ashomiyapatrika.com

কর্মসংস্কৃতিৰ ধাৰণাৰে অসম জাতীয় বিদ্যালয়ত ‘লাচিত দিৱস’ উদযাপন

0 33

গুৱাহাটীঃ ৰাজ্যৰ অন্যান্য প্রান্তৰ লগতে অসম জাতীয় বিদ্যালয়তো আজি ‘লাচিত দিবস’ উদযাপন কৰা হয়। দিনৰ ২ বজাৰ পৰা আয়োজন কৰা এই অনুষ্ঠানৰ আৰম্ভণিতে অসম জাতীয় বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দিলীপ কুমাৰ দত্ত চৌধুৰীয়ে বীৰ লাচিতৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্রজ্বলন আৰু শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। বিদ্যালয়ৰ অধ্যক্ষ ঘনশ্যাম মেধিয়ে আদৰণী ভাষণত শিক্ষার্থীসকলক লাচিতৰ আদর্শেৰে অনুপ্রাণিত হৈ নিজ কর্তব্যত হেলা নকৰিবলৈ আহ্বান জনায়। দ্বাদশ শ্রেণীৰ কলা শাখাৰ শিক্ষার্থী ৰাখীমণি কাশ্যপে দিৱসৰ তাৎপৰ্য্য ব্যাখ্যা কৰে। বিদ্যালয়ৰ শৈক্ষিক বিষয়া ৰোহিণী কুমাৰ গোস্বামীয়ে লাচিত বৰফুকনৰ দেশপ্রেম সম্পর্কে

এটি সাৰুৱা ভাষণ আগবঢ়ায়। ভাষণ প্রসংগত তেওঁ বীৰ লাচিতৰ সাহস, কর্তব্যনিষ্ঠা তথা দেশপ্রেমৰ কথা বর্ণনা কৰি বিদ্যালয়ৰ শিক্ষাৰ্থীসকলকো নিজৰ ভাষা, সংস্কৃতিৰ প্রতি দায়বদ্ধতাৰে কর্ম কৰি যাবলৈ আহ্বান জনায়। অনুষ্ঠানটোত বিদ্যালয়ৰ একাংশ শিক্ষার্থীয়ে দেশপ্রেমমূলক নৃত্য-গীত-বক্তৃতা পৰিবেশন কৰে। উল্লেখযোগ্য যে অসম জাতীয় বিদ্যালয়ত ‘লাচিত দিবস’ৰ দিনা বিদ্যালয় বন্ধ ৰখাৰ সলনি সম্পূর্ণ শ্রেণী অনুষ্ঠিত হয়। সম্পূর্ণ শ্রেণী অনুষ্ঠিত হোৱাৰ পাছত অতিৰিক্ত সময় লৈ এই দিৱস উদযাপন কৰা হয়। শিক্ষার্থীসকলক লাচিতৰ কৰ্তব্যনিষ্ঠা তথা কর্মসংস্কৃতিৰ ধাৰণাৰে উদ্বুদ্ধ কৰিবৰ বাবে এনে পদক্ষেপ গ্রহণ কৰা হয়। আজিৰ

অনুষ্ঠানটোত ষষ্ঠ শ্রেণীৰ পৰা একাদশ শ্রেণীৰ শিক্ষার্থী উপস্থিত থাকে। ইংৰাজী বিভাগৰ শিক্ষয়িত্রী পল্লবী দত্তই শলাগৰ শৰাই আগবঢ়োৱাৰ পাছত জাতীয় সংগীত পৰিবেশনেৰে অনুষ্ঠানৰ সামৰণি পৰে। আজিৰ অনুষ্ঠানটোৰ আঁত ধৰে নৱম শ্ৰেণীৰ শিক্ষার্থী সপ্তাৰ্থ বৰদলৈ আৰু ভূমিষ্ঠা শর্মাই। লাচিত দিৱসৰ আহ্বায়িকাৰ দায়িত্বত আছিলা হন্দী বিভাগৰ শিক্ষয়িত্রী সুনীতা বৰুৱা।

Leave A Reply

Your email address will not be published.