ashomiyapatrika.com

নিজম পৰিল বগাইৰ সমন্বয় ক্ষেত্ৰঃ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠন

0 32

সামাজিক সেৱা – ক্ৰীড়া আৰু সাংস্কৃতিক সন্ধিয়াৰ মঞ্চত স্মৃতিগ্ৰন্থ ‘বগাই’ উন্মোচন

বকোঃ কামৰূপ জিলাৰ বৃহত্তৰ বকো অঞ্চলত সামাজিক – সাংস্কৃতিক আৰু ক্ৰীড়া অনুষ্ঠানৰ জৰিয়তে প্ৰতিষ্ঠা লাভ কৰা স্বেচ্ছাসেৱী সংগঠন ‘বগাই’ৰ এই বেলি ৰূপালী জয়ন্তী বৰ্ষ। যোৱা ৫ জেঠ অৰ্থাৎ ২০ মে’ৰ দিনা আনুস্থানিক ভাৱে শুভাৰম্ভ হোৱা ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান ২৬ আৰু ২৭ নৱেম্বৰত দুই দিনীয়া বিস্তৃত কাৰ্য্যক্ৰমণিকাৰে আয়োজন কৰা হৈছে। সামাজিক – সাংস্কৃতিক আৰু ক্ৰীড়া সংগঠন ‘বগাই’ বকোৰ সভাপতি সংগীত বড়ো আৰু সম্পাদক ধীৰাজ (ৰাজা) ৰাভা সহ বগাই সংগঠন পৰিচালনা সমিতিৰ বিষয় ববীয়াৰ তৎপৰতাত আয়োজন কৰা হয় সাংস্কৃতিক অনুষ্ঠানটোৰ বৰ্ষজোৰা কাৰ্য্যসুচী। অনুস্থানটোৰ বৰ্ষজোৰা কাৰ্য্যসুচী সু

পৰিচালনাৰ বাবে ইতিমধ্যে যুৱ সমাজ কৰ্মী তথা ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ পাৰিষদ অৰ্জুন চেত্ৰীক সভাপতি আৰু যুৱ কৰ্মী হিৰণ্য পাঠকক সাধাৰণ সম্পাদক হিচাপে মনোনীত কৰি লগতে বিভিন্ন বিভাগৰ যাৱতীয় কাম-কাজ পৰিচালনাৰ বাবে গঠন কৰা হৈছিল বহু কেইখন উপ সমিতি। ইফালে বগাইৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি সমগ্ৰ দক্ষিণ কামৰূপৰ ঐতিহাসিক পটভূমিত ভিন্ন লেখকৰ লিখনীৰ দ্বাৰা প্ৰকাশ কৰা হৈছে ‘বগাই’ নামৰ এখন সুন্দৰ কলেৱৰৰ স্মৃতিগ্ৰন্থ। বৌদ্ধিক সমাজৰ কৰ্মী বশিষ্ঠ দেৱ শৰ্মাক সভাপতি, গোবিন্দ দলৈ আৰু বিষ্ণু ৰাম দাসক সম্পাদক সহ বহুকেইজন বিশিষ্ট বৌদ্ধিক ব্যক্তিক উপদেষ্টা হিচাপে লৈ

গঠন কৰা হৈছে স্মৃতিগ্ৰন্থ প্ৰকাশক সমিতি খন। স্মৃতিগ্ৰন্থ প্ৰকাশক সমিতিৰ যুটীয়া সম্পাদক বিষ্ণু ৰাম দাস আৰু গোবিন্দ দলৈয়ে জনোৱা মতে ইতিমধ্যে বৃহৎ কলেৱৰত সুন্দৰ আৰু তত্বগধুৰ লিখনি সমৃদ্ধ লেখনিৰে সম্পূৰ্ণ কৰি তোলা স্মৃতিগ্ৰন্থ খন ২৬ নৱেম্বৰৰ সন্ধিয়া বগাইৰ সাংস্কৃতিক মঞ্চত আনুস্থানিক ভাৱে উন্মোচন কৰা হয়। স্মৃতিগ্ৰন্থ খন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে প্ৰতিথযথা সাংবাদিক তথা এন কে টি ডি আৰু আমাক অসম বাতৰি কাকতৰ সঞ্চালক আৰু সাহিত্য একাডেমী বঁটা বিজয়ী মনোজ কুমাৰ গোস্বামীয়ে। বগাই সাংস্কৃতিক সন্ধিয়াৰ কাৰ্য্যসুচী ৰূপায়ণ কৰিবলৈ ভূপেন হাজৰিকা সূৱৰী মঞ্চ বকোত বৃহৎ আকাৰৰ মঞ্চ, ৰভা আৰু দৰ্শক ৰাইজৰ বাবে

বিশাল এলেকাজুৰি আসন সংৰক্ষিত ঠাই আৱৰি লোৱা হয়। আনহাতে বগাই উদ্যোগত বছৰি অসম ভিত্তিত কৃষি বটা, সামাজিক, সাংস্কৃতিক আৰু ক্ৰীড়া বঁটা প্ৰদান কৰা হয়। এই বৰ্ষও উক্ত কাৰ্য্যসুচী ৰূপায়ণ কৰা হ’ব বুলি জানিব দিয়ে উদযাপন সমিতিয়ে। বকোৰ বগাইৰ দুই দিনৰ বিস্তৃত কাৰ্য্যসুচী অনুসৰি ২৬ নৱেম্বৰত ভিন্ন জাতি জনগোষ্ঠীৰ বাৰেচহৰীয়া সাংস্কৃতিক শোভাযাত্ৰা। বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বিশিষ্ঠা অভিনেত্ৰী মিছ আশা ৰিয়াই। ইয়াৰ পিছতে মুকলি পাঞ্জা খেল অনুস্থিত হয়। সন্ধিয়া পৰত সাংস্কৃতিক মঞ্চত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট উদ্যোগপতি উৎপল মেধিয়ে। সাংস্কৃতিক মঞ্চ উদ্ধোধন কৰে ৰাভা হাছং স্বায়ত্ব

শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ টংকেশ্বৰ ৰাভাই। অনুস্থানত অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ যুটিয়া সঞ্চালক তথা অসম প্ৰশাসনিক সেৱাৰ বিষয়া সিদ্ধাৰ্থ গোশ্বামী, জ্যেষ্ঠ্য সমাজ কৰ্মী তথা উদ্যোগপতি শান্তি কুমাৰ জৈন, নিখিল ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ ৰাভা, ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ সুমিত ৰাভা, সোণাৰাম ৰাভাকে ধৰি বহু সংখ্যক বিশিষ্ট অতিথি। উক্ত দিনাৰ সাংস্কৃতিক সন্ধিয়াৰ মঞ্চত দৰদী কন্ঠ শিল্পী শংকুৰাজ কোঁৱৰৰ গীতৰ শৰাইৰ উপৰিও স্থানীয় শিল্পীৰ গীত মাত আৰু বিহু দলৰ নৃত্য প্ৰদৰ্শন। ইফালে ২৭ নৱেম্বৰত দিনৰ ভাগত বগাইৰ ন –

পুৰণি সতীৰ্থ সন্মিলন আৰু মনোৰঞ্জনৰ বাবে ভেকচন প্ৰতিযোগিতা লগতে সন্ধিয়া ইণ্ডিয়ান আইডলৰ শিল্পী ৰিতো ৰিবা আৰু অন্যান্য শিল্পীৰ গীত মাত পৰিবেশন কৰা হয়।দুয়ো দিনাই কেৱা সহস্ৰাধিক দৰ্শকৰ আগমনৰ ফলত বগাইৰ সমন্বয় ক্ষেত্ৰত লোকে লোকাৰ্ণ পৰিবেশ সৃষ্টি হয়। আজি বগাই ক্ষেত্ৰ নিজম পৰি নিস্তব্ধতা হৈছে।

Leave A Reply

Your email address will not be published.