ashomiyapatrika.com

পদ্মশ্ৰী ড° ৰোমান শৰ্মাৰ ইংৰাজী প্ৰবন্ধ গ্ৰন্থ ‘টেৰোৰিজ্ম পাব্লিক ও’পেনিয়ন এণ্ড মোৰেলিটি ইন ল’ উন্মোচন

0 38

গুৱাহাটীঃ ‘ৰাজ ভৱন’ত অসমৰ ৰাজ্যপাল গুলাৱ চান্দ কাটাৰিয়াই আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা, বিশিষ্ট লেখক, পদ্মশ্ৰী প্ৰাপক ড° ৰোমান শৰ্মাৰ ইংৰাজী প্ৰবন্ধ গ্ৰন্থ ‘টেৰোৰিজ্ম পাব্লিক ও’পেনিয়ন এণ্ড মোৰেলিটি ইন ল’ খন শুভ উন্মোচন কৰে। ৰাজ্যপাল কাটাৰিয়াই গ্ৰন্থ উন্মোচন কৰি কয়- ‘সাম্প্ৰতিক সময়ৰ বিশ্বৰ জ্বলন্ত সমস্যাৰ লগতে সন্ত্ৰাসবাদ, জনমত আৰু আইনত নৈতিকতা বিষয়ৰ এখন উল্লেখনীয় গ্ৰন্থ বুলি ক’ব পাৰি৷’ ৰাজ্যপাল কাটাৰিয়াই আৰু কয়- ‘অসম এখন শান্তিপ্ৰিয় ৰাজ্য৷ পাহাৰ, নদীবোৰে লেখকক সৃষ্টিৰ সমল

যোগায়। লেখক সকলোৱে হ’ব নোৱাৰে৷ অসমৰ লেখক-লেখিকাৰ সৃষ্টিৰাজি বহু উন্নতমানৰ৷’ গ্ৰন্থৰ লেখক ড° ৰোমান শৰ্মাই আঁত ধৰা অনুষ্ঠানত গীতিকাৰ তথা নাট্যকাৰ কীৰ্তিকমল ভূঞা, বিশ্ব হিন্দু পৰিষদৰ উত্তৰ পূৱ প্ৰান্তৰ প্ৰান্তিয় অধিকাৰী অৰূপ জ্যোতি গোস্বামী, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য দীপক শৰ্মা, গীতিকাৰ মালা শৰ্মাই অংশ গ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.