বকো আঞ্চলিক ৰাস মহোৎসৱৰ গৌৰৱজ্বল সপ্তম দিনৰ সাংস্কৃতিক মঞ্চ উদ্ধোধক যুৱ কৰ্মী ভৱেন দাসঃ ২৪ সংখ্যক বৰ্ষৰ বৰ্ণাঢ্য আয়োজন
বকোঃ কামৰূপ জিলাৰ বকো আঞ্চলিক ৰাস মহোৎসৱৰ আজি গৌৰৱজ্বল সপ্তম দিন। এই বেলি ২৪ সংখ্যক বৰ্ষৰ বাবে আয়োজন কৰা হৈছে ভগৱান শ্ৰীকৃষ্ণৰ ৰাসক্ৰীড়া। যোৱা ২৭ নৱেম্বৰত আনুস্থানিক ভাৱে শুভ উদ্ধোধন কৰা ৰাস মহোৎসৱ স্থলীত ভক্তপ্ৰাণ ৰাইজৰ আগমনে পৰিবেশ মধুৰ কৰি তুলিছে। ৰাস পূজা মহোৎসৱত মৃন্নয় মূৰ্তিয়ে ধৰ্মীয় আবেগ সৃষ্টি কৰিছে। আজি সপ্তম দিনাৰ সন্ধিয়া সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ আনুস্থানিক ভাৱে উদ্ধোধন কৰে বকোৰ সৰবৰহী যুৱ কৰ্মী তথা নন্দিনী গেছ এজেঞ্চিৰ পৰিচালক ভৱেন দাসে। মঞ্চ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে বকো আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি জীতুল নাংডো ৰাভা, সাধাৰণ
সম্পাদক শংকৰ কলিতা, কাৰ্য্যকৰী সভাপতি প্ৰবীণ তালুকদাৰকে ধৰি বহু সংখ্যক বিশিষ্ট অতিথি। ৰাস মহোৎসৱ আয়োজক সমিতিৰ সাংস্কৃতিক বিভাগৰ কৰ্মী অপূৰ্ব ৰাভাই আত ধৰা অনুস্থানত সন্ধিয়া আয়োজন কৰে এক ধৰ্মালোচনা চক্ৰ। ‘ৰাস মাত্ৰা আৰু আধ্যাত্মিকতাবাদৰ মূল্যবোধ’ শীৰ্ষক আলোচনাচক্ৰৰ সঞ্চালনা কৰে হেকেৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড: গণেশ্বৰ চহৰীয়াই। অনুস্থানত আলোচক হিচাপে অংশগ্ৰহণ কৰে বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ লক্ষ্মীকান্ত শৰ্মা, অৱসৰপ্ৰাপ্ত সাংস্কৃতিক বিষয়া কেশৱ ৰাভাকে ধৰি বহু কেইজন বিশিষ্ট আলোচকে। ইফালে নিশা সাংস্কৃতিক অনুষ্ঠানত নৃত্য প্ৰতিযোগিতা আয়োজন কৰা হয়।