ashomiyapatrika.com

কেন্দ্ৰৰ বি জে পি চৰকাৰৰ জনবিৰোধী নীতি পৰিৱৰ্তনৰ দাবীত ২৬ নৱেম্বৰত শ্ৰমিক-কৃষকৰ ৰাজভৱন অভিযান

0 27

গুৱাহাটীঃ দেশৰ ৰাজহুৱা সম্পদ ৰক্ষা কৰা, শ্ৰমিক- কৃষকৰ অধিকাৰ ৰক্ষা কৰা তথা বি জে পি চৰকাৰৰ জনবিৰোধী নীতিবোৰ পৰিৱৰ্তন কৰাৰ দাবী জনাই অহা ২৬ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন, কৰ্মচাৰী সংগঠন আৰু সংযুক্ত কৃষক মৰ্চাৰ যৌথ আহ্বানত সমগ্ৰ দেশতে ৰাজ্যই ৰাজ্যই ৰাজভৱন অভিযান সংগঠিত কৰা হ’ব। এই তথ্য সদৰি কৰিছে অসমত কৰ্মৰত কেন্দ্ৰীয় ট্ৰেড ইউনিয়নসমূহ আৰু কৃষক সংগঠনসমূহৰ নেতৃবৃন্দই। শ্ৰমিক নেতা তপন শৰ্মা, ৰমেন দাস, হিৰণ্য বৰা, পংকজ কুমাৰ দাস, মিহিৰ নন্দী, প্ৰমোদ ভাগৱতী আৰু কৃষক নেতা টিকেন দাস, জয়ন্ত গগৈ, শিশিৰ কাকতী তথা কৃষি শ্ৰমিক ইউনিয়নৰ নেতা নয়ন

ভূঞাই এক যৌথ বিবৃতিযোগে জনাইছে যে অসমত ২৬ নৱেম্বৰৰ দিনা গুৱাহাটীত ওচৰ-পাজৰৰ ৰৰখন জিলাৰ শ্ৰমিক-কৃষকে স্থানীয় মেঘদূত ভৱনৰ সন্মুখত সমৱেত হৈ ৰাজ্যপালৰ ওচৰলৈ সমদল কৰি যাব। তাতে মহামহিম ৰাজ্যপালৰ ওচৰত বৰ্তমান পৰিস্থিতিত মহামহিম ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিচাৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰিব। বিবৃতিত আৰু উল্লেখ কৰিছে যে চৰকাৰৰ স্বঘোষিত অমৃত কালত দেশৰ সংবিধান তথা গণতন্ত্ৰ আজি বিপদৰ মুখত, আনহাতে এই অমৃত অৱস্থাতেই আমাৰ দেশৰ শ্ৰমজীৱী আৰু কৃষিজীৱী ৰাইজে নিজৰ জীৱন-জীৱিকাত প্ৰমাদ গণি আছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ অভূতপূৰ্ব দাম বৃদ্ধি, বৰ্দ্ধিত নিবনুৱা সমস্যা, কৃষি

পথাৰৰ দুৰাৱস্থা, ব্যাপক হাৰত কৃষক উে২৬দ সৰ্বোপৰি অন্যায়ৰ বিৰুদ্ধে মাত মাতিব নোৱাৰা অৱস্থাত সৰ্বসাধাৰণ ৰাইজে অমৃতৰ সলনি দৈনন্দিন জীৱনত অতি কঠোৰ আৰু কঠিন পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হৈছে। চৰকাৰে ঐতিহাসিক কৃষক আন্দোলনৰ সন্মুখত শেও মানি কৃষক বিৰোধী কৃষি আইন তিনিখন প্ৰয়োগৰ পৰা বিৰত থাকিল যদিও আন্দোলনকাৰী কৃষকক দিয়া অন্যান্য প্ৰতিশ্ৰুতিবোৰ আজিলৈকে কাৰ্যকৰী নকৰিলে। একেদৰে কৃষি ভূমিৰ পৰা কৃষক উে২৬দ কৰি বৃহৎ ব্যৱসায়ীক ভূমি হস্তান্তৰ কৰা কাম চলি থাকিল। আনহাতে দীৰ্ঘদিনৰ সংগ্ৰামৰ বিনিময়ত অৰ্জন কৰা শ্ৰমিক কল্যাণ আইনবোৰ একোখন সংহিতালৈ ৰূপান্তৰ কৰি শ্ৰমিকৰ

সকলো অধিকাৰ ক্ৰমান্বয়ে কৰ্তন কৰাৰ নিষ্ঠুৰ ষড়যন্ত্ৰত লিপ্ত হৈছে কেন্দ্ৰৰ বি জে পি চৰকাৰ। এই চৰকাৰখনে যি কাম কৰিছে সেয়া কেৱল দেশৰ পুঁজিপতি আৰু বৃহৎ ব্যৱসায়ী গোষ্ঠীৰ স্বাৰ্থত। ফলত দেশত আয়ৰ বিৰাট বৈষম্য সৃষ্টি হৈছে। সম্পদশালী দহ শতাংশ লোকৰ হাতত দেশৰ মুঠ আয়ৰ ৭২ শতাংশ কুক্ষিগত হৈছে। বিপৰীতে ৫০ শতাংশ সাধাৰণ ৰাইজৰ ওচৰত দেশৰ মুঠ আয়ৰ মাত্ৰ তিনি শতাংশহে আহে। অসমৰ অৱস্থা তাতকৈও চিন্তনীয়। চৰকাৰী তথ্য মতেই ১৭ লাখ নিবনুৱাই অসমত ভিৰ কৰি আছে। লক্ষ লক্ষ শ্ৰমিক অসমত আজি আইনগত ভাৱে প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত। অঙ্গনৱাড়ী কম¹-সহায়িকা, আশা কম¹ আৰু ৰন্ধন কৰ্মচাৰীসহ প্ৰায় তিনি লাখ মহিলা

কৰ্মচাৰীয়ে অসমত কোনো মজুৰি নাপালে। আজিৰ সময়তো অসমৰ ১২ লাখ চাহ শ্ৰমিকে আইন অনুসৰি মজুৰি নাপালে। শ্ৰম আইনক বুঢ়া আঙুলি দেখুৱাই বৃহৎ ঠিকাদাৰ বাহিনীয়ে অসমৰ প্ৰায় ১৭ লাখ ঠিকাশ্ৰমিকক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছে। শ্ৰমিক সংগঠনসমূহে বিভিন্ন সময়ত এই দিশত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছে যদিও অসম চৰকাৰ নিৰ্বিকাৰ। সেয়েহে বি জে পি চৰকাৰৰ জনসাধাৰণৰ প্ৰতি দায়িত্বহীনতাৰ প্ৰতিবাদত অহা ২৬ নৱেম্বৰত বিক্ষোভ সংগঠিত কৰা হ’ব। গুৱাহাটীৰ উপৰিও সিদিনা তিনিখন জিলাৰ শ্ৰমিক-কৃষক মিলি – শিলচৰত, ৯ খন জিলাৰ শ্ৰমিক-কৃষক মিলিত হ’ব– ডিব্ৰুগড়ত, পাঁচখন জিলা মিলিত হ’ব –

বঙাইগাঁওত আৰু তিনিখন জিলাই – তেজপুৰত মিলিত হৈ ৰাজভৱন অভিযানলৈ সংহতি জ্ঞাপন কৰি সমদল কৰিব আৰু জিলা আয়ুক্তৰ মাধ্যমত স্মাৰক পত্ৰ প্ৰেৰণ কৰিব। কাৰ্যসূচী সৰ্বতোপ্ৰকাৰে সফল কৰি তুলিবলৈ অসমৰ সৰ্বস্তৰৰ জনগণৰ লগতে ছাত্ৰ, যুৱ, মহিলা সংগঠনসমূহৰ প্ৰতি কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন, কৰ্মচাৰী সংগঠন আৰু সংযুক্ত কৃষক মৰ্চাৰ নেতৃবৃন্দই আহ্বান জনাইছে।

Leave A Reply

Your email address will not be published.