বকোত উপঢৌকন লৈ গ্ৰেপ্তাৰ উপ পঞ্জীয়ক প্ৰণিতা আৰু মহৰি মহৰঃ মাটি নামজাৰীৰ নামত লয় ধন
বকোঃ ৰাজ্যত মুখ্যমন্ত্ৰীৰ দূৰ্ণীতি নিবাৰক শাখাৰ বিষয়া কৰ্মচাৰী পিয়াপি দি ঘুৰি ফুৰি থকা ঘটনা সৰ্বজনবিদিত। তৎস্বত্তেও ভয় আৰু শংকা নাই ভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীৰ। দূৰ্নীতিবিৰোধী বিৰোধী অভিযানত প্ৰায়েই হাত দাঙি আটক হয় ৰাজ্যৰ কৰ্মচাৰী। উল্লেখ্য যে আজিও কামৰূপ জিলাৰ বকোত এগৰাকী বিষয়া আৰু এগৰাকী সাধাৰণ কৰ্মচাৰীয়ে হাত দাঙিলে ভিজিলেঞ্চৰ তদন্তকাৰী বিষয়াৰ ওচৰত। জানিব পৰা মতে উপঢৌকন লৈ গ্ৰেপ্তাৰ উপ পঞ্জীয়ক ও বিবাহ পঞ্জীয়ক কাৰ্য্যলয়ৰ এগৰাকী বিষয়া সহ কৰ্মচাৰী এগৰাকী। দুৰ্ণীতি নিবাৰক শাখাৰ দলটোৰ হাতত গ্ৰেপ্তাৰ হোৱা বিষয়া গৰাকী হ’ল বকোস্থিত উপ পঞ্জীয়ক কাৰ্য্যালয়ৰ জ্যেষ্ঠ্য সহায়ক প্ৰণিতা বৈশ্য
(চিনিয়ৰ এচিছটেন্ট) আৰু কাৰ্য্যালয়ৰ মহৰি (ডিড লিখক) আমিন মহৰ আহমেদ ৷ জানিব পৰা মতে মাটি নামজাৰীৰ বাবে বকোৰ বৰপাৰাৰ অৱসৰ প্ৰাপ্ত সৈনিক লাবন্য মজুমদাৰৰ পৰা লৈছিল উপঢৌকনৰ ধন৷ আজি কাৰ্য্যালয়ত ধন লৈ থকা অৱস্থাত হাতে লোটে গ্ৰেপ্তাৰ কৰে ভিজিলেঞ্চ তথা এন্টি কৰাপছনৰ লোকে। বাতৰি লিখা পৰলৈ কাৰ্য্যালয়ৰ ভিতৰত অধিক তথ্যৰ বাবে তদন্ত চলাই আছে বুলি জানিব পৰা গৈছে।