৰ জিলাৰ পিছতে অন্যান্য জিলা সমূহতো পৰ্য্যায়ক্ৰমে উক্ত দাবীসমূহ সমাধানৰ বাবে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি এক প্ৰেছ বিবৃত্তি যোগে সূত্রধৰ যুৱ ছাত্ৰ সন্থাৰ সভাপতি দীনেশ সূত্রধৰ আৰু ভাৰপ্ৰাপ্ত সম্পাদক হেমেন সূত্রধৰে জানিবলৈ দিয়ে৷

Leave A Reply

Your email address will not be published.