ashomiyapatrika.com

মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱ আলি আঃয়ে লৃগাঙৰ চৰকাৰী বন্ধৰ নামত অসম কেবিনেটে ঘোষণা কৰা মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত দহখন জিলাৰ বন্ধ নামানে মিচিং সমাজে

0 26

আমাক দহখন জিলাৰ বন্ধ নালাগে, ৰাজ্যিক বন্ধ লাগিবই

গুৱাহাটীঃ মিচিং জনগোষ্ঠীৰ জাতীয় উৎসব আলি-আঃয়ে লৃগাং উপলক্ষে ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ লোকসকলে ৰাজ্যিক ভিত্তিত বন্ধ দিয়াৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ সময়তে যোৱা কালি অসম কেবিনেটে মিচিং স্বায়ত্ব পৰিষদৰ অন্তৰ্গত দহখন জিলাত চৰকাৰী বন্ধ দিয়া হ’ব বুলি ঘোষণা কৰাৰ লগে লগে পুনৰ জাঙুৰ খাই উঠিছে মিচিং জনগোষ্ঠীৰ ৰাইজ। আজি কাকতলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিত মিচিং জনগোষ্ঠীৰ সচেতন ৰাইজ, গুৱাহাটীৰ প্ৰতিনিধি আকাশ দলে, বীৰেন দলে, চিলাৰাণী কুটুম, গায়ত্ৰী বৰি আৰু পৃথ্বিৰাজ দলে কয় যে ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ ৰাইজে আজি প্ৰায় চাৰি-পাঁচ দশক ধৰি আমাৰ আবেগ, হিয়াৰ আমঠু,

আয়ুসৰেখা সদৃশ জাতীয় উৎসৱ আলি আঃয়ে লৃগাঙৰ দিনা অৰ্থাৎ ফাগুন মাহৰ প্ৰথম বুধবাৰে ৰাজ্যিক বন্ধ দিয়াৰ দৰীত প্ৰতিবাদ কৰি থকাৰ পাছতো যোৱা কালি অসম কেবিনেটে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত দহখন জিলা ক্ৰমে- ধেমাজি, লখিমপুৰ, মাজুলী, বিশ্বনাথ, শোণিতপুৰ, গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়াত চৰকাৰী বন্ধ ঘোষণা কৰাতো অত্যন্ত দুর্ভাগ্যজনক। শেহতীয়াকৈ মিচিং জনগোষ্ঠীৰ লোকসকলে আলি আঃয়ে লৃগাঙত ৰাজ্যিক বন্ধ দিব লাগে বুলি পুনৰ প্ৰতিবাদমুখৰ হৈ পৰাত মিচিং জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আলি আঃয়ে লৃগাঙত ৰাজ্যিক বন্ধ দিয়াৰ ক্ষেত্ৰত অসম

চৰকাৰৰ কেবিনেটে এটা শুভ সিদ্ধান্ত ল’ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল। যোৱাকালি ১৬ নৱেম্বৰৰ অসম কেবিনেটে মিচিং জনগোষ্ঠীৰ আলি-আঃয়ে লৃগাঙ্ক লৈ এটা ভাল খবৰ আহিব বুলি মিচিং জনগোষ্ঠীৰ ৰাইজে বহু আশা কৰি আছিল যদিও সেই আশাত চেঁচাপানী ঢালিলে অসম কেবিনেটৰ সিদ্ধান্তই। কেবিনেটৰ এই সিদ্ধান্তই প্ৰমাণ কৰে যে বর্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখন খিলঞ্জীয়া বিৰোধী। ভূমিপুত্ৰ মিচিংসকলৰ ৰীতি-নীতি, পৰম্পৰা, কৃষ্টি-সংস্কৃতি প্ৰচাৰ-প্ৰসাৰ হোৱাটো নিবিচাৰে বিজেপি চৰকাৰে। মিচিংসকলৰ কৃষ্টি-সংস্কৃতি মিচিং অধ্যুষিক অঞ্চলতে সীমাবদ্ধ হৈ থকাটোহে কামনা কৰে মুখ্যমন্ত্ৰী

হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী ৰণোজ পেগুৱে। আজি অসম চৰকাৰে গ্ৰহণ কৰা সেই সিদ্ধান্তই মিচিং জাতিক বহু পিছুৱাই নিবলৈ যত্ন কৰা হৈছে কিন্তু আমি মিচিং জনগোষ্ঠীৰ ৰাইজে এনে মিচিং বিৰোধী স্থিতি কেতিয়াও মানি নলও। যিটো সময়ত আজি চৰকাৰে ষ্ট পূজা, ভাতৃ দ্বিতীয়া আদি উৎসৱত চৰকাৰী ৰাজ্যিক বন্ধ ঘোষণা কৰিছে সেই একেটা সময়তে অসমৰ ভূমিপুত্ৰ দ্বিতীয় জনসংখ্যাৰ জনজাতি মিচিংসকলক প্ৰতাৰণা কৰিছে জাতীয় উৎসৱ আলি আঃয়ে লৃগাঙত ৰাজ্যিক বন্ধ ঘোষণা নকৰি। আমি কেবল মিচিং জনগোষ্ঠীৰ লোকসকলৰ বাবে এই বন্ধ বিচৰা নাই। সমগ্ৰ অসমবাসী ৰাইজে ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ পৰম্পৰা, ৰীতি- নীতি,

আচাৰ-ব্যৱহাৰ, কৃষ্টি-সংস্কৃতি প্রচার-প্রসাৰত অংশীদাৰ হোৱাৰ সুযোগৰ বাবে এক বহল দৃষ্টিভংগীৰে আমি ৰাজ্যিক বন্ধৰ দাবী কৰিছো। বিজেপি চৰকাৰৰ মিচিং বিরোধী এই সিদ্ধান্তৰ বাবে চৰকাৰখনে ভূগিব লাগিব। মিচিং জনগোষ্ঠীৰ সচেতন লোকৰ নেতৃত্বত আমাৰ জাতীয় উৎসব আলি আঃয়ে লৃগাঙত ৰাজ্যিক বন্ধৰ দাবীত ব্যাপক গণ আন্দোলন গঢ়ি তোলা হ’ব। চৰকাৰক কেতিয়াও শাস্তিত থাকিবলৈ দিয়া নহ’ব বুলি সকীয়াই দিয়ে মিচিং জনগোষ্ঠীৰ সচেতন ৰাইজৰ নেতৃবৰ্গই। শেষত দহখন জিলাৰ চৰকাৰী বন্ধৰ বিৰুদ্ধে আৰু ৰাজ্যিক বন্ধৰ দাবীত সকলো ৰাইজক প্ৰতিবাদ কৰিবলৈ অহ্বান জনায় আকাশ দলেয়ে।

Leave A Reply

Your email address will not be published.