ashomiyapatrika.com

ৰাজ্যজুৰি ‘আপ’ৰ একাদশ প্রতিষ্ঠা দিৱস পালন

0 30

গুৱাহাটীঃ ‘ইণ্ডিয়া ইগেইনষ্ট কৰাপচন’ৰ বেনাৰত জন্মগ্রহণ কৰা দল আম আদমী পাৰ্টীৰ আজি একাদশ প্রতিষ্ঠা দিৱসটি সমগ্র দেশৰ লগতে গুৱাহাটীতো অসম ৰাজ্যিক সমিতিৰ উদ্যোগত দলৰ মুখ্য কাৰ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। অৰবিন্দ কেজৰিৱালৰ সততা আৰু উন্নয়নৰ ৰাজনীতিৰে সমগ্র দেশতে ক্ষীপতাৰে দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ সক্ষম হোৱা দলটিয়ে আজি আজি ডিব্রুগড়, লক্ষীমপুৰ, তেজপুৰ, যোৰহাট, কামৰূপ জিলাৰ লগতে সমগ্ৰ উত্তৰ-পূৱ ভাৰতৰ প্ৰতিখন ৰাজ্যত উলহ মালহেৰে পালন কৰে। গুৱাহাটীত দলটোৰ কৰ্মকর্তা, বিষয়ববীয়া সকলে দলীয় পতাকা উত্তোলন, বন্তি প্রজ্বলন, বীৰ শ্বহীদক

স্মৰণ, প্রসাদ বিতৰণ, কেক বিতৰণ, সাংস্কৃতি অনুষ্ঠানৰ কাৰ্যসূচীৰ লগতে মহানগৰীৰ ৰাজপথত সমদল উলিয়াই ৰাইজৰ সৈতে ভাৱ বিনিময় আৰু মতামত গ্রহণ কৰে। আজিৰ অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট সম্বৰ্দ্ধনা জনোৱাৰ লগতে বহুকেইজন আমন্ত্রিত অতিথিয়ে ভাষণ প্রদান কৰি দলটোৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে।ডিব্রুগড়ত দলীয় কার্যসূচীত অংশগ্রহণ কৰি ‘আপ’ অসমৰ ৰাষ্ট্ৰীয় তত্ত্বাবধায়ক ৰাজেশ শর্মাই সকলোকে দলৰ একাদশ প্রতিষ্ঠা দিৱসৰ শুভেচ্ছা জনাই অসমৰ জাতীয় জীৱনলৈ অহা সংকট, প্রত্যাহ্বান ৰোধ কৰিবলৈ আম আদমি পাটীয়ে এখন সুৰক্ষিত, শক্তিশালী আৰু বিকশিত অসমৰ স্বার্থত অনাগত দিনত এক দুর্জেয় শক্তি

হিচাপে কাম কৰি যাব বুলি উল্লেখ কৰে। দলটোৰ অসম ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত দলটোৰ জন্মলগ্নৰ পটভূমিৰ পৰা বিচলিত নোহোৱাকৈ অসমৰ সকলো জাতি-জনগোষ্ঠী আৰু ধর্মালম্বী লোকক একত্রিত কৰি আগন্তুক দিনত এক ঐক্যবদ্ধ শক্তিৰূপে আগবাঢ়ি যাবলৈ সদায় দায়বদ্ধ বুলি মন্তব্য আগবঢ়ায়।

Leave A Reply

Your email address will not be published.