ashomiyapatrika.com

এন চি চিৰ উত্তৰ পূব মণ্ডলৰ কাৰ ৰেলীক গুৱাহাটীত আদৰণি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাৰ

0 26

গুৱাহাটীঃ ঐক্য, সংহতি, নিয়মানুবৰ্তিতা আৰু নেতৃত্ব প্ৰদান আৰু দেশপ্ৰেমৰ বাণী লৈ ৬ নবেম্বৰত মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙৰ পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ এন চি চিৰ উত্তৰ পূব সঞ্চালকালয়ৰ কাৰ ৰেলি উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্য পৰিভ্ৰমণ কৰি গুৱাহাটীৰ নাৰেংগীস্থিত মিলিটেৰী ষ্টেচনত কালি বিয়লি আহি উপস্থিত হয়। আজি নাৰেংগীত এই কাৰ ৰেলীৰ আনুষ্ঠানিক ভাৱে সামৰণি পৰে বুলি ঘোষণা কৰা হয়। এই উপলক্ষে ব্ৰহ্মপুত্ৰ হলত আয়োজিত এটা অনুষ্ঠানত পতাকা জোকাৰি কাৰ ৰেলীক আদৰণি জনায় অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডাৰ – ইন – চীফ

লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা আৰু ৫১ চাব এৰিয়াৰ জেনেৰেল অফিচাৰ কমাণ্ডিং মেজৰ জেনেৰেল পি এছ যোশী আৰু সেনা আৰু অসামৰিক বিভাগৰ কেবাজনো উচ্চপদস্থ বিষয়াই৷ উল্লেখ্য যে কাৰ ৰেলীত নিৰ্বাচিত ৭৬ জন এন চি চি কেডেটে কেডেটে অংশগ্ৰহণ কৰাৰ বিপৰীতে মাৰুতি চুজুকি জিমনীৰ ৭ খন আৰু গ্ৰেণ্ড ভিটাৰাৰ ৫ খন এছ ইউ ভি বাহনে ভাগ লৈছিল৷ এই ৰেলীয়ে উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যত ৪৪ খন জিলাৰ ৩,৪০০

কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে। যত ২০০ খন বিদ্যালয়, ১৪০ খন মহাবিদ্যালয়ৰ ২০ হাজাৰৰো অধিক ছাত্ৰ – ছাত্ৰীয়ে এই কাৰ ৰেলীৰ অনুষ্ঠানত জৰিত হৈ পৰিছিল। আনকি বিদ্যালয় আৰু মহাবিদ্যালয় সমূহত এই উপলক্ষে বৰ্ণাঢ্য কাৰ্যসূচীৰে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছিল।

Leave A Reply

Your email address will not be published.