প্ৰধানমন্ত্ৰী সামুদ্ৰিক অমৃতকাল দৃষ্টিভংগীৰ সফলতাৰে ভাৰতে বিশ্বৰ সামুদ্ৰিক খণ্ডক নেতৃত্ব দিয়াৰ লক্ষ্য ৰাখিছেঃ সৰ্বানন্দ সোণোৱাল
ৰূপান্তৰমুখী ভাৰতৰ বন্দৰসমূহ বিশ্বৰ শীৰ্ষ ২৫টা বন্দৰৰ ভিতৰত থাকিব
নতুন দিল্লীঃ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নতুন দিল্লীত এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকৰ আয়োজন কৰে য’ত মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকলে আলোচনাত অংশগ্ৰহণ কৰে। ২০৪৭ চনৰ ভিতৰত ভাৰতক বিশ্বৰ আগশাৰীৰ সামুদ্ৰিক প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ‘প্ৰধানমন্ত্ৰী সামুদ্ৰিক অমৃতকাল ভিজন’ৰ দ্ৰুত আৰু মসৃণ ৰূপায়ণৰ দিশত এক ব্যাপক দৃষ্টিভংগী নিৰ্ধাৰণ কৰিবলৈ বৈঠকখন অনুষ্ঠিত কৰা হৈছিল। মন্ত্ৰালয়ৰ মুখ্য কাৰ্যসূচীসমূহৰ ভিতৰত ফ্লেগশ্বিপ কাৰ্যসূচী সাগৰমালাৰ লগতে অন্যান্য পদক্ষেপসমূহৰ আজি বিতংভাৱে পৰ্যালোচনা কৰে কেন্দ্ৰীয়
মন্ত্ৰীগৰাকীয়ে। বৈঠকত ১ ট্ৰিলিয়ন টকাৰ বিনিয়োগ ব্যয়ৰ ১৬২টা প্ৰকল্পৰ অগ্ৰগতিৰ বিষয়েও আলোচনা কৰা হয়। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীদ্বয় শ্ৰীপদ নায়েক আৰু শান্তনু ঠাকুৰৰ উপৰি মুখ্য ভাৰতীয় বন্দৰ, বিভিন্ন পিএছইউ-ৰ শীৰ্ষ বিষয়াসকলৰ লগতে মন্ত্ৰালয়ৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলে এই আলোচনাত অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “সামুদ্ৰিক খণ্ডৰ আগশাৰীৰ প্ৰাণকেন্দ্ৰ হোৱাৰ দিশত ভাৰতে এক অতি গুৰুত্বপূৰ্ণ পৰ্যায়ত উপনীত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত ঠিক এমাহ পূৰ্বে মুম্বাইত অনুষ্ঠিত হোৱা বিশ্ব সামুদ্ৰিক ভাৰত সন্মিলনত সামুদ্ৰিক অমৃতকাল ভিজন,
২০৪৭ৰ শুভাৰম্ভ কৰা হৈছিল। এই ভিজন হৈছে ভাৰতৰ বন্দৰসমূহক সবল ৰূপ প্ৰদান কৰা, জাহাজ খণ্ডক শক্তিশালী কৰা আৰু সামুদ্ৰিক খণ্ডত ভাৰতক বিশ্বশক্তিলৈ পৰিণত কৰাৰ লক্ষ্যৰে জলপথসমূহক পুনৰুজ্জীৱিত কৰাৰ দিশত মোদীৰ শক্তিশালী দৃষ্টিভংগীৰ এক বহিঃপ্ৰকাশ। আমি আমাৰ মুখ্য বন্দৰসমূহক বিশ্বৰ শীৰ্ষ ২৫টা বন্দৰত অন্তৰ্ভুক্ত কৰিবলৈ কাম কৰি আছোঁ।২০২৩ চনৰ মে’ মাহত ‘চিন্তন শিবিৰ’ৰ সময়ত ঘোষণা কৰা ‘পঞ্চকৰ্ম সংকল্প’ৰ অধীনত হোৱা সামগ্ৰিক প্ৰগতিৰ পৰ্যালোচনা কৰাৰ সুযোগ মুকলি কৰে আজিৰ বৈঠকখনে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে কয়, শেহতীয়া বিশ্ব সামুদ্ৰিক ভাৰত সন্মিলনত আমি ১০
ট্ৰিলিয়ন টকাৰ বিনিয়োগপূৰ্ণ ৩৬০ খন বুজাবুজিৰ চুক্তি সফলতাৰে সম্পন্ন কৰিছোঁ আৰু এতিয়া ইয়াৰ দ্ৰুত আৰু মসৃণ কাৰ্যকৰীকৰণত গুৰুত্ব দিছোঁ। মেৰিটাইম ইণ্ডিয়া ভিজন ২০৩০ৰ লগতে সামুদ্ৰিক অমৃতকাল ভিজন ২০৪৭ৰ অগ্ৰগতিৰ সময়মতে পৰ্যালোচনা কৰিছোঁ। ‘পঞ্চকৰ্ম সংকল্প’ৰ পাছত আমি কোচিন শ্বিপয়াৰ্ডত ‘মেক ইন ইণ্ডিয়া’ গ্ৰীণ টাগ নিৰ্মাণৰ দিশত ওচৰ চাপিছোঁ, যিয়ে ৰপ্তানিৰ এক নতুন সুযোগ মুকলি কৰিব। তদুপৰি, ৯৭০ কোটি টকাৰে এক আন্তঃৰাষ্ট্ৰীয় জাহাজ মেৰামতি সুবিধা কেন্দ্ৰও নিৰ্মাণ কৰি থকা হৈছে।