ashomiyapatrika.com

বামুণীগাঁওৰ স্বাস্থ্য সেৱা উৎসৱ (২) সমাপনঃ সামৰণি অনুষ্ঠানত বিধায়ক ৰেকিবুদ্দিন আহমেদে বিচাৰে ৰাইজৰ সঁহাৰি

0 35

বকোঃ সম্প্ৰতি ৰাজ্যত চৌদিশে চলিছে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ স্বাস্থ্য সেৱা উৎসৱ। এই স্বাস্থ্য সেৱা উৎসৱৰ অংশ হিচাপে আজি কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ বনগাঁওতস্থিত আদৰ্শ চিকিৎস্যালয়ত আয়োজন কৰা হৈছে স্বাস্থ্য সেৱা উৎসৱৰ। বহু সংখ্যক চিকিৎস্যকৰ উপস্থিতিত বহু কেইজন ভিন্ন ৰোগৰ ৰোগীক প্ৰাথমিক চিকিৎস্যা কৰা হয়। স্বাস্থ্য সেৱা উৎসৱৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে বিধায়ক ৰেকিবুদ্দিন আহমেদ। উল্লেখ্য যে বকো আৰক্ষী থানাৰ অন্তৰ্গত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়, বামুণীগাঁৱত আয়োজন কৰা হৈছিল স্বাস্থ্য সেৱা উৎসৱ। চিকিৎসালয়ত উপস্থিত হৈ বিধায়ক গৰাকীয়ে চিকিৎসালয়ৰ চৌহদ পৰিদৰৰ্শন কৰি

চিকিৎসালয়ৰ সুবিধা – অসুবিধা সমূহৰ বুজ লয়৷ চিকিৎসালয়ৰ জাক জমকতাৰ লগতে সমূহ কৰ্তব্যৰত কৰ্মী সকলোৰ ব্যৱহাৰত মুগ্ধ হয় বিধায়ক গৰাকী। উল্লেখ্য যে উক্ত চিকিৎসালয়ত চলি আছে স্বাস্থ্য সেৱা উৎসৱ (২) ২০২৩ ৰ কাৰ্য্যসূচী। উক্ত উৎসৱৰ সামৰণিৰ দিনত বিধায়ক গৰাকীয়ে গছ পুলি ৰোপন কৰি সেউজী পৰিৱেশৰ বাবে সহযোগীতাৰ কামনা কৰে৷ লগতে উক্ত চিকিৎসালয়খনৰ কাম কাজবোৰত যেন স্থানীয় লোক সকলে সঘনে নজৰ দি এক আদৰ্শৰ সৃষ্টি কৰে তাৰ বাবে আহ্বান জনায়।

Leave A Reply

Your email address will not be published.