ashomiyapatrika.com

অসম জাতীয় পৰিষদত উলম্ব বিভাজনঃ দলৰ সকলো পদ এৰিলে কৰিলে উপ সভাপতি দুলু আহমেদে

0 42

গুৱাহাটীঃ কা’ আন্দোলনৰ পিছতে বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে জাতীয়তাবাদী চিন্তাধাৰাৰে আছু আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ঔৰসত গঠন হৈছিল অসম জাতীয় পৰিষদ৷ আৰম্ভণিৰে পৰা দলটোক নেতৃত্ব দিছে আছু প্ৰাক্তন সাধাৰণ সম্পাদক লুৰীনজ্যোতি গগৈয়ে৷ ইফালে দলটোত প্ৰথমৰ পৰাই থকা হাজো সমষ্টিৰ বলিষ্ঠ নেতা তথা দলটোৰ উপ সভাপতি দুলু আহমেদে আজি অকস্মাতে অসম জাতীয় পৰিষদৰ সকলো পদ ত্যাগ কৰিছে।

যাক লৈ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ আহমেদে যদিও জিলাত কাম কৰাৰ বাবে বিষয়বাব এৰা বুলি সভাপতি সম্পাদকলৈ লিখা পত্ৰখনত উল্লেখ কৰিছে কিন্তু প্ৰকৃততে


এয়া নেতৃত্বত মাজত সংঘাত বুলিহে স্পষ্ট হৈছে৷ একাংশই আনকি নেতৃত্বৰ খোৱা কামোৰাৰ বাবে উলম্ব বিভাজন বুলি উল্লেখ কৰিছে৷ অৱশ্যে পত্ৰখনৰ হিচাপত দুলু আহমেদে সাধাৰণ সদস্য পদ ত্যাগ কৰা নাই এতিয়াও। উল্লেখ্য যে অজাপৰ ধুবুৰী জিলাৰ তত্বাৱধায়কো আছিল দুলু আহমেদ। দুলু আহমেদে পদত্যাগ পত্ৰত সভাপতি তথা সম্পাদকক সম্বোধন কৰি কয়, ‘মোৰ জিলাৰ জ্যেষ্ঠ আৰু কণিষ্ঠ নেতা কর্মীসকলৰ অজ্ঞাতে কামৰূপ জিলাত কিছু কার্যসূচীত আপোনাৰ অংশ গ্ৰহণ কৰা কাৰ্যক লৈ কামৰূপ জিলাৰ তৃণমূল কর্মীসকল জাঙুৰ খাই উঠিছে আৰু কৰ্মী সকলৰ মাজত এক বিতৰ্কৰ সৃষ্টি হৈছে। যিহেতু কামৰূপ জিলাত

আপোনাৰ এই ধৰণৰ উপস্থিতিৰ বিষয়ে মইও অৱগত নহয় সেই বাবে মইও কর্মীসকলৰ জবাবদিহি হৈছোঁ যাৰ বাবে মই দলৰ উপ সভাপতি, কেন্দ্রীয় কার্য নির্বাহক সদস্য পদৰ লগতে ধুবুৰী জিলাৰ তত্বাৱধায়কৰ দায়িত্বৰ পৰা পদত্যাগ কৰিলোঁ৷ লগতে দুলু আহমেদে পদত্যাগ পত্ৰখনত এইবুলিও উল্লেখ কৰে, আজিৰ পৰা মই কেৱল মোৰ গৃহ জিলা কামৰূপৰ অন্তৰ্গত ৰঙিয়া আৰু হাজো বিধানসভা সমষ্টিত দলৰ এগৰাকী সাধাৰণ সদস্য হিচাপে দলীয় কাম কাজসমূহ কৰি যাম আৰু তাতো যদি দলৰ সভাপতি হিচাপে আপোনাৰ কিবা অসুবিধা আছে নতুবা কামৰূপ জিলা খনৰ অন্তৰ্গত সমষ্টি সমূহত আপুনি কিবা বেলেগ চিন্তা ধাৰাৰে আগবাঢ়িব বিচাৰিছে বুলি মই অনুভৱ কৰোঁ তেনেহলে মই দলৰ সদস্য পদৰ পৰাও পদত্যাগ কৰিবলৈ বাধ্য হম৷

Leave A Reply

Your email address will not be published.