ashomiyapatrika.com

বকোত বগাইৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান

0 34

সামাজিক সেৱা – ক্ৰীড়া আৰু সাংস্কৃতিক সন্ধিয়া আয়োজনঃ স্মৃতিগ্ৰন্থ ‘বগাই’ প্ৰকাশ

বকোঃ কামৰূপ জিলাৰ বৃহত্তৰ বকো অঞ্চলত সামাজিক – সাংস্কৃতিক আৰু ক্ৰীড়া অনুষ্ঠানৰ জৰিয়তে প্ৰতিষ্ঠা লাভ কৰা স্বেচ্ছাসেৱী সংগঠন ‘বগাই’ৰ এই বেলি ৰূপালী জয়ন্তী বৰ্ষ। যোৱা ৫ জেঠ অৰ্থাৎ ২০ মে’ৰ দিনা আনুস্থানিক ভাৱে শুভাৰম্ভ হোৱা ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান আজিৰ পৰা শুভাৰম্ভ হৈছে। সামাজিক – সাংস্কৃতিক আৰু ক্ৰীড়া সংগঠন ‘বগাই’ বকোৰ সভাপতি সংগীত বড়ো আৰু সম্পাদক ধীৰাজ (ৰাজা) ৰাভা সহ বগাই সংগঠন পৰিচালনা সমিতিৰ বিষয় ববীয়াৰ তৎপৰতাত আয়োজন কৰা হয় সাংস্কৃতিক অনুষ্ঠানটোৰ বৰ্ষজোৰা কাৰ্য্যসুচী। অনুস্থানটোৰ বৰ্ষজোৰা কাৰ্য্যসুচী সু পৰিচালনাৰ বাবে ইতিমধ্যে যুৱ সমাজ কৰ্মী তথা ৰাভা

হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ পাৰিষদ অৰ্জুন চেত্ৰীক সভাপতি আৰু যুৱ কৰ্মী হিৰণ্য পাঠকক সাধাৰণ সম্পাদক হিচাপে মনোনীত কৰি লগতে বিভিন্ন বিভাগৰ যাৱতীয় কাম-কাজ পৰিচালনাৰ বাবে গঠন কৰা হৈছে বহু কেইখন উপ সমিতি। ইফালে বগাইৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি সমগ্ৰ দক্ষিণ কামৰূপৰ ঐতিহাসিক পটভূমিত ভিন্ন লেখকৰ লিখনীৰ দ্বাৰা প্ৰকাশ কৰা হৈছে ‘বগাই’ নামৰ এখন সুন্দৰ কলেৱৰৰ স্মৃতিগ্ৰন্থ। বৌদ্ধিক সমাজৰ কৰ্মী বশিষ্ঠ দেৱ শৰ্মাক সভাপতি, গোবিন্দ দলৈ আৰু বিষ্ণু ৰাম দাসক সম্পাদক সহ বহুকেইজন বিশিষ্ট বৌদ্ধিক ব্যক্তিক উপদেষ্টা হিচাপে লৈ গঠন কৰা হৈছে স্মৃতিগ্ৰন্থ প্ৰকাশক সমিতি খন। স্মৃতিগ্ৰন্থ প্ৰকাশক

সমিতিৰ যুটীয়া সম্পাদক বিষ্ণু ৰাম দাস আৰু গোবিন্দ দলৈয়ে জনোৱা মতে ইতিমধ্যে বৃহৎ কলেৱৰত সুন্দৰ আৰু তত্বগধুৰ লিখনি সমৃদ্ধ লেখনিৰে সম্পূৰ্ণ কৰি তোলা হৈছে স্মৃতিগ্ৰন্থ খন। ২৬ নৱেম্বৰৰ সন্ধিয়া বগাইৰ সাংস্কৃতিক মঞ্চত আনুস্থানিক ভাৱে উন্মোচন কৰা হ’ব স্মৃতিগ্ৰন্থ খন। ইফালে বগাই সাংস্কৃতিক সন্ধিয়াৰ কাৰ্য্যসুচী ৰূপায়ণ কৰিবলৈ ভূপেন হাজৰিকা সূৱৰী মঞ্চ বকোত বৃহৎ আকাৰৰ মঞ্চ, ৰভা আৰু দৰ্শক ৰাইজৰ বাবে বিশাল এলেকাজুৰি আসন সংৰক্ষিত ঠাই আৱৰি লোৱা হৈছে। সাংস্কৃতিক সন্ধিয়াৰ বাবে নামি দামী শিল্পী আৰু নৃত্য দলক আমন্ত্ৰণ জনোৱা হৈছে। বগাই উদ্যোগত বছৰি

অসম ভিত্তিত কৃষি বটা, সামাজিক, সাংস্কৃতিক আৰু ক্ৰীড়া বঁটা প্ৰদান কৰা হয়। এই বৰ্ষও উক্ত কাৰ্য্যসুচী ৰূপায়ণ কৰা হ’ব বুলি জানিব দিয়ে উদযাপন সমিতিয়ে।

Leave A Reply

Your email address will not be published.