কামৰূপ জিলা সাহিত্য সভাৰ গ্ৰাম্য পদাৰ্পন যাত্ৰা শুভাৰম্ভ বামুণীগাওঁত
বকোঃ ‘চিৰ চেনেহী মোৰ ভাষা জননী’ শীৰ্ষক বাণীৰে অসম সাহিত্য সভাৰ নিৰ্দেশত কামৰূপ জিলা সাহিত্য সভাই শুভাৰম্ভ কৰিছে গ্ৰাম্য পদাৰ্পন যাত্ৰা। সেই উপলক্ষে আজি কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি ডঃ নৃপেন্দ্ৰ নাথ তালুকদাৰৰ নেতৃত্বত জিলা সাহিত্য সভাৰ কেৱাজনো বিষয় ববীয়া উপস্থিত হয় বামুণীগাওঁত। উল্লেখ্য যে জিলা সাহিত্য সভাই পলাশবাৰী সাহিত্য সভাৰ সহযোগত বামুণীগাঁও শাখা সাহিত্য সভাৰ উদ্যোগত আজিৰে পৰা আৰম্ভ কৰিছে গ্ৰাম্য পদাৰ্পন যাত্ৰা নামৰ এক কাৰ্য্যসুচী। ইফালে বকো আৰক্ষী থানাৰ অন্তৰ্গত বামুণীগাঁওত সাহিত্য আৰু গ্ৰন্থৰ প্ৰতি গঞা ৰাইজৰ ৰুচি বঢ়োৱাৰ মানসেৰে আৰু নতুন প্ৰজন্মৰ মাজত গ্ৰন্থ আৰু
সাহিত্য সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কামৰূপ জিলা সাহিত্য সভা আৰু পলাশবাৰী সাহিত্য সভাৰ সহযোগত বামুণীগাঁও শাখা সাহিত্য সভাৰ বিষয় ববীয়াৰ সহযোগত আৰম্ভ কৰে গ্ৰাম্য পদাৰ্পন যাত্ৰা। ইফালে অহা ১৫,১৬,১৭ ডিচেম্বৰত বামুণীগাঁওত অনুষ্ঠিত হ’ব তিনিদিনীয়াকৈ গ্ৰন্থ মেলা। গঞা সমাজত সাহিত্যৰ ৰুচি বঢ়াবৰ বাবে এয়া প্ৰচেষ্টাৰ এখোজ বুলি উল্লেখ কৰে কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি ড° নৃপেন্দ্ৰ নাথ তালুকদাৰে। জিলা সাহিত্য সভাৰ সভাপতি আৰু কোষাধ্যক্ষ দীলিপ ঠাকুৰীয়াৰ উপস্থিতিত পলাশবাৰী সাহিত্য সভাৰ সম্পাদক ৰবিন কুমাৰ দাস আৰু সাহিত্য বিভাগৰ সম্পাদক ৰঞ্জিত কুমাৰ চৌধুৰীৰ সহযোগত গ্ৰাম্য
পদাৰ্পন যাত্ৰা আৰম্ভ কৰে বুলি জনায় বামুণীগাঁও শাখা সাহিত্য সভাৰ সভাপতি বিনয় বড়ো আৰু সম্পাদক ভাৰ্গৱ কলিতাই৷ ইফালে বামুণী গাঁও অঞ্চলৰ মুঠ পাছ টা পঞ্চায়তৰ এলেকাত সাহিত্য সভাৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে আলোচনা কৰিবলৈ গ্ৰাম্য পদাৰ্পন যাত্ৰা আৰম্ভ কৰিছে বুলি জানিব দিয়ে প্ৰাক্তন সম্পাদক ক্ষীৰোদ কলিতাই।