বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে শ্ৰমিক কৃষকৰ ৰাজ্যজোৰা প্ৰবল প্ৰতিবাদ, দহ সহস্ৰাধিক শ্ৰমিক কৃষকে উত্তাল কৰিলে গুৱাহাটীৰ পুৰণি কাছাৰীঘাট
গুৱাহাটীঃ ২০২০-২১ৰ ২৬ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা আৰু এবছৰৰ ওপৰকাল ধৰি চলা ঐতিহাসিক কৃষক আন্দোলনৰ সময়ত স্বাক্ষৰিত চুক্তিৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ বিশ্বাসঘাতকতা আৰু একেদিনাই আৰম্ভ হোৱা সৰ্বভাৰতীয় শ্ৰমিক ধৰ্মঘটৰ দুবছৰৰ পিছতো দাবীসমূহ অৱজ্ঞা কৰি অহাৰ প্ৰতিবাদত দেশৰ আন সকলো ৰাজ্যৰ ৰাজধানীৰ লগতে গুৱাহাটীতো আজি শ্ৰমিক, কৃষক সংগঠনসমূহ আৰু কৰ্মচাৰী ফেডাৰেছনৰ যৌথ মঞ্চই ৰাজভৱন অভিযান উপলক্ষে পানবজাৰৰ মেঘদূত ভৱনৰ সন্মূখত সমৱেত হয়৷ আই এন টি ইউ চি, চি আই টি ইউ, এ আই টি ইউ চি, এ আই চি চি টি ইউ, এ আই ইউ টি ইউ চি, টি ইউ চি চি, এইছ এম এছ, অসম ৰাজ্যিক কৃষক
সভা, এ আই কে এছ, অসম কৃষি শ্ৰমিক ইউনিয়ন, অসম কৃষি মজদুৰ সন্থা, সদৌ অসম খেতিয়ক সন্থা, কৃষক সংগ্ৰাম মুক্তি সমিতি আৰ জনজাতি অধিকাৰ মঞ্চৰ যৌথ উদ্যোগত আ্য়োজিত ৰাজভৱন অভিযান উপলক্ষে মেগদূত ভৱনৰ সন্মূখত দহসহস্ৰাধিক লোক সমৱেত হয়৷ সমাৱেশথলীত তপন শৰ্মাৰ পৰিচালনাত অনুষ্ঠিত এখন চমু সভাত টিকেন দাস, ৰমেন দাস, হিৰণ্য বৰা, ৰাতুল বৰা, প্ৰমোদ ভাগৱতী, আশীষ দাস, শতঞ্জীব দাস, ইন্দিৰা নেৱাৰ, মমতা তালুকদাৰ, মিনাৰা বেগমে ভাষণ আগবঢ়ায়৷ ভাষণ প্ৰসঙ্গত বক্তাসকলে কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক-কৃষক বিৰোধী, কৰ্প’ৰেট স্বাৰ্থ ৰক্ষাকাৰী নীতি পৰিৱৰ্তনৰ দাবী জনায়৷ বক্তাসকলে কয় যে চৰকাৰৰ
স্বঘোষিত অমৃতকালত দেশৰ সংবিধান তথা গণতন্ত্ৰ আজি বিপদাপন্ন৷ শ্ৰমিকৰ বহু কষ্টপাৰ্জিত অধিকাৰ সমূহ কাঢ়ি নি চাৰি সংহিতাৰ নামত মালিক শ্ৰেণীৰ স্বাৰ্থ ৰক্ষা কৰিছে৷ দিল্লীৰ ঐতিহাসিক কৃষক আন্দোলনত কেন্দ্ৰীয় চৰকাৰে কৃষক নেতৃত্বৰে স্বাক্ষৰিত চুক্তিৰ অন্যতম চৰ্ত অনুসৰি ন্যুনতম সহায়ক মূল্য নিশ্চিতকৰণৰ বাবে আজিলৈকে কোনো কমিটি গঠন নকৰিলে৷ উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত কেন্দ্ৰীয় চৰকাৰৰ পুত্ৰই আন্দোলনকাৰী কৃষকৰ গাৰ ওপৰেদি গাড়ী চলাই কেবাজনো কৃষকক হত্যা কৰা ঘটনাৰ কোনো বিচাৰ নহ’ল৷ অসমত চৰকাৰী তথ্যমতেই আজি ১৭ লাখ নিবনুৱাই ভিৰ কৰিছে৷ লক্ষ লক্ষ শ্ৰমিক আজি আইনগতভাৱে প্ৰাপ্য মজুৰীৰ পৰা
বঞ্চিত৷ অঙ্গনৱাড়ী কৰ্মী-সহায়িকা, আশা কৰ্মী, ৰন্ধন কৰ্মচাৰীসহ প্ৰায় তিনিলাখ মহিলা কৰ্মচাৰীয়ে অসমত বৰ্তমানেও কোনো মজুৰী নাপায়৷ অসমৰ ১২ লাখ চাহ শ্ৰমিকে আইন অনুসৰি পাব লগা মজুৰীৰ পৰা বঞ্চিত হৈ আছে৷ বক্তাসকলে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি নেতৃত্বাধীন উভয় চৰকাৰক জনবিৰোধী চৰকাৰ আখ্যা দিয়ে আৰু অহা ২০২৪ৰ সাধাৰণ নিৰ্বাচনত এই জনবিৰোধী, শ্ৰমিক-কৃষক-কৰ্মচাৰী বিৰোধী চৰকাৰক বিদায় দিবলৈ জনসাধাৰণলৈ আহবান জনায়৷ ৰাজভৱন অভিযানক বাধা দিয়াৰ উদ্দেশ্যে ৰাজ্য আৰু জিলা প্ৰশাসনে মেঘদূত ভৱনৰ সন্মূখত ব্যাপক প্ৰস্তুতি চলায় আৰু বিশাল সংখ্যক আৰক্ষী আৰু অৰ্ধসামৰিক
বাহিনীৰে সমাৱেশথলী ঘেৰি ধৰে৷ সমৱেত শ্ৰমি-কৃষকৰ উত্তাল দাবী-শ্লোগানত নতশিৰ হৈ অৱশেষত ৰাজ্যপালৰ বিশেষ কৰ্তব্যৰত বিষয়া, নিৰাপত্তা বিষয়া, জিলা প্ৰশাসনৰ বিষয়া সমৱেতথলীত উপস্থিত হয় আৰু আন্দোলনকাৰী নেতৃত্বৰ পৰা ৰাজ্যপালৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিব লগীয়া স্মাৰকপত্ৰখন গ্ৰহণ কৰে৷ আটাইকেইটা সংগঠনৰ নেতৃত্বই স্বাক্ষৰ কৰা স্মাৰকপত্ৰত কৃষকৰ উৎপাদিত সামগ্ৰীৰ ন্যুনতম সমৰ্থন মূল্য আদায় দিয়াটো নিশ্চিত কৰা, শ্ৰমিক বিৰোধী শ্ৰম সংহিতা বাতিল কৰা, শ্ৰমিকৰ ন্যুনতম মজুৰি মাহিলী ২৬,০০০ টকা কৰা, চাহশ্ৰমিকক দৈনিক মজুৰি ৬৬১ টকা কৰা, আঁচনিভূক্ত কৰ্মচাৰীসকলক মাননিৰ সলনি উপযুক্ত
মজুৰি প্ৰদান কৰা, ৰাজহুৱা খণ্ডৰ ব্যক্তিগতকৰণ বন্ধ কৰা, জাতীয় মুদ্ৰাকৰণ পাইপলাইন বাতিল কৰা, দেশৰ অতি ধনী সকলৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰা, কৃষি-শিক্ষা-স্বাস্থ্য শিতানত চৰকাৰী ব্যয় বৃদ্ধি কৰা, অসমত আৰোপ কৰা সভা-সমিতিৰ অনুমতি মাচুল প্ৰত্যাহাৰ কৰাৰ দাবী উত্থাপন কৰা হয়৷ স্মাৰকপত্ৰ প্ৰদানৰ পিছত বিভিন্ন শ্লোগানেৰে সমাৱেশথলী উত্তাল হৈ উঠে৷ শ্ৰমিক নেতা তপন শৰ্মাই পৰৱৰ্তী সময়ত অধিক শক্তিশালী আন্দোলন গঢ়ি তোলা, আজি উত্থাপন কৰা দাবী সমূহ অহা ডিচেম্বৰৰ ভিতৰত পূৰণ নহ’লে ২০২৪’ৰ জানুৱাৰীত দিছপুৰ অভিযানৰ বাবে প্ৰস্তুত থাকিবলৈ আহবান জনায়৷ আনহাতে, গুৱাহাটীকে ধৰি দেশৰ প্ৰায়
সকলো ৰাজ্যৰ ৰাজধানীত অনুষ্ঠিত ৰাজভৱন অভিযানৰ সমৰ্থনত আজি অসমৰ ডিব্ৰুগড়, তেজপুৰ, শিলচৰ আৰু বঙাইগাঁৱতো আঞ্চলিক পৰ্যায়ত চাৰিখন বৃহৎ সমাৱেশ অনুষ্ঠিত হয়৷ ডিব্ৰুগড়ত প্ৰায় পাঁচ হাজাৰ, শিলচৰত তিনিহাজাৰ, তেজপুৰৰ সমাৱেশত এহেজাৰ আৰু বঙাইগাঁৱত দুহেজাৰ শ্ৰমিক-কৃষক-কৰ্মাচাৰীয়ে অংশগ্ৰহণ কৰে আৰু ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে৷