শিল্পী ঋষি কপিল খাওন্দ সোঁৱৰণী ন্যাসৰ ২০২৩ বৰ্ষৰ শিল্পী বঁটা চিত্ৰশিল্পী চন্দন চুতীয়াক প্ৰদান
গুৱাহাটীঃ শিল্পী ঋষি কপিল খাউণ্ড ন্যাসৰ উদ্যোগত ২০১৪ চনৰ পৰা প্ৰচাৰ বিমুখ, একক প্ৰচেষ্টাৰে, নিৰব সাধনাৰে অসাধাৰণ প্ৰতিভাশালী চিত্ৰ তথা ভাস্কৰ্য শিল্পী সকলক প্ৰদান কৰি অহা ‘ঋষি কপিল খাওন্দ সোঁৱৰণী বঁটা ২০২৩’ আজি গুৱাহাটীৰ উজানবজাৰস্হিত বিবেকানন্দ কেন্দ্ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হয়। এইবেলি এই বঁটা লাভ কৰে ব্যতিক্ৰমী চিত্ৰ শিল্পৰে সুকীয়া চিনাকি দাঙি ধৰিবলৈ সক্ষম হোৱা অসমৰ বৰেণ্য চিত্ৰ শিল্পী চন্দন চুতীয়াক। এই বঁটাত আছে মানপত্ৰ, স্মাৰক, চেলেং চাদৰ, ফুলৰ থোপা আৰু ২৫ হাজাৰ টকা। বিশেষ প্ৰতিভাধৰ শিল্পী চন্দন চুতীয়াক এই বঁটা প্ৰদান কৰে অসম সাহিত্য সভাৰ
প্ৰাক্তন সভাপতি, সাহিত্য অকাডেমি বঁটাৰে বিভূষিত সু সাহিত্যিক, ডাঃ ধ্ৰুৱজ্যোতি বৰাই৷ সভাৰ আৰম্ভণিতে সংগীত কানন গুৱাহাটীৰ শিল্পী সকলে কৰুণাধৰ শৰ্মাৰ পৰিচালনাৰে এটি বৰগীত পৰিবেশন কৰে। তাৰ পিছতেই ন্যাসৰ সভাপতি অৰ্পনা খাউণ্ডে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আৰু সমূহ অভ্যাগতক আদৰণি জনায়। ন্যাসৰ উপদেষ্টা ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া স্বপ্ননীল বৰুৱাই সভাত উপস্থিত থাকি মনোজ্ঞ ভাষণ প্ৰদান কৰে। অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি গুৱাহাটী স্হিত ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ ডিজাইন বিভাগৰ অধ্যাপক ড° উৎপল বৰুৱাই সাৰুৱা ভাষণ প্ৰদান কৰে। বঁটা প্ৰদান কৰি দিয়া ভাষণত মুখ্য
অতিথি ডাঃ ধ্ৰুৱজ্যোতি বৰাই ঋষি কপিল খাউণ্ড ন্যাসৰ এই মহান পদক্ষেপৰ শলাগ লয়। বঁটা লাভ কৰি শিল্পী চন্দন চুতীয়াই ন্যাসৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰি সকলোকে ধন্যবাদ জ্ঞাপন কৰে।অনাতাঁৰ শিল্পী তথা ঘোষক প্ৰাঞ্জল শৰ্মাই আঁত ধৰা সভাখনত জেষ্ঠ সাংবাদিক, অসমবাণী কাকতৰ সম্পাদক দিলীপ চন্দনে অৰ্পনা খাওন্দ ৰচিত নাটকৰ সংকলন “চতুৰংগ” উন্মোচন কৰে। ইতিপূৰ্বে এই বঁটা লাভ কৰা শিল্পী সকল হৈছে ভাস্কৰ্য শিল্পী ৰঞ্জিত বৰপূজাৰী, বোৱনী শিল্পী হেমপ্ৰভা চুটীয়া, কহাৰ শিল্পী মহেশ্বৰ ডেকা, মুখা তথা চিত্ৰ শিল্পৰ মুকবধিৰ শিল্পী গৌতম ভূঞা, ভাস্কৰ্য শিল্পী ফুলেশ্বৰ ডেকা, প্ৰয়াত চিত্ৰ শিল্পী হোমাৰ্নব বৰা, ভাস্কৰ্য্য শিল্পী শ্যামকানু বৰা আৰু পৰেশ দাস।