কাৰ্বি আংলঙত ক্ৰমাৎ শক্তিশালী কংগ্ৰেছঃ ডিফুত ৯ দল-সংগঠনৰ সৈতে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ বৈঠক
গুৱাহাটীঃ সাধাৰণ নিৰ্বাচনলৈ দিন চমু চপাৰ লগে লগে দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমৰো পাহাৰ-ভৈয়াম সৰ্বত্ৰে এতিয়া কংগ্ৰেছৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ পৰিছে ৰাইজ তথা বিভিন্ন দল-সংগঠন। আনকি বৰ্তমান শাসনত থকা বিজেপি দলৰো বহু নেতা-কৰ্মীয়ে কংগ্ৰেছত যোগ দিবলৈ যো-জা চলাইছে। কংগ্ৰেছৰ প্ৰতি শেহতীয়াকৈ অসমত উৎসুকতা বৃদ্ধি পোৱাৰ সময়তে পাহাৰীয়া জিলা পূব কাৰ্বি আংলঙতো দলটোৰ ভিতৰত ব্যাপক তৎপৰতা দেখা গৈছে। অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি, নিবনুৱা সমস্যাকে ধৰি একাধিক সমস্যাত জৰ্জৰিত হৈ জিলাখনৰ ৰাইজে এতিয়া এনে সমস্যাসমূহৰ পৰা পৰিত্ৰাণ বিচাৰি বিজেপিৰ পৰিৱৰ্তে কংগ্ৰেছৰ প্ৰতি
অধিক আগ্ৰহী হৈ পৰিছে। ইয়াৰ মাজতে শনিবাৰে ডিফুত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সৈতে এক বৈঠকত মিলিত হয় জিলাখনৰ ৯টাকৈ দল-সংগঠন। এই দল-সংগঠন কেইটাৰ নেতৃবৃন্দই বিজেপি চৰকাৰে জাপি দিয়া সমস্যাসমূহৰ পৰা জনতাক মুক্ত কৰিবলৈ কংগ্ৰেছৰ সৈতে ঐক্যৱদ্ধভাৱে কিদৰে যুঁজ দিব পৰা যায় সেই বিষয়ে আলোচনাত মিলিত হয়। এই সংগঠনকেইটা হৈছে জইণ্ট কোঅৰ্ডিনেশ্যন কমিটি ফৰ প্ৰটেকশ্যন অব অটোনমি (JCCPA), জইণ্ট কমিটি ফৰ অটোনমাছ ষ্টেট ((JACAS), কাৰ্বি নেশ্যনেলিষ্ট যুথ কাউন্সিল (KNYC), কাৰ্বি আংলং ইনড’জিনিয়াছ য়ুথ এছ’চিয়েশ্যন (KAIYA), কাৰ্বি ফাৰ্মাৰ্ছ এছ’চিয়েশ্যন (KFA), কাৰ্বি ষ্টুডেণ্টছ এণ্ড য়ুথ কাউন্সিল
(KSYC), হিলছ ট্ৰাইবেল লীগ (HTL), কাৰ্বি ষ্টুডেণ্টছ এছ’চিয়েশ্যন (KSA) আৰু কাৰ্বি আংলং য়ুথ এছ’টিয়েশ্যন (KAYA)। বৈঠকত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰা, প্ৰাক্তন বিধায়িকা তথা কাৰ্বি আংল জিলাৰ তত্বাৱধায়ক ৰ’জলীনা তিৰ্কি, এপিচিচিৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্য, কামৰূপ গ্ৰাম্য জিলা কংগ্ৰেছৰ সভাপতি কংকণ দাস, এপিচিচিৰ সম্পাদক পল্লৱজ্যেতি চেতিয়া, জিণ্টু হাজৰিকা, ৰেহান উদ্দিন আৰু পূব কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি ছুম ৰংহাঙেও অংশগ্ৰহণ কৰে। আজিৰ এই বৈঠকে পাহাৰীয়া জিলাখনত অনাগত দিনত কংগ্ৰেছৰ ভেটি অধিক শক্তিশালী কৰি তুলিব বুলি আশা ব্যক্ত কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই।