অসমীয়া প্ৰতিদিনৰ কৰ্মতৰত সাংবাদিক দিলীপ শৰ্মাৰ অকাল বিয়োগ
গুৱাহাটীঃ অসমীয়া প্ৰতিদিন কাকতৰ কৰ্মৰত সাংবাদিক দিলীপ শৰ্মাৰ আজি বিয়লি ৫:২০ বজাত অকাল বিয়োগ হয়। ১৯৯৯ চনত অসমীয়া প্ৰতিদিনত আৰ্হি পাঠক হিচাপে যোগদান কৰি নিষ্ঠা আৰু সততাৰে নিজ কৰ্তব্য কৰি যোৱা দিলীপ শৰ্মাই যোৱা ২০২২ চনৰ ছেপ্টেম্বৰৰ পৰা শাৰীৰিক অসুস্থতাত ভুগি আছিল যদিও চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা তেওঁ দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হোৱা বুলি নিশ্চিত হয় আৰু তাৰ পিচতে চিকিৎসাধীন হয়। চিকিৎসাধীন অৱস্থাতেই আজি তেওঁ গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত বিয়লি শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৪৯ বছৰ। হাঁহিমুখীয়া আৰু সৰবৰহী দিলীপ শৰ্মা ছয়গাঁৱৰ
নিকটৱৰ্তী চণ্ডিকা নোৱাপাৰাৰ চিদানন্দ শৰ্মা আৰু গিৰিবালা দেৱীৰ তৃতীয় সন্তান আছিল। মৃত্যুৰ সময়ত তেওঁ পিতৃ-মাতৃ, জ্যেষ্ঠ ভাতৃ-ভগ্নী, বৌৱেক, পৰিবাৰ, একমাত্ৰ কন্যাসহ অনেক ইষ্ট-কুটুম্বক ইহ সংসাৰত এৰি যায়। তেওঁৰ মৃত্যুত জন্মস্থান ছয়গাঁৱৰ লগতে কৰ্মস্থান অসমীয়া প্ৰতিদিন পৰিয়ালতো গভীৰ শোকৰ ছাঁ পৰে। দিলীপ শৰ্মাৰ মৃতদেহ আজি সন্ধিয়া চিকিৎসালয়ৰ পৰা লৈ গৈ নিশা ছয়গাঁৱতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব।
গুৱাহাটী প্ৰেছ ক্লাবৰ শোক প্ৰকাশঃ অসমীয়া প্ৰতিদিন কাকতৰ কৰ্মৰত সাংবাদিক দিলীপ শৰ্মাৰ আজি বিয়লি অকাল বিয়োগ ঘটে৷ তেখেতৰ বিয়োগত গুৱাহাটী প্ৰেছ ক্লাবে গভীৰ শোক প্ৰকাশ কৰে আৰু পৰিয়ালৰ শোকৰ
সমভাগী হৈ সমবেদনা জ্ঞাপন কৰে৷ এটা বিবৃতিত গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি সুস্মিতা গোস্বামী আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে কয় যে ১৯৯৯ চনত অসমীয়া প্ৰতিদিনত আৰ্হি পাঠক হিচাপে যোগদান কৰি নিষ্ঠা আৰু সততাৰে নিজ কৰ্তব্য কৰি যোৱা দিলীপ শৰ্মাই যোৱা ২০২২ চনৰ ছেপ্টেম্বৰৰ পৰা শাৰীৰিক অসুস্থতাত ভুগি আছিল যদিও চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা তেওঁ দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হোৱা বুলি নিশ্চিত হয় আৰু তাৰ পিচতে চিকিৎসাধীন হয়। চিকিৎসাধীন অৱস্থাতেই আজি তেওঁ গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত বিয়লি শেষ নিশ্বাস ত্যাগ কৰে।