ashomiyapatrika.com

জাগ্ৰত প্ৰহৰী, অসমৰ উদ্যোগত ৰাজ্যিক ভিত্তিক আলোচনাচক্ৰ

0 28

গুৱাহাটীঃ জাগ্ৰত প্ৰহৰী অসমৰ উদ্যোগত শনিবাৰে অসম সাহিত্য সভা ভৱনত হোৱা ৰাজ্যিক ভিত্তিক আলোচনাচক্ৰত কেইবাজনো চিন্তাবিদে অংশগ্রহণ কৰে। আলোচনাচক্ৰৰ আৰম্ভণিতে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, প্ৰবীণ সাংবাদিক কনক সেন ডেকাক গায়ন-বায়নেৰে আদৰি অনা হয় আৰু তেওঁ বন্তি প্রজ্বলনেৰে আলোচনাচক্ৰৰ শুভাৰম্ভ কৰে। অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ তথা জাগ্রত প্ৰহৰী অসমৰ উপদেষ্টা পৃথ্বি মাঝিয়ে শ্বহিদ বেদীত শ্রদ্ধাঞ্জলি অৰ্পণ কৰে। জাগ্ৰত প্ৰহৰী, অসমৰ সভাপতি ৰমেণ বৰঠাকুৰে প্রতীকি পতাকা উত্তোলন কৰে। আলোচনাচক্ৰ সঞ্চালনা কৰে বিশিষ্ট শিক্ষাবিদ তথা জাগ্ৰত প্ৰহৰীৰ উপদেষ্টা ড° দয়ানন্দ

পাঠকে। আলোচনাৰ মূল সমল ব্যক্তি অধ্যাপক জয়দীপ বৰুৱা আৰু বিশিষ্ট চিন্তাবিদ, লেখক ময়ুৰ বৰাই আলোচনাৰ বিষয়বস্তু ‘সাম্প্ৰতিক অসমৰ অৰ্থনৈতিক স্থিতি আৰু নৱপ্ৰজন্মৰ ভৱিষ্যত’ সম্পৰ্কে তত্ত্বগধুৰ বক্তৃতা দাঙি ধৰে। অসম বিধান সভাৰ বিৰোধী দলৰ উপ- দলপতি তথা ভাৰতীয় জাতীয় কংগ্ৰেছ অসমৰ বিধায়ক ৰকিবুল হুছেইনে অসমৰ বৰ্তমান অর্থনৈতিক ব্যৱস্থাটোৰ ওপৰত এক স্পষ্ট দিকনির্ণায়ক ভাষণ প্ৰদান কৰে। তদুপৰি শ্রমিক নেতা তথা অসম জাতীয় পৰিষদৰ উপ-সভাপতি ইজৰাইল নন্দ, জনতা দল ইউনাইটেডৰ মুখপাত্র কাজি নেকিব আহমেদ, অসম প্রদেশ কংগ্ৰেছৰ সম-অধ্যক্ষ, মেহদি আলম বৰা, কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ

ইউনিয়নৰ সাধাৰণ সম্পাদক জাবেদ আখটাৰ, ৰুণা লেইলা, কার্তিক হাজৰিকা আৰু ড° অশ্বিনি কুমাৰ মহন্ত আদি বিশিষ্ট ব্যক্তিসকলে ভাষণ প্ৰদান কৰে। আলোচনাত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সেই অনুসৰি সাম্প্ৰতিক অসমৰ অৰ্থনৈতিক যি সংকত নামি আহিছে তাৰ পৰিত্ৰান বিচাৰি আজি আলোচনাৰ বিষয়বস্তু ‘সাম্প্ৰতিক অসমৰ অৰ্থনৈতিক স্থিতি আৰু নৱপ্ৰজন্মৰ ভৱিষ্যত’ শীৰ্ষক জিলাই জিলাই আলোচনাচক্ৰৰ আয়োজন কৰি ৰাইজক অৱগত কৰা, অসম চৰকাৰে হিতাধিকাৰীৰ সৃষ্টি কৰি অসমৰ অৰ্থনৈতিক অৱস্থাৰ যি ধ্বংস মাতি আনিছে তাক সংশোধন কৰি ৰাজহমুখী ব্যৱস্থা প্ৰণয়নৰ পোষকতা কৰা, জনপ্রিয় আঁচনি এম জি এনৰেগা বন্ধ হোৱাৰ ফলত

যি গ্ৰাম্য অৰ্থনৈতিক ভাৰসাম্যতাৰ সৃষ্টি হৈছে তাক নিবাৰণ কৰাটো খুব প্রয়োজনবোধ বুলি বিবেচিত কৰা, অসমীয়া জনসাধাৰণৰ অৰ্থনীতিৰ ওপৰত সজাগতাৰ অভাৱ গতিকে জাগ্ৰত প্ৰহৰী অসমে অর্থনৈতিক সজাগতৰ উদ্দেশ্যে বিভিন্ন কাৰ্য্যসূচী ভৱিষ্যতে ৰূপায়ণ কৰা আৰু চৰকাৰে লোৱা ঋণ কেনেকৈ সুতে-মূলে ঘূৰাই দিব সেই বিষয়ে ৰাইজক বিশদভাৱে অৱগত কৰিব লাগে, যাতে দহ বছৰৰ পিছত নৱ- প্ৰজন্মই এই ধাৰৰ বোজা বহন কৰিব লগা নহয় তাৰ বাবে দাবী জনোৱা হয়।

Leave A Reply

Your email address will not be published.