বাসুগাঁৱত দিনজোৰা কাৰ্যসূচীৰে ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু হীৰক জয়ন্তী উদযাপন অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী
কাজলগাঁওঃ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস সমগ্ৰ ৰাজ্যতে হীৰক জয়ন্তী হিচাপে পালন কৰা হৈছে। বৃহস্পতিবাৰে চিৰাং জিলাৰ বাসুগাঁৱত অৱস্থিত ৮২১ নম্বৰ ৰামকৃষ্ণ আশ্ৰম প্ৰাথমিক বিদ্যালয় চৌহদত কাজলগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত হীৰক জয়ন্তী কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্যসূচী অনুসৰি পুৱা ১০ বজাত মহকুমা সন্মিলনীৰ সভাপতি কেশৱ বাহাদুৰ ছেত্ৰীয়ে পতাকা উত্তোলন কৰে। এই উপলক্ষে সন্থাৰৰ উপদেষ্টা ৰঞ্জিত আদিত্যই অনুষ্ঠানৰ সকলো কাৰ্যসূচী আৰু সহভাগী কৰ্মীসকলক আদৰণি জনায়। দিনৰ ১২ বজাত কাৰ্যকৰী সভাপতি মহিবুল হকৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত সমিতিৰ সাধাৰণ সম্পাদক
প্ৰাণ সূত্ৰধৰে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। মহকুমা সন্মিলনীৰ উপদেষ্টা অজিত শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত সভাত উপদেষ্টাদ্বয় চন্দ্ৰ মোহন পাটগিৰি আৰু ৰঞ্জিত আদিত্যই অনুষ্ঠিত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিষ্ঠাৰ উদ্দেশ্য, লক্ষ্য আৰু কৰ্মনীতি আৰু সন্মিলনৰ ভূমিকা সম্পৰ্কে আলোচনা কৰি শিক্ষকৰ বিভিন্ন সমস্যাৰ ওপৰত আলোকপাত কৰে৷ সন্থাৰ অধীনস্থ শতাধিক শিক্ষকৰ উপস্থিতিত অনুষ্ঠিত উক্ত সভাত স্থানীয় বিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে সাংস্কৃতিক নৃত্য গীত পৰিৱেশন কৰে।