বকোত প্ৰভাতি মাল্টিপাৰপাছ কোঃ অপাৰেটিভ ছোচাইটি লিমিটেডৰ কাৰ্য্যালয় মুকলি
বকোঃ গ্ৰামাঞ্চলৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায় আৰু ব্যৱসায়িক প্ৰতিষ্ঠান উন্নত কৰি চলি থাকিবলৈ আৰ্থিক সহযোগীতা কৰিবলৈ কামৰূপ জিলাৰ বকোত মুকলি কৰা হ’ল প্ৰভাতি মাল্টিপাৰপাছৰ কাৰ্য্যালয়। বিত্তীয় প্ৰতিষ্ঠানটোৰ ছয়গাঁওত মুখ্য কাৰ্য্যালয় থকা হেতুকে বকোৰ বৰপাৰাত স্থাপন কৰে শাখা কাৰ্য্যালয়টো। আজি আনুস্থানিক ভাৱে ৰঙা ফিটা কাটি শুভ উদ্ধোধন কৰে নাবাৰ্ডৰ প্ৰাক্তন বিষয়া মানিক চন্দ্ৰ দাসে। বকো শাখা কাৰ্য্যালয় মুকলি অনুস্থানত অংশগ্ৰহণ কৰে কোঃ অপাৰেটিভ ছোচাইটিৰ সভাপতি অমৰ তালুকদাৰ, উপ সভাপতি ধৰ্মকান্ত
কলিতা, সাধাৰণ সম্পাদক নৱজ্যোতি চৌধুৰীকে ধৰি কেৱাজনো বিষয় ববীয়া। ইফালে বকোৰ শুভাকাংশী গোকুল চন্দ্ৰ বড়ো আৰু প্ৰাণেশ্বৰ বড়োৰ সহযোগত বকোত কাৰ্য্যালয় মুকলি কৰে। উল্লেখ্য যে পঞ্জীয়ন নং জেড জে / ৬১ / ২০২৪/২৪ নম্বৰৰ প্ৰতিষ্ঠান খনৰ জৰিয়তে বকোৰ সমাজ জীৱনত ব্যৱসায় বাণিজ্যিত সহায় হ’ব বুলি জানিব দিয়ে গোকুল বড়োই।