ashomiyapatrika.com

শুৰপোক আৰু হাতীৰ উপদ্ৰবৰ মাজতে আঘোনৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত ৰাণীৰ চহা কৃষক

0 34

গুৱাহাটীঃ আঘোন মাহ অহাৰ লগে লগেই সোনোৱালী হৈছে পথাৰ। সোনগুটিৰে সোনোৱালি হৈ পৰা আঘোনৰ পথাৰত চহা কৃষক-দাৱনীৰ সীমাহীন ব্যস্ততা। কিন্তু ৰাজ্যৰ আন বহু অঞ্চলৰ দৰে পশ্চিম গুৱাহাটীৰ শালি ধানৰ খেতিৰ বাবে বিখ্যাত বৃহত্তৰ ৰাণী অঞ্চলত প্ৰথম বাৰৰ বাবে আবিৰ্ভাৱ হৈছে শুৰপোক। শুৰপোকৰ সমান্তৰাভাৱে ভাবে পূৰ্বৰে পৰা আছে বনৰীয়া হাতীৰ উপদ্রব। ফলত ৰাণীৰ বহু অঞ্চলত ধান ভালকৈ নপকতেই কৃষক ৰাইজে পথাৰত ধান কটিবলৈ বাধ্য হৈছে। সাধাৰণতে ৰাণী অঞ্চলত ধান খেতি চপোৱাৰ সময়ত হাতীৰ উপদ্ৰৱ নতুন কথা নহয় যদিও শুৰপোকৰ আক্ৰমণৰ বাবে বহু কৃষকে আঘোণ মাহ আৰম্ভ নহওতেই আধা পকা ধান কাটিবলৈ

বাধ্য হৈছে। তাৰ মাজতো ৰাণীৰ কৃষক সকল এতিয়া ব্যস্ত হেঁপাহৰ খেতিডৰা চপোৱাত। এই সন্দৰ্ভত দীপৰ বিলৰ কাষৰীয়া দেউচতালৰ বাসিন্দা তথা ৰাণীৰ আন্ধেৰীজুলি অঞ্চলত শালি ধানৰ খেতি কৰি অহা আদৰ্শ কৃষক বলেশ্বৰ ৰংপী, বিক্ৰমপুৰৰ যুৱ কৃষক জোন ৰাভা, পুৰাণ শুকুৰবৰীয়াৰ দীনেশ নাথ, মৈৰাপুৰৰ ৰমেশ দাসকে ধৰি কেবাজনো কৃষকে জানিবলৈ দিয়া মতে সাধাৰণতে ৰাণীৰ খেতি পথাৰত আঘোণ মাহ আৰম্ভ হোৱাৰ পাছতেই ধান কটা পৰ্ব আৰম্ভ হয়। এইবাৰ শুৰপোকৰ আক্ৰমণৰ বাবে বাধ্যত পৰি কিছু আগতীয়াকৈ কাটিব লগা হৈছে । যাৰ বাবে পথাৰত এতিয়া সকলো ব্যস্ত সপোনৰ সোনগুটি চপোৱাত। গীত, নৃত্য, আনন্দ – উল্লাহৰ মাজত কাঁচীৰ

কেচ কেচ শব্দই এতিয়া মুখৰিত কৰিছে আঘোনৰ পথাৰ। সপোনৰ সোনগুটিৰে সোনোৱালী হৈ পৰা পথাৰখনিত লখিমীক আদৰি অনাৰ বাবে ব্যক্ত দাৱনী তথা চহা কৃষক সকল। শুৰপোকে আক্ৰমণ নকৰা হলে বিগত বৰ্ষৰ তুলনাত এইবাৰ শষ্য উৎপাদন যথেষ্ঠ পৰিমানে ভাল হৈছিল বুলি জনাইছে একাংশ কৃষকে। তথাপিও কৃষকে চাৰি – পাঁচ মাহ পূৰ্বে ৰদ – বৰষুণক নেওচিও কপালৰ ঘাম মাটিত পেলাই অতি কষ্টৰে কৰা খেতিডৰা চপাই কৃষক ৰাইজ আনন্দিত হোৱা বুলি বলেশ্বৰ ৰংপী, আদৰ্শ ৰোৱনী হিচাপে পৰিচিত তথা আজাৰা গাওঁ পঞ্চায়তৰ সভানেত্ৰী কবিতা বড়ো ৰংপী, ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মনকে ধৰি কৃষি – কৰ্মৰ লগত জৰিত একাংশ কৃষকে।

Leave A Reply

Your email address will not be published.